সংসদত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ, সহমতত চৰকাৰ-বিৰোধী

সংসদত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ, সহমতত চৰকাৰ-বিৰোধী

শীতকালীন অধিৱেশনত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে সোমবাৰে লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী সন্দৰ্ভত চৰ্চা আৰু মঙলবাৰে নিৰ্বাচনী সংস্কাৰৰ সন্দৰ্ভত আলোচনা কৰা হ’ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠক আৰু

শীতকালীন অধিৱেশনত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে সোমবাৰে লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী সন্দৰ্ভত চৰ্চা আৰু মঙলবাৰে নিৰ্বাচনী সংস্কাৰৰ সন্দৰ্ভত আলোচনা কৰা হ’ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠক আৰু ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । কিৰেন ৰিজিজুৱে এক্সত এটা পোষ্টযোগে কয়, ‘আজি লোকসভাৰ অধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সময়ত ৮ ডিচেম্বৰ সোমবাৰে দিনৰ ১২ বজাৰ পৰা লোকসভাত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী সন্দৰ্ভত আৰু ৯ ডিচেম্বৰ মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত এক আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।’

৮ ডিচেম্বৰত ‘বন্দে মাতৰম’ৰ ওপৰত আলোচনা-

ব্যৱসায়িক উপদেষ্টা পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে অহা ৮ ডিচেম্বৰত লোকসভাত ‘বন্দে মাতৰম’ সন্দৰ্ভত বিতং আলোচনা অনুষ্ঠিত হ’ব । ইয়াৰ বাবে দহ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে । এই ঐতিহাসিক বিতৰ্ক উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আশা কৰা হৈছে যে এই বিতৰ্কত আধুনিক ভাৰতত ৰাষ্ট্ৰীয় গীতৰ ইতিহাস, তাৎপৰ্য, ভূমিকা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

৯ আৰু ১০ ডিচেম্বৰত নিৰ্বাচনী সংস্কাৰৰ ওপৰত আলোচনা-

ইয়াৰ উপৰিও ৯ ডিচেম্বৰত নিৰ্বাচনী সংস্কাৰৰ ওপৰত ১০ ঘণ্টীয়া আলোচনা অনুষ্ঠিত হ’ব বুলিও সিদ্ধান্ত লোৱা হয় । চৰকাৰ আৰু বিৰোধী উভয়ে নিজৰ মতামত দাঙি ধৰিব । আলোচনাৰ সামৰণিৰ পিছতে ১০ ডিচেম্বৰত চৰকাৰৰ হৈ উত্তৰ দিব কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ।

কোনো বাধা নোহোৱাকৈ অধিবেশন চলোৱাত সহমতি-

১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত লোকসভাত কোনো বাধা নোহোৱাকৈ কাৰ্য্যবিধি চলাবলৈ সহমতত উপনীত হৈছে । অধ্যক্ষ ওম বিৰলাৰ চেম্বাৰত অনুষ্ঠিত নেতাসকলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে । বৈঠকৰ সময়ত কেইবাটাও দলে সদনৰ কাম-কাজ নিয়মীয়া কৰি ৰখাৰ বাবে সন্মতি প্ৰকাশ কৰে আৰু গুৰুতৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : ‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা

শেহতীয়া প্ৰৱন্ধসমূহ