আজি হেঁপাহৰ ভোগালী বিহু; ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু; ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। মেজিৰ জুইয়ে নাশ কৰক সকলো অপায় অমংগল।ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ আজি হেঁপাহৰ ভোগালী বিহু। পৰম্পৰা ৰক্ষা কৰি পুৱাই ৰাজ্যজুৰি প্ৰজ্বলন কৰা হ’ল মেজি। পুৱাতেই মেজিৰ জ্বলাই সেৱা প্ৰতিগৰাকী অসমীয়াৰ। মেজিৰ জুইত সকলো অপায়-অমংগল আদি জাহ যাবলৈ কৰিছে প্ৰাৰ্থনা।অগ্নিক সেৱা কৰি

আজি হেঁপাহৰ ভোগালী বিহু। মেজিৰ জুইয়ে নাশ কৰক সকলো অপায় অমংগল।ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। পৰম্পৰা ৰক্ষা কৰি পুৱাই ৰাজ্যজুৰি প্ৰজ্বলন কৰা হ’ল মেজি। পুৱাতেই মেজিৰ জ্বলাই সেৱা প্ৰতিগৰাকী অসমীয়াৰ।

মেজিৰ জুইত সকলো  অপায়-অমংগল আদি জাহ যাবলৈ কৰিছে প্ৰাৰ্থনা।অগ্নিক সেৱা কৰি বছৰটোৰ কুশল-মংগল কামনা প্ৰতিগৰাকী অসমীয়াৰ। মাঘ বিহুক লৈ উখল মাখল ৰাজ্য। ভোগালীৰ আনন্দত উল্লাসিত অসমবাসী।

উৰুকাৰ নিশা প্ৰীতি ভোজ খোৱাৰ পাছতে আজি সকলোৱে মেজি জ্বলাই অগ্নিক সেৱা কৰে। বিশ্বাস অনুসৰি, মেজিৰ জুইত সকলো অপায় অমংগল দূৰ হয় আৰু সমাজলৈ সুখ শান্তি আহে।

এই মাঘবিহুত ঠাইভেদে বিভিন্ন খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অন্যতম।

লগতে পঢ়ক: আজি ভোগালীৰ উৰুকা; ৰাজ্যজুৰী ভোগৰ প্ৰস্তুতি

শেহতীয়া প্ৰৱন্ধসমূহ