ভাৰতীয় টি ২০ দলত শ্ৰেয়াছ আয়াৰৰ প্ৰত্যাবৰ্তন; আউট ৱাশ্বিংটন সুন্দৰ

ভাৰতীয় টি ২০ দলত শ্ৰেয়াছ আয়াৰৰ প্ৰত্যাবৰ্তন; আউট ৱাশ্বিংটন সুন্দৰ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পূৰ্বে ঘৰুৱা দলটোলৈ প্ৰত্যাবৰ্তন হৈছে শ্ৰেয়াছ আয়াৰৰ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা২১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।ইয়াৰ পূৰ্বে ক্ৰিকেট জগতৰ পৰা ডাঙৰ খবৰ আহিছে। আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ ঠাইত ভাৰতীয় টি-২০ দলত অন্তৰ্ভুক্ত হৈছে ৰবি বিষ্ণোই।আনহাতে

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পূৰ্বে ঘৰুৱা দলটোলৈ প্ৰত্যাবৰ্তন হৈছে শ্ৰেয়াছ আয়াৰৰ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা২১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।ইয়াৰ পূৰ্বে ক্ৰিকেট জগতৰ পৰা ডাঙৰ খবৰ আহিছে।

আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ ঠাইত ভাৰতীয় টি-২০ দলত অন্তৰ্ভুক্ত হৈছে ৰবি বিষ্ণোই।আনহাতে তিলক বৰ্মাৰ ঠাইত শ্ৰেয়াছ আয়েৰে সুযোগ পাইছে।প্ৰথম তিনিখন মেচৰ বাবে আয়াৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ যোৱা ১১ জানুৱাৰীত বদোদৰাৰ বিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হয়।

সেই মেচখনত বলিং কৰি থাকোঁতে ৱাশ্বিংটন সুন্দৰে হঠাতে কামিহাৰৰ তলৰ অংশত আঘাতপ্ৰাপ্ত হয়।যাৰ বাবে তেওঁ খেল পথাৰ এৰিব লগা হয়।

পিছত যেতিয়া তেওঁক স্কেন কৰা হ’ল, তেতিয়া চাইড ষ্ট্ৰেইনৰ সমস্যাটো পোহৰলৈ আহে। ইয়াৰ পিছত তেওঁক কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

সুস্থ হৈ উঠিলে তেওঁ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত ৰিপ’ৰ্ট কৰিব।ইয়াত ফিট বুলি ধৰা পৰাৰ পিছত পুনৰ ভাৰতীয় দললৈ ঘূৰি আহিব।

আঘাতপ্ৰাপ্ত তিলক বৰ্মাৰ ঠাইত নিৰ্বাচকসকলে প্ৰথম তিনিখন খেলৰ বাবে ১৫ জনীয়া দলত শ্ৰেয়াছ আয়াৰক অন্তৰ্ভুক্ত কৰিছে ।

লগতে পঢ়ক: ICC ৰ প্ৰতিনিধি দলে কৰিব বাংলাদেশ ভ্ৰমণ; টি-২০ বিশ্বকাপ সন্দৰ্ভত প্ৰত্যক্ষ আলোচনাত মিলিত হ’ব বিচিবি

শেহতীয়া প্ৰৱন্ধসমূহ