হঠাৎ অসুস্থ বলীউড অভিনেতা গোবিন্দা; ঘৰতে হৈ পৰিল অচেতন

ঘৰতে অচেতন হৈ পৰিল বলীউড অভিনেতা গোবিন্দা; নিশাই ভৰ্তি চিকিৎসালয়ত

অসুস্থ বলীউড অভিনেতা গোবিন্দা হঠাৎ অসুস্থ বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা । নিশাৰ ভাগত স্ব-গৃহত অচেতন হৈ পৰাত মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে বুলি তেওঁৰ বন্ধু ললিত বিন্দলে প্ৰকাশ কৰিছে । গোবিন্দাৰ বন্ধু ললিত বিন্দালে অভিনেতাজনৰ অৱস্থা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সবিশেষ প্ৰকাশ

অসুস্থ বলীউড অভিনেতা গোবিন্দা

হঠাৎ অসুস্থ বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা । নিশাৰ ভাগত স্ব-গৃহত অচেতন হৈ পৰাত মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে বুলি তেওঁৰ বন্ধু ললিত বিন্দলে প্ৰকাশ কৰিছে ।

গোবিন্দাৰ বন্ধু ললিত বিন্দালে অভিনেতাজনৰ অৱস্থা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সবিশেষ প্ৰকাশ কৰে । তেওঁ কয়, “সন্ধিয়া ঘৰত হঠাতে অচেতন হৈ পৰিল, তাৰ পিছত মোক ফোন কৰিলে । মই তেওঁক ক্ৰিটিকেল কেয়াৰ হাস্পতাললৈ লৈ আহিলোঁ । তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে আৰু চিকিৎসা চলি আছে ।” ইফালে এই খবৰ বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰে ।

অভিনেতাগৰাকীৰ বন্ধু ললিত বিন্দলে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তেও এই খবৰটো শ্বেয়াৰ কৰে । তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “মোৰ প্ৰিয় বন্ধু গোবিন্দা অচেতন হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ ।”

এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে উদ্বেগ প্ৰকাশ কৰে । সকলোৱে সামাজিক মাধ্যমযোগে জনপ্ৰিয় বলীউড অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক : মিছ ইউনিভাৰ্ছ ২০২৫ত খলকনি তুলিছে এইগৰাকী ভাৰতীয় সুন্দৰীয়ে