আই পি এল ২০২৬ : মিনি নিলামত ১০টা দলৰ হাতত বন্দী ৩৬৯জন খেলুৱৈৰ ভাগ্য

আজি আবু ধাবিত নিৰ্ণয় হ’ব ৩৬৯ গৰাকী খেলুৱৈৰ ভাগ্য । দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম ।

১৬ ডিচেম্বৰ, মঙলবাৰে আবুধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ মিনি নিলাম । এই নিলামত বিশ্বমানৰ ফাষ্ট বলিং অলৰাউণ্ডাৰৰ সীমিত উপলব্ধতাৰ বাবে অষ্ট্ৰেলিয়াৰ কেমেৰুন গ্ৰীণৰ স্থিতি শক্তিশালী যেন দেখা গৈছে । কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ দৰে দলে তেওঁৰ বাবে যথেষ্ট নিবিদা দিয়াৰ সম্ভাৱনা আছে । নিলামত মুঠ ৭৭ জন খেলুৱৈৰ বাবে দহটা ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিব আৰু আটাইকেইটা দলৰ হাতত মুঠ ২৩৭ কোটি ৫৫ লাখ টকা উপলব্ধ আছে ।

সীমিত বাজেটৰ বাবে সীমিত হ’ব মুম্বাই ইণ্ডিয়ানছৰ ভূমিকা-

নিলামত মুম্বাই ইণ্ডিয়ানছৰ ভূমিকা সীমিত হোৱাৰ সম্ভাৱনা আছে, কিয়নো তেওঁলোকৰ পাৰ্চ মাত্ৰ ২ কোটি ৭৫ লাখ টকা উপলব্ধ আছে । ফলস্বৰূপে দলটোৱে বেছিভাগ আনকেপড খেলুৱৈকে তেওঁলোকৰ বেছ প্ৰাইচত ক্ৰয় কৰিব পাৰিব ।

গ্ৰীণ, ভেংকটেশ আৰু লিভিংষ্টনে কৰিব পাৰে আকৰ্ষণ-

কেমেৰুন গ্ৰীণৰ উপৰিও ভাৰতীয় অল-ৰাউণ্ডাৰ ভেংকটেশ আয়াৰ আৰু ইংৰাজ আগ্ৰাসী বেটছমেন লিয়াম লিভিংষ্টনেও উল্লেখযোগ্য নিবিদা আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে । ফাষ্ট বলিং অল ৰাউণ্ডাৰসকল ফ্ৰেঞ্চাইজিৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে ।

কলকাতা আৰু চেন্নাইৰ মাজত হ’ব আটাইতকৈ ডাঙৰ যুঁজ-

কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত সৰ্বাধিক পাৰ্চ আছে । তেওঁলোকৰ হাতত ৬৪ কোটি ৩০ লাখ টকাৰ পাৰ্চ আছে আৰু তেওঁলোকৰ লাইনআপ পুনৰ নিৰ্মাণ কৰিবলৈ ১৩ জন খেলুৱৈ অধিগ্ৰহণ কৰিব লাগিব । ইফালে, চেন্নাই ছুপাৰ কিংছৰ হাতত ৪৩ কোটি ৪০ লাখ টকা উপলব্ধ আছে আৰু ই নিলামত কলকাতাৰ বাবে এক প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ।

গ্ৰীণৰ আই পি এলৰ অভিলেখ আকৰ্ষণৰ কেন্দ্ৰবিন্দু-

কেমেৰন গ্ৰীনে আই পি এলৰ ২৯খন খেলত ৭০৪ ৰান সংগ্ৰহ কৰাৰ লগতে ১৬টা উইকেট দখল কৰিছে । তিনিওটা ফৰ্মেটতে তেওঁ অষ্ট্ৰেলিয়াৰ নিয়মীয়া খেলুৱৈ, যাৰ ফলত তেওঁৰ চাহিদা আৰু অধিক বৃদ্ধি পাইছে ।

ভেংকটেশ আয়াৰৰ দামত সকলোৰে থাকিব দৃষ্টি-

ভেংকটেশ আয়াৰৰ ক্ষেত্ৰত তেওঁৰ বিড ১০ কোটিতকৈ অধিক হয় নে নহয় তাত সকলোৰে দৃষ্টি থাকিব । যোৱা ছিজনটো তেওঁৰ বাবে বিশেষ ভাল নাছিল, গতিকে এই ছিজনে তেওঁৰ প্ৰকৃত মূল্য প্ৰকাশ কৰিব ।

আৰ টি এম বিকল্প নাই, পোনপটীয়াকৈ নিবিদা দিব লাগিব ফ্ৰেঞ্চাইজিসমূহে-

আই পি এলৰ মিনি নিলামত উপলব্ধ নহয় ৰাইট টু মেচ (আৰ টি এম) কাৰ্ড । কলকাতা নাইট ৰাইডাৰ্ছে যদি ভেংকটেশ আয়াৰক ধৰি ৰাখিব বিচাৰে তেন্তে পোনপটীয়াকৈ আৰু বুদ্ধিমত্তাৰে নিবিদা দিব লাগিব ।

৯ কোটিৰো অধিক হ’ব পাৰে লিভিংষ্টন আৰু ডি ককৰ মূল্য-

ইংলেণ্ডৰ লিয়াম লিভিংষ্টন আৰু দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককেও ৯ কোটি পৰ্যন্ত বিড কমাণ্ড কৰিব পাৰে । বেটিং আৰু উইকেট কিপিং দুয়োটা দিশতে নিজকে প্ৰমাণ কৰি দেখুৱাইছে ডি ককে ।

অনকেপড ভাৰতীয় খেলুৱৈৰ ওপৰতো গুৰুত্ব-

এইবাৰৰ আই পি এল মিনি নিলামত অনকেপিং ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত প্ৰশান্ত বীৰ, মুকুল চৌধুৰী আৰু অশোক শৰ্মাই ভাল বিড আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে । পৃথ্বী শ্ব’ আৰু ছৰফৰাজ খানে নিজৰ কম ভিত্তি মূল্যত ক্ৰেতা বিচাৰি পোৱাৰ আশা কৰিব ।

কাৰ হাতত কিমান টকা বাকী আছে ?

কে কে আৰ – ৬৪.৩ কোটি টকা

চি এছ কে – ৪৩.৪ কোটি টকা

এছ আৰ এইচ – ২৫.৫ কোটি

এল এছ জি – ২২.৯৫ কোটি টকা

ডি চি – ২১.৮ কোটি টকা

আৰ চি বি – ১৬.৪ কোটি টকা

আৰ আৰ – ১৬.০৫ কোটি টকা

জি টি – ১২.৯ কোটি টকা

পি বি কে এছ – ১১.৫ কোটি

এম আই – ২.৭৫ কোটি টকা

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টি-২০ৰ পৰা বাহিৰ হ’ল এইগৰাকী অলৰাউণ্ডাৰ

আই পি এলৰ বাবে আবুধাবিত খেলুৱৈৰ বজাৰ, মিনি নিলামৰ পূৰ্বে জানক সকলো

১৬ ডিচেম্বৰত আবু ধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম । এই নিলামৰ পূৰ্বে জানক সকলো প্ৰশ্নৰ উত্তৰ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ মিনি নিলাম আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান ঘন্টা বাকী । ১০টা ফ্ৰেঞ্চাইজিৰ ৭৭টা খেলুৱৈৰ স্লটৰ বাবে এই নিলাম অনুষ্ঠিত হ’ব । এই নিলামৰ বাবে মুঠ খৰচৰ সীমা ২৩৭.৫৫ কোটি  নিৰ্ধাৰণ কৰা হৈছে । আগন্তুক ছিজন ২০২৬ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে আৰম্ভ হোৱাৰ কথা ।

কলকাতা নাইট ৰাইডাৰ্ছে এতিয়ালৈকে ৬৪.৩ কোটি টকাৰ সৰ্ববৃহৎ পাৰ্চ লৈ মিনি নিলামত প্ৰৱেশ কৰিছে, যিয়ে নিবিদাৰ দিশ নিৰ্ণয় কৰাত নিৰ্ণায়ক ভূমিকা ল’ব পাৰে । ইফালে, চেন্নাই ছুপাৰ কিংছৰো যথেষ্ট বাজেট আছে, যাৰ ফলত খেলুৱৈ নিৰ্বাচনত যথেষ্ট ক্ষমতা আছে ।

অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ কেমেৰুন গ্ৰীনে সৰ্বাধিক বিড লোৱাৰ কৰাৰ সম্ভাৱনা আছে, আনহাতে ভেংকটেশ আয়াৰ, লিয়াম লিভিংষ্টন, ৰবি বিষ্ণয়ৰ দৰে খেলুৱৈও ফ্ৰেঞ্চাইজিৰ দৃষ্টিত থাকিব পাৰে । যথেষ্ট পৰিমাণৰ ধন উপলব্ধ হোৱাৰ বাবে দলসমূহে হয়তো আনকেপড আৰু উদীয়মান খেলুৱৈ লাভ কৰিবলৈ আগ্ৰহী হ’ব পাৰে, যাৰ ফলত আশাব্যঞ্জক যুৱ খেলুৱৈৰ বাবে তীব্ৰ নিবিদা হ’ব পাৰে ।

মাৰ্চ মাহৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত স্মাৰ্ট বিনিয়োগে দলসমূহক নিৰ্ণায়ক দিশ প্ৰদান কৰিব পাৰে । সামগ্ৰিকভাৱে ২০২৬ চনৰ আই পি এলৰ মিনি নিলাম হ’ব এক উচ্চ বাজিৰ, য’ত ফ্ৰেঞ্চাইজিসমূহে নিজৰ আৰ্থিক সম্পদ ব্যৱহাৰ কৰি তাৰকা খেলুৱৈ আৰু উদীয়মান প্ৰতিভা উভয়কে সুৰক্ষিত কৰিব ।

আই পি এল ২০২৬ৰ নিলাম কেতিয়া ?

-১৬ ডিচেম্বৰ মঙলবাৰে অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম ।

-ক’ত হ’ব আই পি এল ২০২৬ৰ নিলাম ?

এইবাৰৰ নিলাম অনুষ্ঠিত হ’ব ইউ এ ইৰ আবুধাবিত ।

কিমান বজাত আৰম্ভ হ’ব আই পি এল ২০২৬ৰ নিলাম ?

-নিলাম আৰম্ভ হ’ব ২:৩০ বজাৰ পৰা ।

ক’ত চাব আইপিএল ২০২৬ৰ নিলাম ?

-ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত উপলব্ধ হ’ব এই লাইভ টেলিকাষ্ট ।

ক’ত চাব আই পি এল ২০২৬ৰ নিলামৰ লাইভ ষ্ট্ৰীম ?

-আপুনি ইয়াক JioHotstar এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰীম চাব পাৰিব ।

আই পি এল ২০২৬ৰ নিলামৰ বাবে দলসমূহৰ হাতত কিমান টকা আছে ?

কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) – ৬৪.৩ কোটি (১৩টা স্লট)

চেন্নাই ছুপাৰ কিংছ (চি এছ কে) – ৪৩.৪ কোটি (৯টা স্লট)

ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) – ২৫.৫ কোটি  (১০ স্লট)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি) – ২২.৯৫ কোটি (৬টা স্লট)

দিল্লী কেপিটেলছ (ডি চি) – ২১.৮ কোটি  (৮ স্লট)

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) – ১৬.৪ কোটি (৮টা স্লট)

ৰাজস্থান ৰয়েলছ (আৰ আৰ) – ১৬.০৫ কোটি  (৯ স্লট)

গুজৰাট টাইটানছ (জিটি) – ১২.৯ কোটি (৫টা স্লট)

পঞ্জাব কিংছ (পিবিকেএছ) – ১১.৫ কোটি (৪টা স্লট)

মুম্বাই ইণ্ডিয়ানছ (এম আই) – ২.৭৫ কোটি (৫টা স্লট)

এইবাৰ নিলামৰ তালিকাত মুঠ ৩৫০ জন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ফ্ৰেঞ্চাইজি দলসমূহে সৰ্বাধিক ৭৭জন খেলুৱৈৰ ওপৰতহে সফলতাৰে নিবিদা দিব পাৰিব । ইয়াৰে বিদেশী খেলুৱৈৰ সংখ্যা ৩১ জনতকৈ অধিক হ’ব নোৱাৰিব । চৰ্টলিষ্ট কৰা ৩৫০ গৰাকী খেলুৱৈৰ ভিতৰত আছে ২৪০ জন ভাৰতীয় আৰু ১১০ গৰাকী বিদেশী খেলুৱৈ । অৰ্থাৎ এইবাৰো নিলামত ভাৰতীয় খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰাৰ সম্ভাৱনা আছে, আনহাতে সীমিত স্লটৰ বাবে বিদেশী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ