‘বন্দে মাতৰম’ৰ অপমান কৰিলে এতিয়াৰে পৰা হ’ব জে’ল!

আটাইতকৈ চৰ্চিত বিধেয়কখন হৈছে বন্দে মাতৰম বিল, যাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে

অহা ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে । ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চিত বিধেয়কখন হৈছে ‘বন্দে মাতৰম’ বিল, যাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে । এই প্ৰস্তাৱিত আইনখনৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱা বা বজোৱাৰ সময়ত যিকোনো ধৰণৰ অপমান বা বাধা সৃষ্টি কৰা কাৰ্য্যক এক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা ।

তিনি বছৰ পৰ্যন্ত হ’ব পাৰে কাৰাদণ্ড:

জানিব পৰা মতে ‘ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ (সংশোধনী) বিধেয়ক’ ৰ অধীনত যদি কোনো ব্যক্তি এই অপৰাধত দোষী সাব্যস্ত হয়, তেন্তে তেওঁ নতুন আইনৰ অধীনত তিনি বছৰলৈকে কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব । উল্লেখনীয় যে, এই শাস্তি ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ক অপমান কৰিলে পোৱা শাস্তিৰ সৈতে সমপৰ্যায়ৰ হ’ব । ইতিপূৰ্বে চৰকাৰে সকলো চৰকাৰী কাৰ্যসূচীত বাধ্যতামূলকভাৱে ‘বন্দে মাতৰম’ গোৱা আৰু বজোৱাৰ বাবে ৰাজ্যসমূহক নীতি-নিৰ্দেশনা জাৰি কৰিছিল আৰু এতিয়া এই অধিবেশনত ইয়াক এক পূৰ্ণাংগ আইনী ৰূপ দিয়া হ’ব ।

কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে এই বিধেয়কখনত অনুমোদন জনাইছে । এতিয়া ৰাজ্যসভাৰ কাৰ্যসূচীত বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত হোৱাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক সদনত উত্থাপন কৰিব । সংসদৰ উভয় সদনতে এই বিধেয়কখন গৃহীত হ’লে ‘বন্দে মাতৰম’ৰ অপমান এক ফৌজদাৰী অপৰাধ হিচাপে পৰিগণিত হ’ব । ইয়াৰ ফলত ‘বন্দে মাতৰম’ গীতটিয়ে ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ দৰেই একে আইনী সুৰক্ষা লাভ কৰিব ।

লগতে পঢ়ক : কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিব দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

চৰকাৰী কাৰ্যসূচীত বাধ্যতামূলক হ’ল ‘বন্দে মাতৰম’; কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনা

‘বন্দে মাতৰম’ সন্দৰ্ভত চৰকাৰে নতুন নিয়ম জাৰি কৰিছে । এতিয়া পৰা বিশেষ চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম গোৱা বা বজোৱা বাধ্যতামূলক হ’ব।

‘বন্দে মাতৰম’ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নতুন চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে। ২০২৬ চনৰ ২৮ জানুৱাৰীত জাৰি কৰা আনুষ্ঠানিক চৰকাৰী আদেশৰ জৰিয়তে এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰা হৈছে।

ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় সংগীত গায়ন আৰু পৰিবেশনৰ বাবে স্পষ্ট প্ৰট’কল নিৰ্ধাৰণ কৰা,যিটো ইতিমধ্যে জাতীয় সংগীতৰ বাবে নিৰ্ধাৰিত হৈ আছে।

নতুন গাইডলাইন অনুসৰি,যদি কোনো চৰকাৰী অনুষ্ঠানত ‘বন্দে মাতৰম’ গোৱা বা বজোৱা হয়, তেন্তে ইয়াৰ সম্পূৰ্ণ ছটা পদ (৬টা স্তৱক)ক অগ্ৰাধিকাৰ দিয়া হ’ব। এতিয়ালৈকে প্ৰথম দুটা পদহে গোৱা হৈছিল, কিন্তু নতুন নিৰ্দেশনাত মূল সম্প্ৰসাৰিত ৰূপটোক স্বীকৃতি দিয়া হৈছে।

এতিয়া বিশেষ চৰকাৰী অনুষ্ঠানত বন্দে মাতৰমৰ চৰকাৰী ছয়টা স্তৱক গোৱা বা বজোৱা বাধ্যতামূলক হ’ব।ইয়াৰ সময়সীমা ৩ মিনিট ১০ ছেকেণ্ড নিৰ্ধাৰণ কৰা হৈছে।

যদি কোনো অনুষ্ঠানত ‘বন্দে মাতৰম’ আৰু ‘জন গণ মন’ দুয়োটা গোৱা হয়, তেন্তে প্ৰথমে ‘বন্দে মাতৰম’ আৰু তাৰ পিছত জাতীয় সংগীত ‘জন গণ মন’ উপস্থাপন কৰা হ’ব।

সন্মান আৰু সৌজন্যতাৰ বিষয় হিচাপেও নিৰ্দেশ দিয়া হৈছে (প্ৰট’কল) যে বন্দে মাতৰম গোৱা বা বজোৱাৰ সময়ত উপস্থিত থকা লোকসকলে সন্মানেৰে থিয় দিব লাগিব,ঠিক যেনেকৈ আমি জাতীয় সংগীতৰ সময়ত থিয় দিওঁ।

এই নিৰ্দেশনাসমূহ মূলতঃ চৰকাৰী অনুষ্ঠান, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান, শিক্ষানুষ্ঠানৰ চৰকাৰী কাৰ্যসূচী আৰু চৰকাৰী প্ৰট’কল থকা অন্যান্য অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

লগতে পঢ়ক: আজিৰে পৰা আৰম্ভ হ’ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম; ১২০০ মৌলানাই কৰিব কোৰান পাঠ

অপাৰেচন সিন্দুৰ, বন্দে মাতৰম… গণৰাজ্য দিৱসত বিশ্বই দেখিলে ভাৰতৰ শক্তি

কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন । প্ৰায় ৯০ মিনিট ধৰি এই পেৰেড চলিছিল আৰু প্ৰতিটো মুহূৰ্ত আছিল অনন্য ।

ভাৰতে দিল্লীৰ কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে । প্ৰায় ৯০ মিনিট ধৰি এই পেৰেড চলিছিল আৰু প্ৰতিটো মুহূৰ্ত আছিল অনন্য । এই পেৰেডত দেশৰ সামৰিক শক্তি, সাংস্কৃতিক বৈচিত্ৰ্য আৰু অগ্ৰগতি প্ৰদৰ্শন কৰা হয় ।

পেৰেডত গুৰুত্ব : ‘বন্দে মাতৰম’

এইবাৰ এই পেৰেডত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ইয়াত দুটা ডাঙৰ মন্ত্ৰ আছিল :

স্বাধীনতাৰ মন্ত্ৰঃ বন্দে মাতৰম–  দেশৰ স্বাধীনতা সংগ্ৰাম আৰু সংবিধানৰ মনোভাৱক চিত্ৰিত কৰিছিল ।

সমৃদ্ধিৰ মন্ত্ৰঃ আত্মনিৰ্ভৰ ভাৰত–  থলুৱা অস্ত্ৰ-শস্ত্ৰ, প্ৰযুক্তি আৰু প্ৰগতিৰ কাহিনী ।

পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই পেৰেডত ১০০ গৰাকী শিল্পীয়ে “বিবিধতাত একতা”ৰ ওপৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । চাৰিখন এমআই-১৭ হেলিকপ্টাৰে এই সময়তে কৰ্তব্য পথত পুষ্প বৰ্ষণ কৰে ।

পেৰেডত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে গ্ৰহণ কৰিলে অভিবাদন-

মুখ্য অতিথি, ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে এখন বাগীত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । এইবাৰৰ গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে দুগৰাকী মুখ্য অতিথি উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক আদৰণি জনায়, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, লগতে উপস্থিত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে ।

অপাৰেচন সিন্দুৰ আছিল পেৰেডৰ মূল আকৰ্ষণ-

২০২৫ চনৰ মে’ মাহত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰ চলাইছিল । ইয়াৰ ভিতৰত আছিল পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ যৌথ আক্ৰমণ, যিটো ত্ৰি-সেৱা (সেনা, নৌসেনা আৰু বায়ুসেনা)ৰ টেবুলত প্ৰদৰ্শিত হৈছিল । পেৰেডত ব্ৰাক্ষ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, আকাশ এয়াৰ ডিফেন্স চিষ্টেম, এম আৰ এছ এ এম, আপাচি এ এইচ-৬৪ই হেলিকপ্টাৰ, প্ৰচণ্ড এল চি এইচ, ধনুশ কামান, এ টি এ জি এছ, এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম আৰু প্ৰথমবাৰৰ বাবে হাইপাৰছনিক গ্লাইড মিছাইলকে ধৰি অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰা হয় । শক্তি ড্ৰোন, গ্লেচিয়াৰ এটিভি, বুলেটপ্ৰুফ কুকুৰ, ৰেপ্টৰ (ঈগল), বেক্টৰিয়ান উটকে ধৰি কেইবাটাও জীৱ-জন্তুও প্ৰদৰ্শিত হয় ।

বায়ুসেনাই গঠন কৰিলে বিশেষ ‘সিন্দুৰ ফৰ্মেশ্যন’

এই ফৰ্মেশ্যনত মুঠ সাতখন যুঁজাৰু বিমান আছিল, য’ত আছিল দুখন ৰাফেল, দুখন চুখয়-৩০, দুখন মিগ-২৯ আৰু এখন জাগুৱাৰ । এই গঠন কেৱল আকাশী নহয়, আৱেগিক আৰু পৰম্পৰাগতও আছিল । ইয়াত ‘অপাৰেচন সিন্দুৰ’ৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল । ‘প্ৰহৰ ফৰ্মেচন’ত ধ্ৰুৱ হেলিকপ্টাৰে উত্তোলন কৰে ‘অপাৰেচন সিন্দুৰ’ৰ পতাকা । ৰাফেল, জাগুৱাৰ, মিগ-২৯, চুখোই, চি-২৯৫ ট্ৰান্সপৰ্ট, হেলিকপ্টাৰকে ধৰি মুঠ ২৯খন বিমানে ফ্লাইপাষ্ট কৰে ।

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত বিশেষ কি আছিল ?

-এইবাৰ এই পেৰেডত মুঠ ৬,০৬৫ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে, য’ত ২,৫০০ জন কলা-কুশলী আৰু ১০,০০০ বিশেষ আমন্ত্ৰিত ব্যক্তিও আছিল ।

-ৰাজপুত ৰেজিমেণ্ট, অসম ৰেজিমেণ্ট, জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰি, আৰ্টিলাৰী ৰেজিমেণ্ট, আৰু শিখ লাইট ইনফেণ্ট্ৰিকে ধৰি ১৮টা মাৰ্চিং কনটিঞ্জেণ্টে প্ৰদৰ্শন কৰে ।

-প্ৰথমবাৰৰ বাবে অগ্নিপথ বেণ্ডত যোগদান কৰিলে ৯ গৰাকী মহিলা অগ্নিবীৰে । ৭২ জন সদস্যৰে গঠিত বেণ্ডটোৱে “ছাউণ্ড বেৰিয়াৰ” সুৰ বজাইছিল ।

-প্ৰথমবাৰৰ বাবে ১৩টা সামৰিক বেণ্ড আৰু ইউৰোপীয় ইউনিয়নৰ সামৰিক দলে অংশগ্ৰহণ কৰে ।

-সেনাই প্ৰথমবাৰৰ বাবে লাইভ কম্বেট ডিছপ্লে প্ৰদৰ্শন কৰে ।

-ডাবল হাম্পড বেক্টৰিয়ান উট, এডভান্স চাৰ্ভিলেন্স কুকুৰ ইউনিট আৰু ৰেপ্টৰ আদিয়ে প্ৰথমবাৰৰ বাবে পেৰেডত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি

বন্দে মাতৰমৰ যাত্ৰাঃ ১৮৭৫ চনৰ এটা গীত কেনেকৈ হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় গীত

সমগ্ৰ দেশতে উদযাপন কৰা হৈছে বন্দে মাতৰমৰ ১৫০ সংখ্যক জয়ন্তী । জানক কেনেকৈ এই গীতটি ভাৰতৰ ৰাষ্ট্ৰীয় গীত হৈ পৰিল, জানক ?

দেশৰ ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হ’ল । আজি সংসদৰ দুয়োটা সদনত বন্দে মাতৰমৰ বিষয়ে আলোচনা হয় । আলোচনা আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণেৰে । ১৮৭৫ চনৰ ৭ নৱেম্বৰত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰা এই গীত ভাৰতীয় স্বাধীনতা আন্দোলনৰ আত্মা হৈ পৰে । এই গীত কেৱল কবিতা নহয়, ভাৰতৰ ঐক্য, ত্যাগ আৰু মাতৃভূমিৰ প্ৰতি অদম্য ভক্তিৰ প্ৰতীক । এই গীতটোৱে স্বাধীনতা সংগ্ৰামত লাখ লাখ দেশবাসীক শক্তিশালী কৰি তুলিছিল ।

১৮৭৫ চনত বংগদৰ্শন আলোচনীত এই গীত প্ৰথম প্ৰকাশ পায় । ১৮৮২ চনত বংকিম চন্দ্ৰৰ বিখ্যাত গ্ৰন্থ আনন্দমথত ইয়াক অন্তৰ্ভুক্ত কৰা হয় । ৰবীন্দ্ৰনাথ ঠাকুৰে গীতটো সংগীতৰ ৰূপত উপস্থাপন কৰে । ১৮৯৬ চনত কলিকতাত কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে গোৱা এই গীতটো ১৯০৫ চনৰ ৭ আগষ্টত বংগ বিভাজনৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহাৰ সময়ত ৰাজনৈতিক শ্লোগান হিচাপে ব্যৱহাৰ কৰা হৈছিল ।

কি হয় উপন্যাস “আনন্দমথ” ?

আনন্দমথ উপন্যাসত সন্ন্যাসীৰ এটা দলে “ভাৰতমা”ৰ সেৱাক নিজৰ ধৰ্ম বুলি গণ্য কৰে । তেওঁলোকৰ বাবে “বন্দে মাতৰম” কেৱল এটা গীত নহয়, বৰঞ্চ পূজাৰ প্ৰতীক । উপন্যাসখনত মাতৃৰ তিনিটা আকৃতিয়ে ভাৰতৰ তিনিটা দিশক প্ৰতিনিধিত্ব কৰে- অতীতৰ গৌৰৱময় মাতৃ, বৰ্তমানৰ দুখভোগী মাতৃ আৰু ভৱিষ্যতৰ পুনৰুত্থিত মাতৃ । অৰবিন্দ ঘোষে লিখিছে যে এই মা ভিক্ষাৰ বাটি নহয়, সত্তৰ কোটিৰ হাতত তৰোৱাল লৈ মাতৃ ভাৰত ।

কোন হয় বংকিম চন্দ্ৰ চেটাৰ্জী-

বাংকিম চন্দ্ৰ চেটাৰ্জী (১৮৩৮-১৮৯৪) এজন মহান বাংলা সাহিত্যিক আৰু চিন্তাবিদ আছিল । দুৰ্গেশ্বনন্দিনী, কপালকুণ্ডলা, দেৱী চৌধুৰাণী আদি ৰচনাৰ যোগেদি তেওঁ সমাজত আত্মসন্মান আৰু দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল । এই গীতৰ যোগেদি তেওঁ ভাৰতীয় জনসাধাৰণক মাতৃভূমিক পৰম দেৱী বুলি শিকাইছিল । পৰৱৰ্তী সময়ত তেওঁ ৰচনা কৰা এই গীতটি হৈ পৰিল আধুনিক ভাৰতীয় জাতীয়তাবাদৰ মতাদৰ্শগত ভেটি ।

‘বন্দে মাতৰম’ হৈ পৰিল প্ৰতিৰোধৰ গীত-

১৯০৫ চনৰ স্বদেশী আন্দোলনত এই গীত স্বাধীনতাৰ শ্লোগানলৈ পৰিণত হয় । কলকাতাৰ পৰা লাহোৰলৈকে সকলোৱে ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাই ৰাজপথলৈ ওলাই আহি ‘বন্দে মাতৰম’ ধ্বনি দিয়ে । বংগত এখন ‘বন্দে মাতৰম’ সমাজ গঠন হয়, ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে নেতাইও তাত যোগ দিয়ে । যেতিয়া ব্ৰিটিছ চৰকাৰে স্কুল-কলেজত এই গীতটো নিষিদ্ধ কৰিছিল, তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে গ্ৰেপ্তাৰ আৰু শাস্তিৰ ভয়কো আওকাণ কৰি গীতটো গাই আছিল । এই সময়ছোৱাত বন্দে মাতৰম প্ৰতিজন ভাৰতীয়ৰ হৃদয়ৰ কণ্ঠস্বৰ হৈ পৰিছিল ।

সংগ্ৰামীসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল এই গীতে-

১৯০৭ চনত যেতিয়া ভিককাজী কামাই প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ ষ্টুটগাৰ্টত ভাৰতীয় ত্ৰিৰংগ উত্তোলন কৰিছিল, তেতিয়া ইয়াত “বন্দে মাতৰম” বুলি লিখা আছিল । ইংলেণ্ডত ফাঁচী দিয়াৰ পূৰ্বে মদনলাল ধিংৰাৰ শেষ কথা আছিল “বন্দে মাতৰম”। দক্ষিণ আফ্ৰিকাত এই গীতটিৰে গোপাল কৃষ্ণ গোখলেক আদৰণি জনোৱা হৈছিল । বহিঃৰাষ্ট্ৰত বাস কৰা ভাৰতীয়সকলেও ইয়াক স্বাধীনতাৰ বাৰ্তা হিচাপে আকোৱালি লৈছিল । সেই সময়ত এই গীতটোৱে ভাৰতক দাসত্বৰ বান্ধোনৰ পৰা মুক্ত কৰিব বিচৰা প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত বাস কৰিছিল ।

কেনেকৈ হ’ল ৰাষ্ট্ৰীয় গীত-

১৯৫০ চনত সংবিধান সভাই সৰ্বসন্মতিক্ৰমে বন্দে মাতৰমক ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে ঘোষণা কৰে । তেতিয়াৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ঘোষণা কৰিছিল যে বন্দে মাতৰমে স্বাধীনতা সংগ্ৰামত ঐতিহাসিক ভূমিকা পালন কৰিছিল আৰু এই গীতক “জন গণ মন”ৰ দৰেই সন্মান দিয়া হ’ব । তেতিয়াৰ পৰাই এই গীতটো ৰাষ্ট্ৰীয় গৌৰৱ, ঐক্য, ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতীক হৈ পৰে ।

১৫০ বছৰ সম্পূৰ্ণ হোৱাত দেশজোৰা উদযাপন-

এইবাৰ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষতে বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে । দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান । ৭ নৱেম্বৰত সমগ্ৰ দেশতে বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় । এই উপলক্ষে ডাক টিকট, এটা স্মৃতি মুদ্ৰা আৰু বন্দে মতৰমৰ প্ৰতি উৎসৰ্গিত প্ৰদৰ্শনীও মুকলি কৰা হ’ব । অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনতো বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰা হ’ব ।

লগতে পঢ়ক : ‘বন্দে মাতৰমৰ প্ৰতি বিশ্বাসঘাতকতা,কংগ্ৰেছে কৰিছিল খণ্ড’; সংসদত মোদীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন

‘বন্দে মাতৰমৰ প্ৰতি বিশ্বাসঘাতকতা,কংগ্ৰেছে কৰিছিল খণ্ড’; সংসদত মোদীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন

‘বন্দে মাতৰমৰ প্ৰতি বিশ্বাসঘাতকতা,কংগ্ৰেছে কৰিছিল খণ্ড’; সংসদত মোদীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিতৰ্কৰ আৰম্ভণি কৰে।

বন্দে মাতৰমৰ সন্দৰ্ভত পুনৰবাৰ কংগ্ৰেছ পাৰ্টি আৰু জৱাহৰলাল নেহৰুক তীক্ষ্ণ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।বন্দে মাতৰমক লৈ সদনত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে মাতৰমৰ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত লোকসভাত এক বিশেষ আলোচনাৰ সূচনা কৰি কয়, ‘বন্দে মাতৰম আবৃত্তি কৰাটো আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা, আমি এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ আছো।’

‘বন্দে মাতৰম কেৱল ৰাজনৈতিক স্বাধীনতাৰ মন্ত্ৰ নহয়,ই ভাৰত মাতাৰ ঔপনিৱেশিকতাৰ অৱশিষ্টৰ পৰা মুক্ত কৰাৰ এক পবিত্ৰ যুদ্ধকণ্ঠ আছিল’।

তেওঁ কয় যে, কংগ্ৰেছে বন্দে মাতৰমক ফালি পেলালে।এইটোৱেই আছিল তেওঁলোকৰ তুষ্টিকৰণৰ ৰাজনীতি চলোৱাৰ ধৰণ।তুষ্টিকৰণ ৰাজনীতিৰ হেঁচাত কংগ্ৰেছে বন্দে মাতৰমৰ বিভাজনৰ আগত প্ৰণাম কৰিলে।সেইবাবেই এদিন কংগ্ৰেছে ভাৰত বিভাজনৰ সন্মুখত প্ৰণাম কৰিবলগীয়া হৈছিল।

তেওঁ আৰু কয়, ‘মহম্মদ আলী জিন্নাই ১৯৩৬ চনৰ ১৫ অক্টোবৰত লক্ষ্ণৌৰ পৰা বন্দে মাতৰমৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰিছিল’।

‘ইয়াৰ বাবেই তেতিয়াৰ কংগ্ৰেছৰ সভাপতি জৱাহৰলাল নেহৰুৱে তেওঁৰ সিংহাসন কঁপি থকা দেখিছিল।নেহৰুৱে মুছলিম লীগৰ ভিত্তিহীন বক্তব্যৰ উপযুক্ত উত্তৰ দিয়াৰ পৰিৱৰ্তে,তেওঁলোকে তেওঁক নিন্দা কৰিলেহেঁতেন, কিন্তু ঘটিল ইয়াৰ বিপৰীত।তেওঁ নিজেই বন্দে মাতৰমৰ তদন্ত কৰাৰ আৰম্ভ কৰিলে।’

কংগ্ৰেছ নেতাৰ ফালে চাই প্ৰধানমন্ত্ৰী মোদীয়ে সদনত কয়, ‘যেতিয়া বন্দে মাতৰমে ১০০ বছৰ সম্পূৰ্ণ কৰিছিল,তেতিয়া দেশখন জৰুৰীকালীন অৱস্থাৰ শিকলিৰে বান্ধিছিল। ভাৰতৰ সংবিধানখন ডিঙি চেপি হত্যা কৰা হৈছিল’।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, ‘জৰুৰীকালীন অৱস্থা আমাৰ ইতিহাসৰ এটা অন্ধকাৰ অধ্যায় আছিল।এতিয়া আমি বন্দে মাতৰমৰ মহত্ত্ব পুনৰুদ্ধাৰ কৰাৰ সুযোগ পাইছো।মোৰ বিশ্বাস এই সুযোগ হেৰুৱাব নালাগে।’

মুছলিম লীগৰ বিৰোধী আৰু এম.এ.জিন্নাৰ স্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,এই সন্দৰ্ভত জৱাহৰলাল নেহৰুৱে সুভাষ চন্দ্ৰ বসুৰ আগত উদ্বেগ প্ৰকাশ কৰিছিল।আনন্দমথে এই গীতটোক তীব্ৰ সমৰ্থন কৰাৰ পৰিৱৰ্তে মুছলমান আৱেগক আঘাত দিব পাৰে বুলি যুক্তি দিছিল।

তেওঁ লগতে কয়, ‘বন্দে মাতৰম’ কেৱল ৰাজনৈতিক যুঁজৰ মন্ত্ৰ নাছিল।ইংৰাজক যাবলৈ দিয়ক আৰু আমি নিজৰ পথত থিয় দিছো,বন্দে মাতৰম কেৱল ইয়াতে সীমাবদ্ধ নাছিল’।

‘এয়া আছিল স্বাধীনতাৰ যুঁজ, এই মাতৃভূমিক মুক্ত কৰাৰ যুদ্ধ।সেই শিকলিৰ পৰা ভাৰত মাতৃক মুক্ত কৰিবলৈ পবিত্ৰ যুদ্ধ আছিল’।

লগতে পঢ়ক: পুটিন উভতিল,, এতিয়া জেলেনস্কিৰ দিল্লী ভ্ৰমণৰ প্ৰস্তুতি…; কেতিয়া আহিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

সংসদত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ, সহমতত চৰকাৰ-বিৰোধী

শীতকালীন অধিৱেশনত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে সোমবাৰে লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী সন্দৰ্ভত চৰ্চা আৰু মঙলবাৰে নিৰ্বাচনী সংস্কাৰৰ সন্দৰ্ভত আলোচনা কৰা হ’ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠক আৰু ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । কিৰেন ৰিজিজুৱে এক্সত এটা পোষ্টযোগে কয়, ‘আজি লোকসভাৰ অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সময়ত ৮ ডিচেম্বৰ সোমবাৰে দিনৰ ১২ বজাৰ পৰা লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী সন্দৰ্ভত আৰু ৯ ডিচেম্বৰ মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।’

৮ ডিচেম্বৰত ‘বন্দে মাতৰম’ৰ ওপৰত আলোচনা-

ব্যৱসায়িক উপদেষ্টা পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে অহা ৮ ডিচেম্বৰত লোকসভাত ‘বন্দে মাতৰম’ সন্দৰ্ভত বিতং আলোচনা অনুষ্ঠিত হ’ব । ইয়াৰ বাবে দহ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে । এই ঐতিহাসিক বিতৰ্ক উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আশা কৰা হৈছে যে এই বিতৰ্কত আধুনিক ভাৰতত ৰাষ্ট্ৰীয় গীতৰ ইতিহাস, তাৎপৰ্য, ভূমিকা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

৯ আৰু ১০ ডিচেম্বৰত নিৰ্বাচনী সংস্কাৰৰ ওপৰত আলোচনা-

ইয়াৰ উপৰিও ৯ ডিচেম্বৰত নিৰ্বাচনী সংস্কাৰৰ ওপৰত ১০ ঘণ্টীয়া আলোচনা অনুষ্ঠিত হ’ব বুলিও সিদ্ধান্ত লোৱা হয় । চৰকাৰ আৰু বিৰোধী উভয়ে নিজৰ মতামত দাঙি ধৰিব । আলোচনাৰ সামৰণিৰ পিছতে ১০ ডিচেম্বৰত চৰকাৰৰ হৈ উত্তৰ দিব কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ।

কোনো বাধা নোহোৱাকৈ অধিবেশন চলোৱাত সহমতি-

১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত লোকসভাত কোনো বাধা নোহোৱাকৈ কাৰ্য্যবিধি চলাবলৈ সহমতত উপনীত হৈছে । অধ্যক্ষ ওম বিৰলাৰ চেম্বাৰত অনুষ্ঠিত নেতাসকলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে । বৈঠকৰ সময়ত কেইবাটাও দলে সদনৰ কাম-কাজ নিয়মীয়া কৰি ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰে আৰু গুৰুতৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : ‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা

সংসদত হ’ব বন্দে মাতৰমৰ চৰ্চা; প্ৰধানমন্ত্ৰী মোদীয়েও কৰিব অংশগ্ৰহণ

সংসদত হ’ব বন্দে মাতৰমৰ চৰ্চা

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সংসদৰ শীতকালীন অধিৱেশনত এক বিশেষ আলোচনা আয়োজন কৰা হ’ব । এই আলোচনা লোকসভাত বৃহস্পতিবাৰ বা শুকুৰবাৰে অনুষ্ঠিত হ’ব, যাৰ বাবে ১০ ঘণ্টাৰ সময় নিৰ্ধাৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰিব । এই আলোচনাত স্বাধীনতা সংগ্ৰামৰ এই প্ৰেৰণাদায়ক গীতটোৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ৰূপৰেখা দাঙি ধৰা হ’ব ।

৩০ নৱেম্বৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আহ্বান কৰা সৰ্বদলীয় বৈঠক আৰু লোকসভা আৰু ৰাজ্যসভাৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা হয় । শাসকীয় দলসমূহৰ সদস্যসকলে ৰাজ্যসভাত ইয়াৰ তীব্ৰ পোষকতা কৰিছিল । চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক আখ্যা দি সকলো দলকে ইয়াত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে । এন ডি এৰ সদস্যসকলে ৰাজ্যসভাতো বন্দে মাতৰম সন্দৰ্ভত আলোচনাৰ তীব্ৰ পোষকতা কৰে ।

১৯৫০ চনত ভাৰত গণৰাজ্যৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা ‘বন্দে মাতৰম’ ১৮৭০ চনত বাংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল । ১৮৮২ চনত প্ৰথম প্ৰকাশিত বংকিম চন্দ্ৰ চেটাৰ্জীৰ বাংলা উপন্যাস আনন্দমথৰ অংশ আছিল এই গীত । এই গীতটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে এক প্ৰধান প্ৰেৰণাৰ উৎস হৈ পৰিছিল । এই গীতটিৰ ৰচনাৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে বিশেষ স্মৃতিচাৰণ মুদ্ৰা আৰু ডাক টিকটো জাৰি কৰিছিল । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ‘বন্দে মাতৰম’ক স্বাধীনতা সংগ্ৰামৰ অমৰ ঐতিহ্য বুলি অভিহিত কৰি সকলোকে এই গীত গাবলৈ আহ্বান জনাইছে ।

লোকসভাৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত কংগ্ৰেছে SIR আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত বিতৰ্কৰ দাবী উত্থাপন কৰে যদিও চৰকাৰে বন্দে মাতৰামক অগ্ৰাধিকাৰ দিয়ে । তৃণমূল কংগ্ৰেছে লোকসভাত ‘বন্দে মাতৰম’ সন্দৰ্ভত বিশেষ আলোচনাক সমৰ্থন কৰে ।

লগতে পঢ়ক : নাগালেণ্ড প্ৰতিষ্ঠাৰ ৬৩ বছৰ… ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী মোদীকে ধৰি সমগ্ৰ দেশৰ অভিনন্দন