OTT প্লেফৰ্মত সম্পপ্ৰচাৰ নহয় বিগ বছৰ চতুৰ্থ ছিজন; চিৰদিনৰ বাবে বাতিলৰ সিদ্ধান্ত

OTT প্লেটফৰ্মত সম্পপ্ৰচাৰ নহয় বিগ বছৰ চতুৰ্থ ছিজন; চিৰদিনৰ বাবে বাতিলৰ সিদ্ধান্ত

‘বিগ বছ OTT ত লাগিল তলা। তিনিটা ছিজনৰ পিছতেই মেকাৰছসকলৰ ডাঙৰ সিদ্ধান্ত। বিগ বছৰ OTT সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে।জানিব পৰা মতে,বিগ বছ অ’টিটিৰ চতুৰ্থ ছিজন আৰু প্ৰচাৰ নহ’ব।ৰিয়েলিটি শ্ব’টোৰ অ’টিটি সংস্কৰণটো চিৰদিনৰ বাবে বাতিল কৰা হৈছে। এনে জল্পনা-কল্পনা যথেষ্ট দিন ধৰি চলি আছিল।কিন্তু শ্ব’টোৰ ক্ৰিয়েটৰ

‘বিগ বছ OTT ত লাগিল তলা। তিনিটা ছিজনৰ পিছতেই মেকাৰছসকলৰ ডাঙৰ সিদ্ধান্ত।

বিগ বছৰ OTT সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে।জানিব পৰা মতে,বিগ বছ অ’টিটিৰ চতুৰ্থ ছিজন আৰু প্ৰচাৰ নহ’ব।ৰিয়েলিটি শ্ব’টোৰ অ’টিটি সংস্কৰণটো চিৰদিনৰ বাবে বাতিল কৰা হৈছে।

এনে জল্পনা-কল্পনা যথেষ্ট দিন ধৰি চলি আছিল।কিন্তু শ্ব’টোৰ ক্ৰিয়েটৰ ঋষি নেগীয়ে এতিয়া এই কথা নিশ্চিত কৰিছে ।

এটা সাক্ষা তকাৰত ঋষি নেগীয়ে কয় যে আমি যোৱা বছৰ হিন্দী সংস্কৰণৰ সৈতে ডিজিটেল হৈছিলো।জিঅ’ হটষ্টাৰত প্ৰথম মুক্তি পোৱা এই অনুষ্ঠানটোৱে,তাৰ পিছত টিভিত আহিল।ম

ই ভাবো আমি এই চক্ৰটো অনুসৰণ কৰিব লাগিব।আমি আন ভাষাত একেলগে কাষ্ট কৰো।মই ভাবো অ’টিটি আৰু টিভিৰ বৃহৎ বজাৰ আছে।

দুয়োটাৰে দৰ্শক বেলেগ বেলেগ।তেওঁলোকে টিভিত শ্ব’ চাই ভাল পায়।মোৰ মায়ে কেৱল টিভিত হে বিগ বছ চায়। শ্ব’টো লগে লগে চাবলৈ বহু লোকে বিচাৰে। ইয়াৰ দ্বাৰা আমাক বৈচিত্ৰময় দৰ্শক পোৱা যায়।

জানিব পৰা মতে, নিৰ্মাতাসকলৰ মতে বিগ বছ হিন্দীৰ দুটা সংস্কৰণ চলোৱাৰ প্ৰয়োজন নাই।কাৰণ দুয়োটা শ্ব’ৰ ফৰ্মেট প্ৰায় একে।কেৱল টেলিকাষ্টটোহে বেলেগ আছিল।

এতিয়া যেতিয়া মূল বিগ বছ অ’টিটি আৰু টিভি দুয়োটাতে ষ্ট্ৰীমিং হৈ আছে, তেতিয়া পৃথক অ’টিটি সংস্কৰণ চলোৱাৰ কোনো যুক্তি নাই।

কাৰণ কলাৰ্ছ টিভি আৰু জিঅ’ হটষ্টাৰ নিজৰ মাজতে ব্ৰেণ্ড।তেওঁলোকৰ দৰ্শকৰ সংখ্যা প্ৰবল। সেয়েহে বিবি অ’টিটি সংস্কৰণটো বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।

লগতে পঢ়ক: কোনোমতে প্ৰাণৰক্ষা পৰিল বলীউড অভিনেতা অক্ষয় কুমাৰৰ!