‘জুবিন গাৰ্গ মনোৰঞ্জনৰ আহিলা আছিল নেকি’; গৰিমা শইকীয়া গাৰ্গ

‘জুবিন গাৰ্গ মনোৰঞ্জনৰ হে আহিলা আছিল নেকি’; গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গ হত্যাৰ চতুৰ্থটো শুনানিৰ পিছতে বিস্ফোৰক মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আজি গুৱাহাটী সত্ৰ ন্যায়াধীশ আদালতত আছিল জুবিন গাৰ্গ হত্যাৰ চতুৰ্থটো শুনানি।শুনানিৰ অন্তত গৰিমা শইকীয়া গাৰ্গে কয় যে, আজিও ৭ অভিযুক্তৰ মুখত কোনো অনুশোচনা নাই।তেওঁলোকৰ স্বাস্থ্যৰো একো পৰিৱৰ্তন দেখা নাই। গৰিমা শইকীয়া গাৰ্গে লগতে

জুবিন গাৰ্গ হত্যাৰ চতুৰ্থটো শুনানিৰ পিছতে বিস্ফোৰক মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে।

 আজি গুৱাহাটী সত্ৰ ন্যায়াধীশ আদালতত আছিল জুবিন গাৰ্গ হত্যাৰ চতুৰ্থটো শুনানি।শুনানিৰ অন্তত গৰিমা শইকীয়া গাৰ্গে কয় যে, আজিও ৭ অভিযুক্তৰ মুখত কোনো অনুশোচনা নাই।তেওঁলোকৰ স্বাস্থ্যৰো একো পৰিৱৰ্তন দেখা নাই।

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে, অসুৰ বধ হ’বই লাগিব, আমাৰ দৃষ্টিত য়টত থকা প্ৰতিজনেই দোষী।তেওলোক সকলো তদন্তৰ আওতাত আহিবই লাগিব। ১০-১৫ জন মানুহৰ সন্মুখত জুবিন গাৰ্গ হেৰাই যোৱাটো আচৰিত থকা।

জুবিন গাৰ্গৰ লগত ঘটা প্ৰতিটো ঘটনা তেওঁলোকে দেখিছিলে। কিন্তু জুবিন গাৰ্গক তেওঁলোকে অৱহেলা কৰিলে। বিনা চিকি সাৰে ৭৫ মিনিট জুবিন গাৰ্গক পেলাই থৈছিলে।

ইয়াত সকলো জড়িত হৈ আছে।তেওঁলোক অসমীয়া নহয় নেকি? জুবিনক কেৱল মনোৰঞ্জনৰ বাবে হে প্ৰয়োজন আছিল নেকি।

তেওঁ লগতে কয় যে, আটাইকেইজন অভিযুক্তৰেই ভয়ানক শাস্তি হওক। অপশক্তি ধ্বংশ হবই লাগিব।এজন ভাতৃ হিচাপে ছিংগাপুৰত কি হৈছিল সঁচা কথাখিনি সন্দিপনে কোৱাটো বিচাৰো।সত্যৰ সদায় জয় হ’ব। অসমৰ ৰাইজ আমাৰ লগত আছে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ হত্যাৰ পৰৱৰ্তী শুনানি ২২ জানুৱাৰীত গুৱাহাটী সত্ৰ ন্যায়াধীশ আদালতত হ’ব।

লগতে পঢ়ক: ‘১০ কোটি দিয়ক নহ’লে সমাধিস্থ কৰা হ’ব…’; কণ্ঠশিল্পী বি প্ৰাকক লৰেন্স গেঙৰ ভাবুকি

শেহতীয়া প্ৰৱন্ধসমূহ