তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে অৰ্জন কৰিছে এক অনন্য কৃতিত্ব । এই কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথজন ভাৰতীয় বলাৰ । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৯ ডিচেম্বৰত কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচখনত টিম ইণ্ডিয়াই

ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে অৰ্জন কৰিছে এক অনন্য কৃতিত্ব । এই কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথজন ভাৰতীয় বলাৰ ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৯ ডিচেম্বৰত কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচখনত টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ১০১ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । এই লক্ষ্যক অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ বেটিং অৰ্ডাৰে ভাৰতীয় বলাৰৰ পৰাক্ৰম সহিব নোৱাৰি মাত্ৰ ৭৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰিবলগা হয় ।

টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত এয়াই হৈছে দক্ষিণ আফ্ৰিকাৰ সৰ্বনিম্ন স্কৰ । প্ৰটিয়াছক অল আউট কৰাত যশপ্ৰীত বুমৰাহে দুটা উইকেটৰ বৰঙণি আগবঢ়ায় । এই মেচখনত প্ৰথমটো উইকেট লাভ কৰাৰ পাছতেই বুমৰাহে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শতক অৰ্জন কৰি ভাৰতীয় ক্ৰিকেটত কোনো বলাৰে কেতিয়াও অৰ্জন কৰিব নোৱাৰা এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

টি-২০ত বুমৰাহৰ শতক-

কটকত অনুষ্ঠিত প্ৰথম টি-২০ত ডেৱাল্ড ব্ৰেভিছৰ উইকেট দখল কৰি টি-২০ত বুমৰাহে শতক অৰ্জন কৰে । চলিত বৰ্ষৰ আৰম্ভণিতে এই কৃতিত্ব অৰ্জন কৰা অৰ্শদীপ সিঙৰ পিছতে এই ফৰ্মেটত ১০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় বুমৰাহ । বৰ্তমান অৰ্শদীপ ভাৰতৰ টি-২০ত আগশাৰীৰ উইকেট দখলকাৰী । ১০১টা উইকেটৰে তালিকাৰ দ্বিতীয় স্থানত আছে যশপ্ৰীত বুমৰাহ ।

টি-২০ত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ-

অৰ্শদীপ সিং – ১০৭

যশপ্ৰীত বুমৰাহ – ১০১

হাৰ্দিক পাণ্ডিয়া – ৯৯

যুজবেন্দ্ৰ চাহাল – ৯৬

ভুৱনেশ্বৰ কুমাৰ – ৯০

তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰা প্ৰথম ভাৰতীয়-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ১০০ উইকেট দখল কৰাৰ সমান্তৰালভাৱে বুমৰাহে তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰিবলৈ সক্ষম হৈছে । এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বলাৰত পৰিগণিত হৈছে তেওঁ । বুমৰাহৰ টেষ্টত ২৩৪টা আৰু এদিনীয়াত ১৪৯টা উইকেট আছে ।

বিশেষ তালিকাত যোগদান বুমৰাহৰ-

বৰ্তমান বিশ্বৰ মাত্ৰ চাৰিজন বলাৰৰ নাম থকা অভিজাত তালিকাত যোগদান কৰিছে যশপ্ৰীত বুমৰাহে । ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰা বিশ্বৰ পঞ্চমজন বলাৰ বুমৰাহ । এই অভিলেখ পূৰ্বতে লাচিথ মালিংগাৰ হাতত আছিল । ইয়াৰ উপৰিও তেওঁ টিম চাউথী, ছাকিব আল হাছান আৰু শ্বাহীন আফ্ৰিদিৰ সৈতে যোগদান কৰিছে ।

লগতে পঢ়ক : কটকত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুৰ্দান্ত জয় সূৰ্য ব্ৰিগেডৰ, বেটে-বলে উজ্বলিল হাৰ্দিক পাণ্ডিয়া