ভাৰত–ইউ এ ইৰ মাজত স্বাক্ষৰিত পাঁচখন চুক্তিৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব স্থাপন কৰা উদ্দেশ্য পত্ৰ ।
ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ১৯ জানুৱাৰীত ভাৰত ভ্ৰমণ কৰে । তেওঁৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ইউ এ ইৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । দুয়োপক্ষৰ মাজত স্বাক্ষৰিত পাঁচখন চুক্তিৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব স্থাপন কৰা উদ্দেশ্য পত্ৰ (এল অ’ আই)।
মাত্ৰ চাৰি মাহ পূৰ্বে পাকিস্তান আৰু চৌদি আৰবে প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তি অনুসৰি যিকোনো এখন দেশৰ ওপৰত কৰা যিকোনো আক্ৰমণ আনখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব । ইয়াৰ পিছতে এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে যে ভাৰত আৰু ইউ এ ইৰ মাজতো একেধৰণৰ চুক্তি হৈছে নেকি ?
উল্লেখ্য যে, লেটাৰ অৱ ইনটেণ্ট (LOI) হৈছে এনে এক আনুষ্ঠানিক নথি য’ত দুটা পক্ষই সম্ভাৱ্য চুক্তিৰ সন্দৰ্ভত নিজৰ প্ৰাৰম্ভিক উদ্দেশ্য আৰু চিন্তা প্ৰকাশ কৰে । চূড়ান্ত আইনী চুক্তিত উপনীত হোৱাৰ পূৰ্বে ই প্ৰাৰম্ভিক পদক্ষেপ হিচাপে কাম কৰে । ইয়াত চুক্তিখনৰ মূল চৰ্তসমূহ, কামৰ পৰিসৰ, সময়সীমা আৰু দুয়োপক্ষৰ আশাৰ ৰূপৰেখা অন্তৰ্ভূক্ত হৈছে ।
এল অ’ আইৰ উদ্দেশ্য হ’ল দুয়োপক্ষই কি কথাত সন্মত হৈছে সেয়া স্পষ্ট কৰা, যাতে পিছলৈ কোনো ধৰণৰ ভুল বুজাবুজিৰ পৰা হাত সাৰিব পৰা যায় । সাধাৰণতে ই আইনগতভাৱে বাধ্যতামূলক নহ’লেও ই ভৱিষ্যতৰ চুক্তিৰ বাবে ৰোডমেপ হিচাপে কাম কৰে । দুদিন পূৰ্বে ভাৰত আৰু ইউ এ ইয়ে প্ৰতিৰক্ষা, মহাকাশ, বিনিয়োগ আদি ক্ষেত্ৰত সহযোগিতাৰ বাবে এল অ’ আইত স্বাক্ষৰ কৰিছিল ।
ভাৰত আৰু ইউ এ ইৰ মাজত স্বাক্ষৰিত এল অ’ আইৰ লক্ষ্য হৈছে ভৱিষ্যতে আনুষ্ঠানিক চুক্তি গঢ়ি তোলা । এই চুক্তিয়ে বৰ্তমানৰ সামৰিক অনুশীলন, সেৱাৰ মুৰব্বীসকলৰ মাজত পাৰস্পৰিক ভ্ৰমণ আৰু প্ৰতিৰক্ষা খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী কৰিব ।
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে উল্লেখ কৰে যে ইউ এ ইৰ সৈতে এল অ’ আই স্বাক্ষৰ কৰাৰ অৰ্থ এইটো নহয় যে ভাৰত আঞ্চলিক সংঘাতত জড়িত হ’ব । তেওঁ লগতে কয় যে অঞ্চলটোৰ যিকোনো দেশৰ সৈতে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বৰ অৰ্থ এইটো নহয় যে আমি বিশেষভাৱে আঞ্চলিক সংঘাতৰ সৈতে জড়িত হ’ম । বৈদেশিক সচিবগৰাকীৰ বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ভাৰত আৰু ইউ এ ইৰ মাজত যুদ্ধৰ কোনো চুক্তি নাই । আক্রমণ হ’লে ভাৰত বা ইউ এ ইয়ে কাৰো হৈ যুঁজিব নোৱাৰে ৷
লগতে পঢ়ক : ভাৰতৰ সৈতে সম্পৰ্কক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য; ক’লে— ‘প্ৰধানমন্ত্ৰী মোদী মোক লৈ সুখী নহয় কাৰণ…’









