কোন হ’ব আই চি চিৰ ২০২৫ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ ?  এইসকল খেলুৱৈৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন বিৰাট কোহলী

কোন হ’ব আই চি চিৰ ২০২৫ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ ?  এইসকল খেলুৱৈৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন বিৰাট কোহলী

২০২৫ৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ দৌৰত কোন কোন ? ভাৰতৰ হৈ এই তলিকাত একমাত্ৰ ক্ৰিকেটাৰ বিৰাট কোহলী । ২০২৫ চনৰ আই চি চিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত একমাত্ৰ ভাৰতীয় হৈছে বিৰাট কোহলী । বিৰাটে এই বছৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও তেওঁৰ

২০২৫ৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ দৌৰত কোন কোন ? ভাৰতৰ হৈ এই তলিকাত একমাত্ৰ ক্ৰিকেটাৰ বিৰাট কোহলী ।

২০২৫ চনৰ আই চি চিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ বঁটাৰ বাবে মনোনীত একমাত্ৰ ভাৰতীয় হৈছে বিৰাট কোহলী । বিৰাটে এই বছৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও তেওঁৰ এদিনীয়া ফৰ্ম অতি উত্তম, যোৱা চাৰিটা এদিনীয়া ইনিংছত ৫০+ ৰান সংগ্ৰহ কৰিছে তেওঁ । বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ বাবে মনোনীত তালিকাত বিৰাটৰ বাহিৰে আন কোনো ভাৰতীয় নাই ।

খবৰ অনুসৰি ২০২৫ চনৰ এদিনীয়া ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ বঁটাৰ বাবে বিৰাট কোহলী, জো ৰুট, মেথিউ ব্ৰিট্জকে, শ্বাহী হোপ, ডেৰিল মিচেল, মেট হেনৰী, আদিল ৰছিদ, চিকন্দৰ ৰাজা, মিচেল ছেণ্টনাৰ আৰু জেডেন ছিলছক মনোনীত কৰা হৈছে । আচৰিত কথাটো হ’ল ২০২৫ চনত ৰোহিত আৰু কোহলীয়ে প্ৰায় একে সংখ্যক ৰান সংগ্ৰহ কৰিছিল যদিও ৰোহিত শৰ্মাই এই তালিকাত স্থান লাভ কৰাত ব্যৰ্থ হয় ।

২০২৫ চনত ভাৰতৰ হৈ অগ্ৰণী ৰান সংগ্ৰহকাৰী বিৰাট কোহলী । এইবাৰ বিৰাটে ১৩খন এদিনীয়াত ৬৫১ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ আকৰ্ষণীয় গড় ৬৫.১০ । তেওঁ এইবাৰ তিনিটা শতক আৰু চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত তেওঁ একেৰাহে দুটা শতক আৰু অৰ্ধশতক অৰ্জন কৰিছিল । সেই সমগ্ৰ ছিৰিজতে তেওঁ ৩০২ ৰান সংগ্ৰহ কৰিছিল ।

ইয়াৰ পিছত বিৰাট কোহলীক ভাৰতীয় ঘৰুৱা লিষ্ট এ টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফীত খেলা দেখা যাব । প্ৰায় এটা দশক পূৰ্বে তেওঁ শেষবাৰৰ বাবে এই প্ৰতিযোগিতাত খেলিছিল । চলিত বৰ্ষৰ আৰম্ভণিতে কোহলীয়ে কুমাৰ ছাংগাক্কাৰাক অতিক্ৰম কৰি এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল । তেওঁ ৩০৮খন এদিনীয়াত ১৪,৫৫৭ ৰান সংগ্ৰহ কৰিছে ।

ইতিমধ্যে তেওঁ কোনো এটা ফৰ্মেটত বেছিভাগ শতকৰ অভিলেখ গঢ়ি তুলিছে । এদিনীয়া মেচত বিৰাটে ৫৩টা শতক অৰ্জন কৰিছে । ইয়াৰ পূৰ্বে এদিনীয়া ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ শচীন টেণ্ডুলকাৰৰ হাতত আছিল, যিয়ে টেষ্টত ৫১টা শতক অৰ্জন কৰিছিল ।

লগতে পঢ়ক : ৰণক্ষেত্ৰলৈ পৰিণত হ’ল খেলপথাৰ, ফুটবল সম্ৰাটক চাবলৈ নাপায় অনুৰাগীৰ তাণ্ডৱ