‘জুবিন গাৰ্গে টকাৰ বিনিময়ত কিছুমান ৰোমান্তিক গান হে গাইছিল’; বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা

‘জুবিন গাৰ্গে টকাৰ বিনিময়ত কিছুমান ৰোমান্তিক গান হে গাইছিল’; বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা

জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত শিখা শৰ্মাৰ বিতৰ্কিত পোষ্ট। জুবিন গাৰ্গক কোনেও হত্যা কৰা নাই। তেওঁ নিজে মৰিছে। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে বিতৰ্কিত শিখা শৰ্মা। সামাজিক মাধ্যমত শিখা শৰ্মাই এক বিতৰ্কিত পোষ্ট কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত শিখা

জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত শিখা শৰ্মাৰ বিতৰ্কিত পোষ্ট। জুবিন গাৰ্গক কোনেও হত্যা কৰা নাই। তেওঁ নিজে মৰিছে।

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে বিতৰ্কিত শিখা শৰ্মা। সামাজিক মাধ্যমত শিখা শৰ্মাই এক বিতৰ্কিত পোষ্ট কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত শিখা শৰ্মাই লিখিছে যে, জুবিনৰ মৃত্যু স্বাভাৱিক আছিল, জুবিনক কোনেও হত্যা কৰা নাই। জুবিনে নিজেই মৰিছে। মিছামিছি শ্যামকানু, শেখৰ, সন্দীপন, অমৃতপ্ৰভা আৰু সিদ্ধাৰ্থক জেলত সুমুৱাই ৰাখিছে৷

শিখা শৰ্মাই লিখিছে যে, জুবিনে অসমৰ বাবে একো কৰা নাই কেৱল মাত্ৰ টকাৰ বিনিময়ত কিছুমান ৰোমান্তিক গান হে গাইছিল। জুবিনৰ গানখিনি নোহোৱা হ’লে অসমৰ মানুহবোৰ মহামাৰী হৈ মৰি থাকিলহেঁতেন নেকি?

পোষ্টটোত জুবিন গাৰ্গৰ বিৰুদ্ধে অশালীন শব্দ ব্যৱহাৰ কৰি প্ৰাণৰ শিল্পী গৰাকীৰ চৰিত্ৰ হনন কৰিছে শিখা শৰ্মাই। তেওঁ লিখিছে যে, বিবাহিত ব্যক্তি জুবিনে, আন মহিলাৰ লগত হোটেলত ৰাতি কটাই নিজৰ চৰিত্ৰৰ প্ৰমাণপত্ৰ নিজেই প্ৰচাৰ কৰি থৈ গ’ল।

 এজন ৫৪ বছৰ বয়সীয়া মদাসক্ত জ্যেষ্ঠ গায়কক ইমান মূৰত উঠাব নালাগিছিল৷ সেইবাবেই শ্যামকানুৰ দৰে এজন উচ্চশিক্ষিত অভিযন্তাক আজি আজে বাজে মানুহে ইতিকিং কৰিবলৈ সুবিধা পালে৷

শিখা শৰ্মাৰ এই পোষ্ট ভাইৰেল হোৱাৰ পিছতে এতিয়া তেওঁৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গে FIR দাখিল কৰিছে। সোমবাৰে পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিছে এজাহৰ। প্ৰাণৰ শিল্পী গৰাকী মৃত্যুৰ আজি ৪ মাহ সম্পূৰ্ণ হোৱাৰ দিনাই এনে কাণ্ডই ক্ষোভিত কৰিছে অসমবাসীক।   

লগতে পঢ়ক: ‘জুবিন গাৰ্গ মনোৰঞ্জনৰ হে আহিলা আছিল নেকি’; গৰিমা শইকীয়া গাৰ্গ

শেহতীয়া প্ৰৱন্ধসমূহ