সমুদ্ৰত বৃদ্ধি ভাৰতৰ শক্তি; নৌসেনাই লাভ কৰিলে ‘চাইলেন্ট হান্টাৰ’

সমুদ্ৰত বৃদ্ধি ভাৰতৰ শক্তি; নৌসেনাই লাভ কৰিলে ‘চাইলেন্ট হান্টাৰ’

নৌসেনাই লাভ কৰিলে ‘চাইলেন্ট হান্টাৰ’ সোমবাৰে ভাৰতীয় নৌসেনাই লাভ কৰে ছাবমেৰিন বিৰোধী যুদ্ধৰ বাবে নিৰ্মাণ কৰা আই এন এছ মাহে । এইখন ছাবমেৰিন বিৰোধী যুদ্ধৰ ASW-SWCৰ মাহে শ্ৰেণীৰ প্ৰথমখন যুদ্ধজাহাজ । পশ্চিম নৌসেনাৰ ফ্লেগ আফিচাৰ কমাণ্ডিং-ইন-চিফ ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ অধ্যক্ষতা

নৌসেনাই লাভ কৰিলে ‘চাইলেন্ট হান্টাৰ’

সোমবাৰে ভাৰতীয় নৌসেনাই লাভ কৰে ছাবমেৰিন বিৰোধী যুদ্ধৰ বাবে নিৰ্মাণ কৰা আই এন এছ মাহে । এইখন ছাবমেৰিন বিৰোধী যুদ্ধৰ ASW-SWCৰ মাহে শ্ৰেণীৰ প্ৰথমখন যুদ্ধজাহাজ । পশ্চিম নৌসেনাৰ ফ্লেগ আফিচাৰ কমাণ্ডিং-ইন-চিফ ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ অধ্যক্ষতা কৰে সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ।

ভাৰতীয় নৌসেনাত অন্তৰ্ভূক্ত হোৱাৰ পিছত আজি সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মাহেৰ গাইড ট্যুৰ কৰে ।

যুদ্ধজাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সফলতা-

মাহেৰ অন্তৰ্ভূক্তিৰ ফলত নতুন প্ৰজন্মৰ থলুৱা এন্টি ছাবমেৰিন ৱাৰফেৱাৰ শ্বেল ৱাটাৰ ক্ৰাফ্টৰ আগমনৰ প্ৰতীক–  আকৰ্ষক, দ্ৰুত আৰু সম্পূৰ্ণ ভাৰতীয় । ৮০ শতাংশতকৈ অধিক স্বদেশী সামগ্ৰীৰে মাহে শ্ৰেণীৰ যুদ্ধজাহাজসমূহে ভাৰতৰ ডিজাইন, নিৰ্মাণ আৰু সংহতিৰ ক্ষেত্ৰত ক্ৰমাৎ বৃদ্ধি পোৱা দক্ষতাক প্ৰতিফলিত কৰে ।

পশ্চিম উপকূলৰ ‘মৌন চিকাৰী’-

আই এন এছ মাহে পশ্চিম সাগৰীয় উপকৃলত ‘চাইলেণ্ট হান্টাৰ’ হিচাপে কাম কৰিব, যি আত্মনিৰ্ভৰশীল আৰু ভাৰতৰ সামুদ্ৰিক সীমা ৰক্ষাৰ বাবে উৎসৰ্গিত । মাহেক অগভীৰ পানীত ছাবমেৰিন ধৰা পেলোৱা আৰু ধ্বংস কৰা, উপকূলীয় চোৰাংচোৱাগিৰি আৰু সামুদ্ৰিক সীমান্ত নিৰাপত্তাৰ দৰে মিছনৰ বাবে ডিজাইন কৰা হৈছে ।

উপকূলীয় নিৰাপত্তাত গুৰুত্বপূৰ্ণ ভূমিকা-

এই জাহাজখনে ইয়াৰ ফায়াৰপাৱাৰ, ষ্টীলথ্ প্ৰযুক্তি আৰু গতিশীলতাৰ বাবে উপকূলীয় নিৰাপত্তাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । আকাৰত কমপেক্ট কিন্তু ক্ষমতাত অতিশয় শক্তিশালী, মাহে উপকূলীয় অঞ্চলত দ্ৰুততা, সঠিকতা আৰু দীঘলীয়া কাৰ্য্যকৰী ক্ষমতাক সাৰ্থক কৰি তোলে ।

কি হয় এন্টি ছাবমেৰিন ৱাৰফেৱাৰ শ্বেল ৱাটাৰ ক্ৰাফ্ট ?

এন্টি ছাবমেৰিন ৱাৰফেৱাৰ শ্বেল ৱাটাৰ ক্ৰাফ্ট(ASW-SWC) হৈছে উপকূলীয় অঞ্চলৰ অগভীৰ পানীত থকা চাবমেৰিন ধৰা পেলাবলৈ আৰু ধ্বংস কৰিবলৈ ডিজাইন কৰা যুদ্ধজাহাজ । এই জাহাজসমূহে নৌসেনাৰ উপকূলীয় প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি কৰে আৰু উন্নত ছ’নাৰ, টৰ্পিডো আৰু ৰকেট লঞ্চাৰৰ দৰে ব্যৱস্থাৰে সজ্জিত । এই জাহাজসমূহে শত্ৰুৰ ছাবমেৰিন ধৰা পেলোৱা, অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱা আৰু মাইন স্থাপন কৰা আদি কামো কৰিব পাৰে ।

লগতে পঢ়ক : সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য