ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণত নিহতৰ সংখ্যা ৮০লৈ বৃদ্ধি… আতংকময় পৰিস্থিতি

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণত নিহতৰ সংখ্যা ৮০লৈ বৃদ্ধি… আতংকময় পৰিস্থিতি

ভেনিজুৱেলাত আমেৰিকাই চলোৱা সামৰিক আক্ৰমণত নিহতৰ সংখ্যা ৮০লৈ বৃদ্ধি পাইছে । আমেৰিকাই এই আক্ৰমণ চলোৱাৰ লগতে সপত্নীক দেশখনৰ ৰাষ্ট্ৰপতিক বন্দী কৰি লৈ যায় । শনিবাৰে পুৱা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ বৃহৎ সামৰিক আক্ৰমণত সাধাৰণ নাগৰিক আৰু জোৱানসহ কমেও ৮০ জন লোক নিহত হয় । সংবাদ

ভেনিজুৱেলাত আমেৰিকাই চলোৱা সামৰিক আক্ৰমণত নিহতৰ সংখ্যা ৮০লৈ বৃদ্ধি পাইছে । আমেৰিকাই এই আক্ৰমণ চলোৱাৰ লগতে সপত্নীক দেশখনৰ ৰাষ্ট্ৰপতিক বন্দী কৰি লৈ যায় ।

শনিবাৰে পুৱা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ বৃহৎ সামৰিক আক্ৰমণত সাধাৰণ নাগৰিক আৰু জোৱানসহ কমেও ৮০ জন লোক নিহত হয় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভেনিজুৱেলাৰ এজন জ্যেষ্ঠ বিষয়াই এই আক্ৰমণত ৮০ জন লোক নিহত হোৱা বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে ভেনিজুৱেলাত আমেৰিকাই এক বৃহৎ সামৰিক অভিযান চলাইছিল, য’ত দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰা হয় ।

সামৰিক আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিশ্চিত কৰে যে মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি আমেৰিকালৈ লৈ যোৱা হৈছে, য’ত তেওঁলোকৰ বিচাৰ হ’ব ।

এই অভিযান সন্দৰ্ভত ট্ৰাম্পে কয় যে মাদুৰো আমাৰ জিম্মাত আছে আৰু তেওঁক নিউয়ৰ্কলৈ অনা হৈছে । তেওঁ উল্লেখ কৰে যে আমেৰিকাই দেশখনৰ নিয়ন্ত্ৰণ ল’ব । ফ্ল’ৰিডাৰ নিজৰ মাৰ-এ-লাগো ৰিজ’ৰ্টত ভাষণ দি তেওঁ কয় যে আমি ভেনিজুৱেলা চলাম যেতিয়ালৈকে আমাৰ এটা নিৰাপদ আৰু বুদ্ধিমান পৰিৱৰ্তন নহয় ।’

আমেৰিকাৰ সামৰিক অভিযানত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক বন্দী কৰাৰ পিছত দেওবাৰে ভেনিজুৱেলাত এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । ৰাজধানী কাৰাকাছ অস্বাভাৱিকভাৱে নিস্তব্ধ হৈ পৰে আৰু যান-জঁটো কম দেখা যায় । বেছিভাগ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, গেছ ষ্টেচন আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ আছিল ।

ইয়াৰ এদিন পূৰ্বে সংঘৰ্ষৰ আশংকাত সামগ্ৰী মজুত ৰখাৰ উদ্দেশ্যৰে সমগ্ৰ দেশৰ দোকান-পোহাৰ আৰু পেট্ৰ’ল পাম্পৰ বাহিৰত দীঘলীয়া শাৰী দেখা যায় । সাধাৰণতে ব্যস্ত ৰাস্তাবোৰ প্ৰায় খালী আছিল আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ভৱনত অস্ত্ৰধাৰী সাধাৰণ নাগৰিক আৰু সামৰিক বাহিনীৰ সদস্যই পহৰা দিছিল ।

লগতে পঢ়ক : আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ