ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে ইৰাণলৈ অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।
বিশ্বত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে ইৰাণলৈ অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । চৰকাৰে উল্লেখ কৰিছে যে ইৰাণত থকা ভাৰতীয় নাগৰিক আৰু চিনাক্তকৰ্তাসকলে সাৱধানতা অৱলম্বন কৰিব লাগে, প্ৰতিবাদ প্ৰভাৱিত অঞ্চলসমূহ পৰিহাৰ কৰিব লাগে আৰু বাতৰিৰ আপডেটসমূহৰ লগতে তেহৰাণত থকা ভাৰতীয় দূতাবাসৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া নিৰীক্ষণ কৰিব লাগে ।
ইফালে ৰেচিডেণ্ট ভিছা লৈ ইৰাণত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক যদি ইতিমধ্যে পঞ্জীয়ন কৰা নাই তেন্তে ভাৰতীয় দূতাবাসত পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ভাৰতে এই পদক্ষেপ ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু ৰাষ্ট্ৰপতিক কাৰাগাৰত বন্দী কৰাৰ পিছত লৈছে ।
উল্লেখ্য যে, আমেৰিকাৰ ভেনিজুৱেলা দখল আৰু ৰাষ্ট্ৰপতিক কাৰাগাৰত বন্দী কৰাৰ ঘটনাই সমগ্ৰ বিশ্বক কঁপাই তুলিছে । বহু দেশে আমেৰিকাৰ এই কাৰ্যক গৰিহণা দিছে আৰু কোনো দেশৰ কোনো ৰাষ্ট্ৰপতিক এনেদৰে অপহৰণ কৰা কাৰ্যক গৰিহণা দিছে ।
ভেনিজুৱেলাৰ বিৰুদ্ধে এই পদক্ষেপৰ পিছতে ইৰাণ আমেৰিকাৰ দ্বিতীয় লক্ষ্য বুলি এতিয়া চৰ্চা আৰম্ভ হৈছে । চৰ্চা চলিছে যে ইৰাণৰ বিৰুদ্ধেও ট্ৰাম্পে কঠোৰ ব্যৱস্থা ল’ব পাৰে । আনকি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ইৰাণ সন্দৰ্ভত পাৰ্চী ভাষাত এটা বাৰ্তা প্ৰকাশ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্প এজন এক্সন লোৱা ব্যক্তি বুলি উল্লেখ কৰে । যদি আপোনালোকে এই কথা পূৰ্বে নাজানিছিল তেন্তে এতিয়াই জনা উচিত ।
লগতে পঢ়ক : কাৰাগাৰতে থাকিব উমৰ খালিদ-শ্বাৰ্জিল ইমাম; উচ্চতম ন্যায়ালয়ে মঞ্জুৰ নকৰিলে জামিন









