ছৌদিত উমৰাহ হজলৈ যোৱা ৪২ ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

ছৌদিত উমৰাহ হজলৈ যোৱা ৪২ ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

উমৰাহ হজলৈ যোৱা ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা ছৌদি আৰৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত কমেও ৪২ জন ভাৰতীয়ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আটাইকেইজনেই উমৰাহ হজৰ বাবে চৌদি আৰৱলৈ গৈছিল । সোমবাৰে পুৱা এখন বাছত মক্কাৰ পৰা মদিনা অভিমুখে

উমৰাহ হজলৈ যোৱা ভাৰতীয়ৰ সৈতে ভয়ংকৰ ঘটনা

ছৌদি আৰৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত কমেও ৪২ জন ভাৰতীয়ৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আটাইকেইজনেই উমৰাহ হজৰ বাবে চৌদি আৰৱলৈ গৈছিল । সোমবাৰে পুৱা এখন বাছত মক্কাৰ পৰা মদিনা অভিমুখে গৈ আছিল যাত্ৰীসকল । গৈ থকা অৱস্থাতে ডিজেল টেংকাৰৰ সৈতে বাছখন সংঘৰ্ষত লিপ্ত হয় আৰু লগে লগে বাছখন জুইয়ে আগুৰি ধৰে । প্ৰাথমিক খবৰ অনুসৰি মুফাৰীহাটৰ সমীপত প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ।

জানিব পৰা মতে নিহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে । আটাইকেইজন হায়দৰাবাদ আৰু তেলেংগানাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে । প্ৰাথমিক তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ২০ গৰাকী মহিলা আৰু ১১ টা শিশু আছিল ।

মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা-

এই ভাৰতীয় যাত্ৰীসকল উমৰাহ হজলৈ গৈ আছিল । মক্কাত নিজৰ ৰীতি-নীতি সম্পূৰ্ণ কৰাৰ পিছত মদীনালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাৰ সময়ত বহু যাত্ৰী বাছখনত শুই থকা বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ দুৰ্ঘটনাত ৪২ জনৰ মৃত্যু হয় । জৰুৰীকালীন সেৱাই ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

হেল্পলাইন নম্বৰ মুকলি-

মদিনাৰ সমীপত চৌদি আৰৱত ভাৰতীয় উমৰাহ তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পিছত জেদ্দাত থকা ভাৰতীয় কনছুলেট জেনেৰেলত ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে :

৮০০২৪৪০০০৩ (টোল ফ্ৰী)

০১২২৬১৪০৯৩

০১২৬৬১৪২৭৬

০৫৫৬১২২৩০১ (ৱাটছএপ)

লগতে পঢ়ক : শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

শেহতীয়া প্ৰৱন্ধসমূহ