মাদুৰোক গ্ৰেপ্তাৰৰ পিছত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান…

মাদুৰোক গ্ৰেপ্তাৰৰ পিছত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান…

আমেৰিকাই ভেনিজুৱেলা আক্ৰমণ আৰু সপত্নীক দেশখনৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জৰুৰী বৈঠক আহ্বান কৰিছে… শনিবাৰে ভেনিজুৱেলাৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰে আমেৰিকাই । এই ঘটনাৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সোমবাৰে জৰুৰী বৈঠক আহ্বান কৰিছে

আমেৰিকাই ভেনিজুৱেলা আক্ৰমণ আৰু সপত্নীক দেশখনৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জৰুৰী বৈঠক আহ্বান কৰিছে…

শনিবাৰে ভেনিজুৱেলাৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰে আমেৰিকাই । এই ঘটনাৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সোমবাৰে জৰুৰী বৈঠক আহ্বান কৰিছে । এই বৈঠক ছোমালিয়াৰ অধ্যক্ষতাত পুৱা ১০ বজাত (ভাৰতীয় সময় অনুসৰি নিশা ৮:৩০ বজাত) অনুষ্ঠিত হ’ব । এই বৈঠকৰ মূল এজেণ্ডা হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি । নিৰাপত্তা পৰিষদৰ এই বৈঠকত ভৱিষ্যতে ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ উপায় সন্ধান কৰা হ’ব ।

বৰ্তমান ছোমালিয়া ৰাষ্ট্ৰসংঘৰ ৰোটেটিং প্ৰেছিডেন্ট । নিৰাপত্তা পৰিষদৰ মুঠ ১৫খন সদস্য ৰাষ্ট্ৰ আছে, য’ত পাঁচখন স্থায়ী আৰু দহখন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে । কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই প্ৰথমে জৰুৰী বৈঠকৰ আহ্বান জনায় । তেওঁ কয় যে আমেৰিকাৰ এই আক্ৰমণ ভেনিজুৱেলাৰ সাৰ্বভৌমত্ব আৰু লেটিন আমেৰিকাৰ নিৰাপত্তাৰ বিৰুদ্ধে । পেট্ৰ’ই লগতে কয় যে এখন দেশৰ ভিতৰত আভ্যন্তৰীণ বিবাদসমূহ ইয়াৰ জনসাধাৰণে শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগে । আমেৰিকাৰ এই কাৰ্য্য ৰাষ্ট্ৰসংঘৰ নীতিৰ বিৰুদ্ধে ।

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে আমেৰিকাই ভেনিজুৱেলাত ব্যাপক সামৰিক আক্ৰমণ চলাইছে । মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি দেশৰ বাহিৰলৈ লৈ যোৱা হয় । ট্ৰাম্পে ছ’চিয়েল মিডিয়াত মাদুৰোৰ এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক ইউ এছ এছ ইয়ো জিমা যুদ্ধজাহাজত থকা দেখা গৈছিল ।

এই ঘটনাৰ পিছতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে গভীৰ উদ্বেগ প্ৰকাশ কৰে । এনে কাৰ্যৰ ফলত সমগ্ৰ অঞ্চলটোৰ বাবে ভয়াৱহ পৰিণতি হ’ব পাৰে বুলি তেওঁ সকীয়াই দিয়ে । তেওঁৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে এই কাণ্ডই এক বিপজ্জনক নজিৰ গঢ়ি তুলিছে আৰু সকলো দেশেই আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদ মানি চলিব লাগিব ।

লগতে পঢ়ক : আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ