আই পি এলৰ বাবে আবুধাবিত খেলুৱৈৰ বজাৰ, মিনি নিলামৰ পূৰ্বে জানক সকলো

আই পি এলৰ বাবে আবুধাবিত খেলুৱৈৰ বজাৰ, মিনি নিলামৰ পূৰ্বে জানক সকলো

১৬ ডিচেম্বৰত আবু ধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম । এই নিলামৰ পূৰ্বে জানক সকলো প্ৰশ্নৰ উত্তৰ… ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ মিনি নিলাম আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান ঘন্টা বাকী । ১০টা ফ্ৰেঞ্চাইজিৰ ৭৭টা খেলুৱৈৰ স্লটৰ বাবে এই নিলাম অনুষ্ঠিত

১৬ ডিচেম্বৰত আবু ধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম । এই নিলামৰ পূৰ্বে জানক সকলো প্ৰশ্নৰ উত্তৰ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ মিনি নিলাম আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান ঘন্টা বাকী । ১০টা ফ্ৰেঞ্চাইজিৰ ৭৭টা খেলুৱৈৰ স্লটৰ বাবে এই নিলাম অনুষ্ঠিত হ’ব । এই নিলামৰ বাবে মুঠ খৰচৰ সীমা ২৩৭.৫৫ কোটি  নিৰ্ধাৰণ কৰা হৈছে । আগন্তুক ছিজন ২০২৬ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে আৰম্ভ হোৱাৰ কথা ।

কলকাতা নাইট ৰাইডাৰ্ছে এতিয়ালৈকে ৬৪.৩ কোটি টকাৰ সৰ্ববৃহৎ পাৰ্চ লৈ মিনি নিলামত প্ৰৱেশ কৰিছে, যিয়ে নিবিদাৰ দিশ নিৰ্ণয় কৰাত নিৰ্ণায়ক ভূমিকা ল’ব পাৰে । ইফালে, চেন্নাই ছুপাৰ কিংছৰো যথেষ্ট বাজেট আছে, যাৰ ফলত খেলুৱৈ নিৰ্বাচনত যথেষ্ট ক্ষমতা আছে ।

অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ কেমেৰুন গ্ৰীনে সৰ্বাধিক বিড লোৱাৰ কৰাৰ সম্ভাৱনা আছে, আনহাতে ভেংকটেশ আয়াৰ, লিয়াম লিভিংষ্টন, ৰবি বিষ্ণয়ৰ দৰে খেলুৱৈও ফ্ৰেঞ্চাইজিৰ দৃষ্টিত থাকিব পাৰে । যথেষ্ট পৰিমাণৰ ধন উপলব্ধ হোৱাৰ বাবে দলসমূহে হয়তো আনকেপড আৰু উদীয়মান খেলুৱৈ লাভ কৰিবলৈ আগ্ৰহী হ’ব পাৰে, যাৰ ফলত আশাব্যঞ্জক যুৱ খেলুৱৈৰ বাবে তীব্ৰ নিবিদা হ’ব পাৰে ।

মাৰ্চ মাহৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত স্মাৰ্ট বিনিয়োগে দলসমূহক নিৰ্ণায়ক দিশ প্ৰদান কৰিব পাৰে । সামগ্ৰিকভাৱে ২০২৬ চনৰ আই পি এলৰ মিনি নিলাম হ’ব এক উচ্চ বাজিৰ, য’ত ফ্ৰেঞ্চাইজিসমূহে নিজৰ আৰ্থিক সম্পদ ব্যৱহাৰ কৰি তাৰকা খেলুৱৈ আৰু উদীয়মান প্ৰতিভা উভয়কে সুৰক্ষিত কৰিব ।

আই পি এল ২০২৬ৰ নিলাম কেতিয়া ?

-১৬ ডিচেম্বৰ মঙলবাৰে অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম ।

-ক’ত হ’ব আই পি এল ২০২৬ৰ নিলাম ?

এইবাৰৰ নিলাম অনুষ্ঠিত হ’ব ইউ এ ইৰ আবুধাবিত ।

কিমান বজাত আৰম্ভ হ’ব আই পি এল ২০২৬ৰ নিলাম ?

-নিলাম আৰম্ভ হ’ব ২:৩০ বজাৰ পৰা ।

ক’ত চাব আইপিএল ২০২৬ৰ নিলাম ?

-ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত উপলব্ধ হ’ব এই লাইভ টেলিকাষ্ট ।

ক’ত চাব আই পি এল ২০২৬ৰ নিলামৰ লাইভ ষ্ট্ৰীম ?

-আপুনি ইয়াক JioHotstar এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰীম চাব পাৰিব ।

আই পি এল ২০২৬ৰ নিলামৰ বাবে দলসমূহৰ হাতত কিমান টকা আছে ?

কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) – ৬৪.৩ কোটি (১৩টা স্লট)

চেন্নাই ছুপাৰ কিংছ (চি এছ কে) – ৪৩.৪ কোটি (৯টা স্লট)

ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) – ২৫.৫ কোটি  (১০ স্লট)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি) – ২২.৯৫ কোটি (৬টা স্লট)

দিল্লী কেপিটেলছ (ডি চি) – ২১.৮ কোটি  (৮ স্লট)

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) – ১৬.৪ কোটি (৮টা স্লট)

ৰাজস্থান ৰয়েলছ (আৰ আৰ) – ১৬.০৫ কোটি  (৯ স্লট)

গুজৰাট টাইটানছ (জিটি) – ১২.৯ কোটি (৫টা স্লট)

পঞ্জাব কিংছ (পিবিকেএছ) – ১১.৫ কোটি (৪টা স্লট)

মুম্বাই ইণ্ডিয়ানছ (এম আই) – ২.৭৫ কোটি (৫টা স্লট)

এইবাৰ নিলামৰ তালিকাত মুঠ ৩৫০ জন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ফ্ৰেঞ্চাইজি দলসমূহে সৰ্বাধিক ৭৭জন খেলুৱৈৰ ওপৰতহে সফলতাৰে নিবিদা দিব পাৰিব । ইয়াৰে বিদেশী খেলুৱৈৰ সংখ্যা ৩১ জনতকৈ অধিক হ’ব নোৱাৰিব । চৰ্টলিষ্ট কৰা ৩৫০ গৰাকী খেলুৱৈৰ ভিতৰত আছে ২৪০ জন ভাৰতীয় আৰু ১১০ গৰাকী বিদেশী খেলুৱৈ । অৰ্থাৎ এইবাৰো নিলামত ভাৰতীয় খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনা আছে, আনহাতে সীমিত স্লটৰ বাবে বিদেশী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ