দ্বিতীয় এদিনীয়াত প্ৰথমে বলিঙৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ; অপৰিৱৰ্তিত ভাৰতৰ মূল একাদশ

দ্বিতীয় এদিনীয়াত প্ৰথমে বলিঙৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ; অপৰিৱৰ্তিত ভাৰতৰ মূল একাদশ

ৰায়পুৰত আজি অনুষ্ঠিত হোৱা দ্বিতীয় এদিনীয়াত প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছে দক্ষিণ আফ্ৰিকাই । আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে শৃংখলাৰ দ্বিতীয়খন এদিনীয়া । দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লৈছে । ভাৰতক দলটোৱে প্ৰথমে

ৰায়পুৰত আজি অনুষ্ঠিত হোৱা দ্বিতীয় এদিনীয়াত প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছে দক্ষিণ আফ্ৰিকাই ।

আজি ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে শৃংখলাৰ দ্বিতীয়খন এদিনীয়া । দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লৈছে । ভাৰতক দলটোৱে প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই ।

অপৰিৱৰ্তিত ভাৰতৰ মূল একাদশ-

এই মেচখনৰ বাবে টিম ইণ্ডিয়াই মূল একাদশত কোনো পৰিৱৰ্তন কৰা নাই । ৰাঁচীত খেলা একেটা দলেই ৰায়পুৰতো খেলিব । ইফালে প্ৰটিয়াছ দললৈ ঘূৰি আহিছে টেম্বা বাভুমা । প্ৰথমখন মেচত তেওঁ খেলা নাছিল ।

ৰায়পুৰ এদিনীয়াত ভাৰতৰ মূল একাদশ :

যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাদ, ৱাশ্বিংটন সুন্দৰ, কে এল ৰাহুল (অধিনায়ক, উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণ ।

উল্লেখ্য যে, ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ১৭ ৰানত জয়লাভ কৰিছিল ভাৰতীয় দলে ।

লগতে পঢ়ক : ৰোহিত-কোহলীৰে কি গোপন আলোচনা ৰাষ্ট্রীয় নির্বাচকৰ

শেহতীয়া প্ৰৱন্ধসমূহ