বাংলাদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; অনিৰ্দিষ্টকাললৈ নিষিদ্ধ IPL ৰ টেলিকাষ্ট

বাংলাদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; অনিৰ্দিষ্টকাললৈ নিষিদ্ধ IPL ৰ টেলিকাষ্ট

কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক বাহিৰ কৰি দিয়াৰ পিছতে বাংলাদেশে ডাঙৰ সিদ্ধান্ত লৈছে। বাংলাদেশত অনিৰ্দিষ্টকাললৈ নিষিদ্ধ হ’ল IPL ৰ টেলিকাষ্ট শেহতীয়াকৈ BCCI এ IPL ৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক নিজৰ দলৰ পৰা বাহিৰ কৰি দিবলৈ নিৰ্দেশ দিছিল।

কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক বাহিৰ কৰি দিয়াৰ পিছতে বাংলাদেশে ডাঙৰ সিদ্ধান্ত লৈছে। বাংলাদেশত অনিৰ্দিষ্টকাললৈ নিষিদ্ধ হ’ল IPL ৰ টেলিকাষ্ট

শেহতীয়াকৈ BCCI এ IPL ৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক নিজৰ দলৰ পৰা বাহিৰ কৰি দিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে কেকেআৰে নিজৰ দলৰ পৰা মুস্তাফিজুৰ ৰহমানক দলৰ পৰা বহিষ্কাৰ কৰিছিল। ইয়াৰ বাবে ক্ষুব্ধ হৈ বাংলাদেশে এতিয়া এটা ডাঙৰ পদক্ষেপ লৈছে।

বিশ্বৰ বিখ্যাত ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ টেলিকাষ্টত বাংলাদেশে অনিৰ্দিষ্টকাললৈ নিষেধাজ্ঞা আৰোপ কৰিছে।

বাংলাদেশৰ IPL অনুৰাগীৰ বাবে এই ঘটনাই ডাঙৰ আঘাতৰ দিছে। যোৱা মাহত আবুধাবিত অনুষ্ঠিত মিনি নিলামত কেকেআৰে মুস্তাফিজুৰক ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল।

বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৫ জানুৱাৰীত টেলিভিছন চেনেলসমূহক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ সম্প্ৰচাৰ তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।

এই নিৰ্দেশনা টেলিভিছন চেনেলসমূহক চৰকাৰী পত্ৰযোগে দিয়া হৈছিল। পত্ৰখনত কোৱা হৈছে যে আগন্তুক আই পি এল ছিজনৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ দলৰ পৰা বি চি চি আইয়ে বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

বিচিচিআইৰ এই সিদ্ধান্তৰ কোনো বৈধ কাৰণ উল্লেখ কৰা হোৱা নাই বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে, যাৰ বাবে বাংলাদেশৰ জনসাধাৰণ অতি দুখী আৰু উত্তেজিত হৈ আছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে সকলো টেলিভিছন চেনেলৰ বিষয়াক নিৰ্দেশ দিছে যে, পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে আই পি এলৰ সকলো মেচ আৰু আনুষংগিক অনুষ্ঠানৰ সম্প্ৰচাৰ তৎক্ষণাত বন্ধ কৰিব লাগে।

ইয়াৰ পূৰ্বে বাংলাদেশে আনুষ্ঠানিকভাৱে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতলৈ নহাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক: পুনৰ প্ৰস্তুত কৰা হ’ব T20 WC 2026 ৰ সূচী; BCB ৰ স্থান সলনিৰ দাবী সন্দৰ্ভত ICC ৰ বৃহৎ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ