আজি হেঁপাহৰ ভোগালী বিহু; ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। মেজিৰ জুইয়ে নাশ কৰক সকলো অপায় অমংগল।ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উছাহ

আজি হেঁপাহৰ ভোগালী বিহু। পৰম্পৰা ৰক্ষা কৰি পুৱাই ৰাজ্যজুৰি প্ৰজ্বলন কৰা হ’ল মেজি। পুৱাতেই মেজিৰ জ্বলাই সেৱা প্ৰতিগৰাকী অসমীয়াৰ।

মেজিৰ জুইত সকলো  অপায়-অমংগল আদি জাহ যাবলৈ কৰিছে প্ৰাৰ্থনা।অগ্নিক সেৱা কৰি বছৰটোৰ কুশল-মংগল কামনা প্ৰতিগৰাকী অসমীয়াৰ। মাঘ বিহুক লৈ উখল মাখল ৰাজ্য। ভোগালীৰ আনন্দত উল্লাসিত অসমবাসী।

উৰুকাৰ নিশা প্ৰীতি ভোজ খোৱাৰ পাছতে আজি সকলোৱে মেজি জ্বলাই অগ্নিক সেৱা কৰে। বিশ্বাস অনুসৰি, মেজিৰ জুইত সকলো অপায় অমংগল দূৰ হয় আৰু সমাজলৈ সুখ শান্তি আহে।

এই মাঘবিহুত ঠাইভেদে বিভিন্ন খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অন্যতম।

লগতে পঢ়ক: আজি ভোগালীৰ উৰুকা; ৰাজ্যজুৰী ভোগৰ প্ৰস্তুতি

আজি ভোগালীৰ উৰুকা…লগে  ভাগে এসাঁজ খাবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি

চাওতে চাওতে অসমীয়াৰ চোতাল পালেহি হেঁপাহৰ ভোগালী বিহু । এশ এবুৰি সমস্যাৰ মাজতে ভোগৰ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । আজি ভোগালীৰ উৰুকা । পৰম্পৰা ৰক্ষা কৰি ভোগালীৰ উৰুকাৰ বাবে উলহ-মালহেৰে প্ৰস্তুতি চলাইছে সমগ্ৰ ৰাজ্যবাসীয়ে । হাঁহে-মাহে নিশালৈ এসাঁজ খোৱাৰ যো-জা কৰিছে সকলোৱে । ঐতিহ্য পৰম্পৰাৰে জিলিকি উঠিছে ৰাজ্যৰ চৌদিশ ।

ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে ভেলাঘৰ আৰু মেজি সজাৰ পৰা আৰম্ভ কৰি নিশাৰ ভাগলৈ ভোজ-ভাতৰ আয়োজনৰ বাবে ব্যস্ত হৈ পৰিছে সকলো । ভেলাঘৰত উঠিছে বিহুগীতৰ জোৱাৰ । জীয়াৰী-বোৱাৰী সকলো আখলত পিঠা-পনা বনোৱাত ব্যস্ত হৈ পৰিছে । ইফালে উৰুকাৰ পুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । ডাঙৰ ডাঙৰ বৰালী, ৰৌ, ভকুৱা, চিতল, আঁৰি মাছেৰে ভৰি পৰিছে বজাৰসমূহ । ইফালে কোনো কোনো ঠাইত পুৱাই ৰাইজক সমূহীয়া মৎস্য চিকাৰতো নমা দেখা গ’ল ।

মূল্যবৃদ্ধিৰ প্ৰভাৱেও লৰাব নোৱৰা অসমীয়াই এতিয়া উৰুকাৰ নিশাটোত লগে-ভাগে এসাঁজ খাবৰ বাবে ব্যস্ত হৈ পৰিছে যা-যোগাৰ কৰাত । শাক-পাচলি, মাছ-মাংসৰ পৰা আৰম্ভ কৰি চিৰা-পিঠা, দৈ-ক্ৰীম, গুৰ আদিৰে ভৰি পৰিছে বজাৰসমূহ । উৰুকাৰ নিশা সকলোৱে মিলি ভোজ-ভাত খোৱাৰ পিছত কাইলৈ পুৱাই মেজি জ্বলাই অগ্নি সেৱা কৰিব ৰাইজে । সকলোৰে আশা, এই ভোগালীয়ে প্ৰত্যেকজন অসমীয়াক সমৃদ্ধ কৰক, সমৃদ্ধিশালী হওক সমাজ, নিকপকপীয়া হওক আমাৰ মাজৰ সম্পৰ্কৰ বান্ধোন ।

ভোগালী বিহুক লৈ আহি গ’ল SOP; বিক্রী কৰিব নোৱাৰিব ভেজাল মাছ, মাংস

ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ভোগালী বিহুৰ পূৰ্বে পশুপালন বিভাগে প্ৰকাশ কৰিছে SOP। এই SOP অনুসৰি ভোগালীত বিক্রী কৰিব নোৱাৰিব ভেজাল মাছ, মাংস, কণী, গাখীৰ।

বিহুৰ বজাৰত বৃদ্ধি কৰিব নোৱাৰিব গাখীৰ, মাছ,মাংসৰ দাম।সামগ্ৰী।সকলো ব্যৱসায়ীয়ে মানিব লাগিব এইসমূহ নিয়ম।এইক্ষেত্ৰত প্ৰত্যেক জিলা আয়ুক্তই কঠোৰ দৃষ্টি ৰাখিব লাগিব।জিলাই জিলাই থাকিব বিভাগীয় নিৰীক্ষকৰ দল।

বজাৰে বজাৰে চলিব প্ৰশাসনৰ অভিযান। ভেজাল সামগ্ৰীৰ ব্যৱসায়ীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।চৰকাৰী নিৰ্দেশ পালন কৰিবলৈ ব্যৱসায়ীসকলক কঠোৰ নিৰ্দেশ বিভাগটোৰ।গতিকে এতিয়াৰে পৰা সাৱধান হওক অসাধু ব্যৱসায়ী সকল।