‘ইভিএমৰ ওপৰত বিশ্বাস আছে...’; কৰ্ণাটক জনতাৰ আস্থাৰ পিছতে ৰাহুল গান্ধীক সমালোচনা বিজেপিৰ

‘ইভিএমৰ ওপৰত বিশ্বাস আছে…’; কৰ্ণাটক জনতাৰ আস্থাৰ পিছতে ৰাহুল গান্ধীক সমালোচনা বিজেপিৰ

কৰ্ণাটকৰ জনসাধাৰণে ইভিএম ক বিশ্বাস কৰা সমিক্ষাৰ পিছতে ৰাহুল গান্ধীক ক্ষোৰধাৰ সমালোচনা বিজেপিৰ। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ দ্বাৰা ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ সময়ত এক সমিক্ষা চলাইছিল। য’ত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ওপৰত জনসাধাৰণৰ দৃঢ় আস্থা প্ৰকাশ পাইছে। এই সমীক্ষাৰ ফলাফলে ভাৰতীয় জনতা পাৰ্টীক কংগ্ৰেছ নেতা ৰাহুল

কৰ্ণাটকৰ জনসাধাৰণে ইভিএম ক বিশ্বাস কৰা সমিক্ষাৰ পিছতে ৰাহুল গান্ধীক ক্ষোৰধাৰ সমালোচনা বিজেপিৰ।

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ দ্বাৰা ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ সময়ত এক সমিক্ষা চলাইছিল। য’ত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ওপৰত জনসাধাৰণৰ দৃঢ় আস্থা প্ৰকাশ পাইছে।

এই সমীক্ষাৰ ফলাফলে ভাৰতীয় জনতা পাৰ্টীক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা দাবীক সমালোচনা কৰাৰ সুযোগ দিছে।

‘লোকসভা নিৰ্বাচন ২০২৪ – জ্ঞানৰ ইণ্ডলাইন জৰীপৰ মূল্যায়ন,’নাগৰিকসকলৰ মনোভাৱ আৰু অনুশীলন’ নামৰ এই সমীক্ষাত ৮৩.৬১% উত্তৰদাতাই কয় যে তেওঁলোকে ইভিএমক নিৰ্ভৰযোগ্য বুলি গণ্য কৰে।

এই সমীক্ষাত বেংগালুৰু, বেলাগাৱী, কালাবুৰাগী আৰু মহীচুৰুৰ প্ৰশাসনিক সংমণ্ডলৰ ১০২টা বিধানসভা সমষ্টিৰ ৫১০০ গৰাকী লোকে অংশগ্ৰহণ কৰে।কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে মুখ্য নিৰ্বাচনী বিষয়া ভি অনবুকুমাৰৰ জৰিয়তে এই সমীক্ষাৰ দায়িত্ব দিছিল।

ইভিএমৰ ওপৰত কংগ্ৰেছ চৰকাৰে কৰা সমীক্ষাৰ ফলাফলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা আৰ অশোকে এক্সত  পোষ্ট কৰিছে, ‘বছৰ বছৰ ধৰি ৰাহুল গান্ধীয়ে একেটা কাহিনীয়েই দেশৰ বিভিন্ন প্ৰান্তত শুনাই আহিছে যে,ভাৰতৰ গণতন্ত্ৰ বিপদত আছে,ইভিএম বিশ্বাস কৰিব নোৱাৰি, আমাৰ প্ৰতিষ্ঠান বিশ্বাসযোগ্য নহয়’।

‘কিন্তু কৰ্ণাটকৰ কাহিনী সম্পূৰ্ণ বেলেগ।কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে কৰা এক ৰাজ্যব্যাপী সমীক্ষাত প্ৰকাশ পাইছে যে জনসাধাৰণে নিৰ্বাচনক বিশ্বাস কৰে। আমি ইভিএম আৰু ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাস কৰোঁ।এয়া কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ মুখত এটা প্ৰচণ্ড চৰ।’

লগতে পঢ়ক: ‘কংগ্ৰেছ দলত টিকটৰ কাৰণে আৰম্ভ হৈছে দৰ-দাম’; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ