দিল্লী উচ্চ ন্যায়ালয়ৰ দুৱাৰত টোকৰ ছলমান খানৰ; ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী

দিল্লী উচ্চ ন্যায়ালয়ৰ দুৱাৰত টোকৰ ছলমান খানৰ; ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী

ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ছুপাৰষ্টাৰ ছলমান খান। বলীউডৰ বহু তাৰকাই যোৱা কেইমাহমানৰ পৰা নিজৰ ব্যক্তিত্বৰ অধিকাৰৰ বাবে আদালতৰ কাষ চাপিছে।এতিয়া বলীউডৰ ভাইজান ছলমান খানৰ নামো এই তাৰকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে

ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ছুপাৰষ্টাৰ ছলমান খান।

বলীউডৰ বহু তাৰকাই যোৱা কেইমাহমানৰ পৰা নিজৰ ব্যক্তিত্বৰ অধিকাৰৰ বাবে আদালতৰ কাষ চাপিছে।এতিয়া বলীউডৰ ভাইজান ছলমান খানৰ নামো এই তাৰকাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।

শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে,যাৰ ওপৰত ১১ ডিচেম্বৰত অৰ্থাৎ কাইলৈ শুনানি গ্ৰহণ কৰা হ’ব।

ছলমানে খানে দাবী জনাইছে যে,তেওঁৰ অনুমতি অবিহনে তেওঁৰ নাম, পৰিচয় আৰু কণ্ঠ ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব।

ছলমান খানৰ পূৰ্বে জেকী শ্ৰফ, অনিল কাপুৰ, কৰণ জোহৰ, হৃতিক ৰোশন, অজয় ​​দেৱগান, শিল্পা শ্বেট্টী, ঐশ্বৰ্য ৰায় আৰু অক্ষয় কুমাৰৰ দৰে তাৰকাই নিজৰ ব্যক্তিত্বৰ অধিকাৰ ৰক্ষাৰ বাবে আদালতৰ কাষ চাপিছে।

নিজৰ গোপনীয়তা আৰু ব্যক্তিত্বৰ অধিকাৰ ৰক্ষাৰ বাবে আদালতত আন্দোলন কৰি অহা চেলিব্ৰিটিসকলে নিজৰ আবেদনত কয় যে তেওঁলোকৰ নাম, কণ্ঠ, অভিব্যক্তি আৰু অন্যান্য চিনাক্তকৰণ বৈশিষ্ট্যৰ অপব্যৱহাৰ কৰি থকা হৈছে।

চেলিব্ৰিটিসকলৰ মতে তেওঁলোকৰ অনুমতি অবিহনে নিজৰ পৰিচয়, ফটো, কণ্ঠ বা যিকোনো বৈশিষ্ট্য ব্যৱহাৰ কৰাটো তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা।

তেওঁলোকে এই অপব্যৱহাৰ বন্ধ কৰিবলৈ দাবী জনাইছে।ইয়াৰ ভিতৰত AI-উৎপন্ন ডিপফেক ছবি আৰু ভিডিঅ’, বিভ্ৰান্তিকৰ বিজ্ঞাপন, ভুৱা ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স (পূৰ্বতে টুইটাৰ) আৰু ই-কমাৰ্চ ৱেবছাইটত ভুৱা ছ’চিয়েল মিডিয়া প্ৰফাইল তৈয়াৰ কৰাও অন্তৰ্ভূক্ত হৈ আছে।

লগতে পঢ়ক: আৰাধ্যা বচ্চনৰ নামত ভুৱা একাউণ্ট… মাতৃ ঐশ্বৰ্যই স্পষ্ট কৰি জনালে আহ্বান

শেহতীয়া প্ৰৱন্ধসমূহ