ঘন কুঁৱলীৰ বাবে ভয়ংকৰ দুৰ্ঘটনা, ৮খন বাছৰ সৈতে আন ৩খন বাহনৰ সংঘৰ্ষ

ঘন কুঁৱলীৰ বাবে ভয়ংকৰ দুৰ্ঘটনা, ৮খন বাছৰ সৈতে আন ৩খন বাহনৰ সংঘৰ্ষ

ঘন কুঁৱলীৰ বাবে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । ৮খনকৈ বাছৰ আন বাহনৰ সৈতে হোৱা সংঘৰ্ষত দুৰ্ঘটনা সংঘটিত হয় । মথুৰা জিলাৰ যমুনা এক্সপ্ৰেছৱে’ত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । ঘন কুঁৱলীৰ বাবে ৮ খন বাছ আৰু আন তিনিখন বাহনৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ

ঘন কুঁৱলীৰ বাবে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । ৮খনকৈ বাছৰ আন বাহনৰ সৈতে হোৱা সংঘৰ্ষত দুৰ্ঘটনা সংঘটিত হয় ।

মথুৰা জিলাৰ যমুনা এক্সপ্ৰেছৱে’ত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । ঘন কুঁৱলীৰ বাবে ৮ খন বাছ আৰু আন তিনিখন বাহনৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষে্টি হয় ।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসন সেই স্থানত উপস্থিত হয় । এতিয়ালৈকে পোৱা তথ্য অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আহত হৈছে ৪০ জনতকৈ অধিক লোক । ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । জিলা দণ্ডাধীশ, এছ এছ পি, চি অ’ আৰু এছ ডি এমো ঘটনাস্থলীত উপস্থিত হয় । আটাইকেইজন আহতক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ অনাৰ বিপৰীতে এক্সপ্ৰেছৱেৰ এই অংশত যাতায়ত সাময়িকভাৱে বন্ধ কৰি দিয়া হয় । প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰথমে এটা দুৰ্ঘটনা সংঘটিত হয়, তাৰ পিছত তিনিৰ পৰা ৬খন বাছত জুই লাগে । দুৰ্ঘটনাৰ সময়ত বাছবোৰ সম্পূৰ্ণ ভৰ্তি হৈ আছিল আৰু সকলো আসন ভৰ্তি আছিল । প্ৰত্যক্ষদৰ্শীয়ে কয় যে দুৰ্ঘটনাৰ সময়ত তেওঁলোক শুই আছিল । হঠাৎ প্ৰচণ্ড শব্দৰে জুই বিয়পি পৰাত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় ।

দুৰ্ঘটনা সন্দৰ্ভত মথুৰাৰ এছ এছ পি শ্লোক কুমাৰে কয় যে ৭খন বাছ আৰু তিনিখন গাড়ীৰ সংঘৰ্ষৰ ফলত সকলো বাহনতে জুই লাগে । দুৰ্ঘটনাটোৱে ঘটনাস্থলীত বিশৃংখলতাৰ সৃষ্টি কৰে । সাহায্য আৰু উদ্ধাৰ অভিযান প্ৰায় সম্পূৰ্ণ হৈছে । এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে আহত ৪০ জনতকৈ অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সকলোৰে অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । মৃতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে এই ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে । লগতে আহতসকলৰ বাবে উপযুক্ত আৰু উন্নত চিকিৎসাৰ নিৰ্দেশ দিছে । জিলা দণ্ডাধীশে উল্লেখ কৰে যে বৰ্তমান আটাইকেইজন আহত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে ।

লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাই প্ৰাণ ল’লে ৭জনৰ; জৰুৰীকালীন অৱতৰণৰ সময়তে ঘটিল অঘটন