গণতন্ত্ৰ দিৱসে অতীত, বৰ্তমান আৰু ভৱিষ্যতক সংযোগ কৰে… দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

গণতন্ত্ৰ দিৱসে অতীত, বৰ্তমান আৰু ভৱিষ্যতক সংযোগ কৰে… দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে । তেওঁ কয় যে, আমাৰ সংবিধান বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ মূল গ্ৰন্থ । গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত দেওবাৰে বিয়লি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে । গণতন্ত্ৰ দিৱসৰ পবিত্ৰ উদযাপনে আমাক আমাৰ দেশৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে । তেওঁ কয় যে, আমাৰ সংবিধান বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ মূল গ্ৰন্থ ।

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত দেওবাৰে বিয়লি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে । গণতন্ত্ৰ দিৱসৰ পবিত্ৰ উদযাপনে আমাক আমাৰ দেশৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ অৱস্থা আৰু দিশৰ ওপৰত চিন্তা কৰাৰ সুযোগ প্ৰদান কৰে বুলি কয় ৰাষ্ট্ৰপতি মুৰ্মুৱে । তেওঁ কয় যে, ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা সংগ্ৰামৰ বলত আমাৰ দেশৰ ভাগ্য সলনি হৈছিল । ভাৰত স্বাধীন হ’ল আৰু আমি হৈ পৰিলোঁ আমাৰ ৰাষ্ট্ৰীয় নিয়তিৰ স্থপতি ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, “১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আমি আমাৰ গণৰাজ্যখনক সাংবিধানিক আদৰ্শৰ দিশত আগুৱাই নিবলৈ আৰম্ভ কৰো । আজিৰ দিনটোতে আমাৰ সংবিধান সম্পূৰ্ণ কাৰ্যকৰী হয় । গণতন্ত্ৰৰ মাতৃভূমি ভাৰত ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হ’ল আৰু আমাৰ গণতান্ত্ৰিক গণৰাজ্যৰ সৃষ্টি হ’ল ।”

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়-“আমাৰ সংবিধান বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ মূল গ্ৰন্থ । সংবিধানত সন্নিৱিষ্ট ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শই আমাৰ গণতন্ত্ৰৰ সংজ্ঞা দিয়ে । এই আদৰ্শসমূহেই হৈছে সংবিধানৰ প্ৰতিষ্ঠাপকসকলৰ আত্মা আৰু ৰাষ্ট্ৰৰ ঐক্যৰ শক্তিশালী ভেটি ।”

তেওঁ পুনৰ কয়- ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে ৰাষ্ট্ৰই । আজিও তেখেতৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ সৈতে জড়িত স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ আছে । এনে উদযাপনে দেশবাসীৰ মাজত ৰাষ্ট্ৰীয় ঐক্যৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়- উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ আমাৰ প্ৰাচীন সাংস্কৃতিক ঐক্যৰ বস্ত্ৰখন আমাৰ পূৰ্বপুৰুষসকলে বৈছিল । এই সাংস্কৃতিক ঐক্যই আমাৰ গণতন্ত্ৰক সজীৱ কৰি তুলিছে আৰু প্ৰতিজন ভাৰতীয়ক একত্ৰিত কৰি ৰাখিছে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে উল্লেখ কৰে যে যোৱা বছৰৰ ৭ নৱেম্বৰৰ পৰা আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ৰচনাৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে উদযাপন চলি আছে । ভাৰত মাতৃৰ মূৰ্ত ৰূপৰ গীতটিয়ে প্ৰতিজন ব্যক্তিৰ মনত দেশপ্ৰেমৰ জগাই তুলিছে ।

শেষত তেওঁ কয় যে, ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশবাসীয়ে স্মৰণ কৰিছিল । ২০২১ চনৰ পৰা নেতাজীৰ জন্ম বাৰ্ষিকী ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰি আহিছে যাতে দেশবাসীয়ে বিশেষকৈ যুৱক-যুৱতীসকলে তেওঁৰ অদম্য দেশপ্ৰেমৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে । নেতাজী সুভাষ চন্দ্ৰ বসুৰ “জয় হিন্দ” শ্লোগান আমাৰ ৰাষ্ট্ৰীয় গৌৰৱৰ ঘোষণা ।

লগতে পঢ়ক : ভোটদান এক ডাঙৰ দায়িত্বঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা