কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৰাজ্যৰ বিকাশকেন্দ্ৰিক বিভিন্ন বিষয় আলোচনা

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৰাজ্যৰ বিকাশকেন্দ্ৰিক বিভিন্ন বিষয় আলোচনা

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি চলি থকা বিভিন্ন কল্যাণমূলক পদক্ষেপ আৰু ৰাজ্যখনৰ মূল উন্নয়নমূলক বিষয়সমূহৰ ওপৰত আলোচনা কৰে ৷ গৃহমন্ত্ৰী শ্বাহৰ চৰকাৰী বাসগৃহত প্ৰায় ২০ মিনিটৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বৰ্তমান চলি থকা কেইবাখনো

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি চলি থকা বিভিন্ন কল্যাণমূলক পদক্ষেপ আৰু ৰাজ্যখনৰ মূল উন্নয়নমূলক বিষয়সমূহৰ ওপৰত আলোচনা কৰে ৷

গৃহমন্ত্ৰী শ্বাহৰ চৰকাৰী বাসগৃহত প্ৰায় ২০ মিনিটৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বৰ্তমান চলি থকা কেইবাখনো কল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক নিৰন্তৰ পথ প্ৰদৰ্শন আৰু অসমৰ বিকীশৰ গতিপথ শক্তিশালী কৰাৰ অটল দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

এই আলোচনাত ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে জনকল্যাণৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে ভৱিষ্যতৰ কৌশলসমূহো সামৰি লোৱা হয় ।

এই সাক্ষাতৰ পিছত এক্সত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক অসমৰ সৈতে জড়িত চলি থকা বিভিন্ন কল্যাণমূলক কাম আৰু অন্যান্য বিষয়ৰ বিষয়ে অৱগত কৰিলোঁ । তেওঁৰ পথ প্ৰদৰ্শন আৰু অসমৰ বিকাশৰ গতি শক্তিশালী কৰাৰ অদম্য প্ৰচেষ্টাৰ বাবে আমি অত্যন্ত কৃতজ্ঞ ।”

লগতে পঢ়ক : কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ