১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে নিজৰ বিস্ফোৰক প্ৰদৰ্শন অব্যাহত ৰাখিছে যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে । বিগত সপ্তাহত বৈভৱে চাৰিখন মেচত মুঠ ২৭টা ছিক্স আৰু ২১টা ফো’ৰ কোবাইছিল ।
আই চি চিৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ পূৰ্বে বিস্ফোৰক প্ৰদৰ্শন অব্যাহত ৰাখিছে তাৰকা যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে । তেওঁ আন এক বিস্ফোৰক ইনিংছেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বাবে সূৰ্যবংশীয়ে ১০ জানুৱাৰী শনিবাৰে বুলাৱায়ো এথলেটিক ক্লাবত স্কটলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৫০টা বলত ৯৬ ৰান সংগ্ৰহ কৰে । বিগত সপ্তাহত বৈভৱে চাৰিখন মেচত মুঠ ২৭টা ছিক্স আৰু ২১টা ফোৰ কোবাইছিল ।
স্কটলেণ্ডৰ বিৰুদ্ধে ৯টা চাৰি আৰু ৭টা ছয়-
১৪ বছৰীয়া বিস্ফোৰক বেটছমেনগৰাকীয়ে শনিবাৰে স্কটলেণ্ডৰ বিৰুদ্ধে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে । তেওঁ এই দু্ৰ্দান্ত ইনিংছত ৯টা চাৰি আৰু ৭টা ছয় কোবাই শেহতীয়া সময়ৰ আকৰ্ষণীয় ফৰ্ম অব্যাহত ৰাখে । সূৰ্যবংশীয়ে অধিনায়ক আয়ুষ মাহাত্ৰে (১৯ বলত ২২ ৰান)ৰ সৈতে প্ৰথম উইকেটত ৪২ বলত ৭০ ৰান সংগ্ৰহ কৰে আৰু তাৰ পিছত এৰন জৰ্জ (৫৮ বলত ৬১ ৰান)ৰ সৈতে ৫৬ বলত ৭৮ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।
২৭টা বলত অৰ্ধ শতক-
বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ২৭টা বলত অৰ্ধশতক অৰ্জন কৰে আৰু এটা বিশাল ছয়ৰে তেওঁ এই সফলতা অৰ্জন কৰে । কিন্তু তেওঁ নিজৰ প্ৰাপ্য শতকৰ পৰা মাত্ৰ ৪ ৰানৰ বঞ্চিত হয় । মনু সৰস্বতৰ বলত ৯৬ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে বৈভৱে ।
বিগত সাত দিনত বৈভৱৰ প্ৰদৰ্শন-
দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ৩-০ ব্যৱধানত শৃংখলাত জয়লাভ কৰে ভাৰতীয় দলে । এই দলটোৰ নেতৃ্তবত আছিল বৈভৱ সূৰ্যবংশী । যোৱা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযানক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ প্ৰাকক্ষণত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল । এই শৃংখলাত বৈভৱে বিস্ফোৰক ইনিংছ খেলে । তেওঁ এটা শতক আৰু এটা অৰ্ধ শতক অৰ্জন কৰে । যুৱ অধিনায়কগৰাকীয়ে দলটোক সন্মখৰ পৰা নেতৃত্ব দি তিনিখন মেচৰ শৃংখলাত সৰ্বাধিক ২০৬ ৰান সংগ্ৰহ কৰে ।
৭৪টা বলত স্মৰণীয় ১২৭ ৰান সংগ্ৰহ কৰি তেওঁ শৃংখলাৰ সামৰণি মাৰে, য’ত ৯টা চাৰি আৰু ১০টা ছয় আছিল । যোৱা সপ্তাহত কৰা প্ৰদৰ্শনৰ কথা বিবেচনা কৰিলে বৈভৱে চাৰিখন মেচত ২৭টা ছয় আৰু ২১টা চাৰি কোবাইছে য’ত এটা শতক আৰু দুটা বিস্ফোৰক অৰ্ধ শতকো আছে ।
লগতে পঢ়ক : কাইলৈ ভাৰত-নিউজীলেণ্ডৰ প্ৰথমখন এদিনীয়া; ৰোহিত-কোহলীৰ ওপৰত থাকিব সকলোৰে দৃষ্টি









