বাংলাদেশত পুনৰ হিন্দু হত্যা… ২৩ বছৰীয়া যুৱকক জীৱন্তে জ্বলালে দুৰ্বৃত্তই

বাংলাদেশত পুনৰ হিন্দু হত্যা… ২৩ বছৰীয়া যুৱকক জীৱন্তে জ্বলালে দুৰ্বৃত্তই

বাংলাদেশত পুনৰ হিন্দু হত্যাৰ এক নৃশংস ঘটনা পোহৰলৈ আহিছে । এই ঘটনাত এগৰাকী হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰে দুৰ্বৃত্তই । বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে হিংসাত্মক ঘটনা । শেহতীয়াকৈ দেশখনত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে সংঘটিত হোৱা আন এক গুৰুতৰ ঘটনা পোহৰলৈ

বাংলাদেশত পুনৰ হিন্দু হত্যাৰ এক নৃশংস ঘটনা পোহৰলৈ আহিছে । এই ঘটনাত এগৰাকী হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰে দুৰ্বৃত্তই ।

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে হিংসাত্মক ঘটনা । শেহতীয়াকৈ দেশখনত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে সংঘটিত হোৱা আন এক গুৰুতৰ ঘটনা পোহৰলৈ আহিছে । নৰসিংদি পুলিচ লাইনৰ গাতে লাগি থকা মছজিদ মাৰ্কেট এলেকাত এগৰাকী ২৩ বছৰীয়া হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চঞ্চল চন্দ্ৰ ভৌমিকক নাhttps://en.wikipedia.org/wiki/Bangladeshমৰ যুৱকজনক নৃশংসভাৱে এটা গেৰেজৰ ভিতৰত জীৱন্তে জ্বলাই দিয়া বুলি বাতৰিত প্ৰকাশ পাইছে ।

নিহত চঞ্চল চন্দ্ৰ ভৌমিক নামৰ যুৱকজন বাংলাদেশৰ কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ বাসিন্দা আছিল । কেইবাবছৰ ধৰি নৰসিংদিৰ এটা গেৰেজত কাম কৰি থকা যুৱকজন কৰ্মসূত্ৰে তাতেই বাস কৰিছিল । চঞ্চল আছিল দ্বিতীয় পুত্ৰ আৰু পৰিয়ালৰ একমাত্ৰ জীৱিকা ।

প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰৰ মতে, শুকুৰবাৰে গভীৰ নিশা চঞ্চল গেৰেজৰ ভিতৰত শুই থকাৰ সময়তে দোকানৰ বাহিৰৰ শ্বাটাৰত পেট্ৰল ঢালি জুই লগাই দিয়া হয় । লগে লগে জুইৰ লেলিহান শিখা সমগ্ৰ গেৰেজত বিয়পি পৰে । এই ঘটনাৰ এটা ভিডিঅ’ত দেখা গৈছে যে দোকানৰ বাহিৰত এজন ব্যক্তিয়ে অগ্নিসংযোগ কৰে আৰু লগে লগে দ্ৰুতগতিত জুই ভিতৰলৈ বিয়পি পৰে ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ প্ৰায় এঘণ্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে । জুই নিৰ্বাপন কৰাৰ পিছত গেৰেজৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় চঞ্চল চন্দ্ৰ ভৌমিকৰ জ্বলি যোৱা মৃতদেহ ।

এই ঘটনাক পৰিকল্পিত হত্যা বুলি অভিহিত কৰিছে ভুক্তভোগী যুৱকজনৰ পৰিয়ালটোৱে । দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালে্ । এই ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে আৰু বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগ বৃদ্ধি পাইছে ।

লগতে ফঢ়ক : এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিব ট্ৰাম্পে; দুয়ো দেশৰ সম্পৰ্কই লাভ কৰিব নতুন গতি !

শেহতীয়া প্ৰৱন্ধসমূহ