জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে প্ৰত্যাহৰ কৰিলে জামিন আবেদন।
জামিন নালাগে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গক। মুকলি আকাশৰ তললৈ আহিবলৈ যেন ভয় কৰিছে শ্যামকানু আৰু সন্দীপনে।
আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানিৰ পঞ্চমটো দিন আছিল। কিন্তু শুনানিৰ সময়তে সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তই উঠাই ল’লে জামিন আবেদন।
শুনানিৰ সময়তে দুয়োৰে অধিবক্তাই আদালতত জনালে এই কথা। অমৃতপ্ৰভা মহন্ত আৰু ২ দেহৰক্ষীৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয়। জানিব পৰা মতে, পৰৱৰ্তী শুনানি ৩০ জানুৱাৰীত হ’ব।
লগতে পঢ়ক: গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত শিখা শৰ্মা; আৰক্ষীক ধন্যবাদ গৰিমা শইকীয়া গাৰ্গৰ









