মহিলা ক্ৰিকেটে আজি লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন; ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ যুঁজ

মহিলা ক্ৰিকেটে আজি লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন; ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ যুঁজ

মহিলা ক্ৰিকেটে আজি লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন আজি মহিলা ক্ৰিকেটে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন । আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ আজি অনুষ্ঠিত হ’ব ৰোমাঞ্চকৰ ফাইনেল মেচ । এই হাই ভল্টেজ মেচত মুখামুখি হ’ব ভাৰত-দক্ষিণ আফ্ৰিকা । এতিয়া প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ

মহিলা ক্ৰিকেটে আজি লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন

আজি মহিলা ক্ৰিকেটে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন । আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ আজি অনুষ্ঠিত হ’ব ৰোমাঞ্চকৰ ফাইনেল মেচ । এই হাই ভল্টেজ মেচত মুখামুখি হ’ব ভাৰত-দক্ষিণ আফ্ৰিকা । এতিয়া প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখলৰ অপেক্ষাত আছে দুয়োটা দল ।

ইফালে সপোনক বাস্তবায়িত কৰাৰ সুযোগ লাভ কৰিছে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে । এই মেচত জয়লাভ কৰি ইতিহাস ৰচনাৰ সুযোগ হৰমনপ্ৰীত বাহিনীৰ হাতত । দেশক বিশ্ব চেম্পিয়ন কৰা হৰমনপ্ৰীত কৌৰ বাহিনীৰ বহুদিনীয়া সপোন । দেওবাৰে ডি ৱাই পাটিল ষ্টেডিয়ামত মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দলটো । ভাৰতীয় দলটোৰ লক্ষ্য হ’ব এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱা । বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ ।

তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰথমটো খিতাপ দখলৰ অপেক্ষাত আছে ভাৰতীয় দল । ২০০৫ চনত অষ্ট্ৰেলিয়াই ভাৰতৰ চেম্পিয়ন হোৱাৰ সপোন চূৰমাৰ কৰিছিল আৰু ২০১৭ চনত ইংলেণ্ডে ভাঙিছিল ভাৰতীয় দলৰ এই সপোন । অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড অবিহনে মহিলাৰ এদিনীয়া বিশ্বকাপৰ ইতিহাসত এইখন হ’ব প্ৰথমখন ফাইনেল । মহিলা ক্ৰিকেটত এইবাৰ নতুন বিশ্ব চেম্পিয়ন হোৱাটোও নিশ্চিত, কিয়নো দক্ষিণ আফ্ৰিকাও প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ।

ছেমি ফাইনেলত ৭ বাৰৰ চেম্পিয়ন আৰু ১৫খন মেচৰ অপৰাজিত বিশ্বকাপ দল অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পাছত ভাৰতীয় দলটোৱে উচ্চ মনোবলেৰে ফাইনেলত প্ৰৱেশ কৰিব ।

লগতে পঢ়ক : ইতিহাস সৃষ্টি: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ..