গ্ৰীণলেণ্ড বিবাদ… ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত ইউৰোপীয় দেশ !

গ্ৰীণলেণ্ড বিবাদ… ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত ইউৰোপীয় দেশ !

গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ ইংগিত দিয়া ট্ৰাম্পৰ মন্তব্যক লৈ ইউৰোপৰ কেইবাজনো নেতাই তীব্ৰ আপত্তি প্ৰকাশ কৰে । তেওঁলোকে দ্বীপটো ইয়াৰ জনসাধাৰণৰ বুলি উল্লেখ কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ ইংগিত দিয়া মন্তব্যক লৈ মঙলবাৰে ইউৰোপৰ কেইবাজনো নেতাই তীব্ৰ আপত্তি প্ৰকাশ কৰে

গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ ইংগিত দিয়া ট্ৰাম্পৰ মন্তব্যক লৈ ইউৰোপৰ কেইবাজনো নেতাই তীব্ৰ আপত্তি প্ৰকাশ কৰে । তেওঁলোকে দ্বীপটো ইয়াৰ জনসাধাৰণৰ বুলি উল্লেখ কৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ ইংগিত দিয়া মন্তব্যক লৈ মঙলবাৰে ইউৰোপৰ কেইবাজনো নেতাই তীব্ৰ আপত্তি প্ৰকাশ কৰে । তেওঁলোকে এক বিবৃতি প্ৰকাশ কৰি কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আৰু খনিজ সমৃদ্ধ আৰ্কটিক দ্বীপটো ইয়াৰ জনসাধাৰণৰ বুলি দৃঢ়তাৰে উল্লেখ কৰে ।

এই যৌথ বিবৃতিত স্বাক্ষৰ কৰে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, জাৰ্মান চেন্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ, পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্ক, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজ, ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে । ডেনমাৰ্কৰ স্ব-শাসিত ভূখণ্ড গ্ৰীণলেণ্ডৰ বিষয়ে ট্ৰাম্পে কৰা মন্তব্যৰ পিছতে ইউৰোপীয় নেতাসকলে দ্বীপ ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে উঠি-পৰি লাগিছে ।

যৌথ বিবৃতিটোত কোৱা হৈছে যে আৰ্কটিক অঞ্চলৰ নিৰাপত্তা কেৱল সামূহিকভাৱেহে নিশ্চিত কৰিব পৰা যাব—নাটোৰ মিত্ৰ দেশসমূহৰ (আমেৰিকাকে ধৰি) সহযোগিতাত—ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিসমূহ ৰক্ষা কৰি । ইয়াৰ ভিতৰত সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা, আৰু সীমান্তৰ লংঘন নকৰা আদি অন্তৰ্ভুক্ত আছে । এইবোৰ সাৰ্বজনীন নীতি আৰু আমি ইয়াৰ ৰক্ষা কৰাটো কেতিয়াও বন্ধ নকৰো । এই প্ৰচেষ্টা আমেৰিকা অপৰিহাৰ্য অংশীদাৰ, নাটোৰ মিত্ৰ হিচাপে আৰু ১৯৫১ চনত ডেনমাৰ্ক আৰু আমেৰিকাৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তিৰ অধীনত । গ্ৰীণলেণ্ড ইয়াৰ জনসাধাৰণৰ । ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ড সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ ।

ইয়াৰ পূৰ্বে হোৱাইট হাউছৰ ডেপুটী চীফ অব্ ষ্টাফ ষ্টিফেন মিলাৰে সোমবাৰে কয় যে ফ্ৰেডেৰিকচেনে সকীয়াই দিছিল যে আমেৰিকাৰ গ্ৰীনলেণ্ড দখল কৰাটো নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰাৰ দৰে হ’ব । মিলাৰে কয় যে ৰাষ্ট্ৰপতিয়ে কেইবামাহো ধৰি স্পষ্ট কৰি আহিছে যে আমেৰিকা সেইখন দেশ হ’ব লাগে যাৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ অংশ গ্ৰীণলেণ্ড ।

লগতে পঢ়ক : ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল নকৰিব… ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি মেট ফ্ৰেডেৰিকচনৰ