আকৌ প্ৰেমত পৰিছে মালাইকা অৰোৰা!কনচাৰ্টত ‘মিষ্ট্ৰী মেন’ৰ সৈতে প্ৰত্যক্ষ

আকৌ প্ৰেমত পৰিছে মালাইকা অৰোৰা ! কনচাৰ্টত ‘মিষ্ট্ৰী মেন’ৰ সৈতে প্ৰত্যক্ষ

আকৌ প্ৰেমত পৰিছে মালাইকা অৰোৰা! বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে।এইবাৰ ৰিয়েলিটি শ্ব’ বা ফেশ্বন ৱাকৰ বাবে নহয়, ভাইৰেল ভিডিঅ’ৰ বাবে হে। শনিবাৰে নিশা মুম্বাইৰ এমএমআৰডিএ খেলপথাৰত অনুষ্ঠিত গ্ৰেমী বঁটা বিজয়ী গায়ক এনৰিকে ইগলেছিয়াছৰ কনচাৰ্টত মালাইকাক দেখা গৈছিল, য’ত তেওঁক এগৰাকী

আকৌ প্ৰেমত পৰিছে মালাইকা অৰোৰা!

বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে।এইবাৰ ৰিয়েলিটি শ্ব’ বা ফেশ্বন ৱাকৰ বাবে নহয়, ভাইৰেল ভিডিঅ’ৰ বাবে হে।

শনিবাৰে নিশা মুম্বাইৰ এমএমআৰডিএ খেলপথাৰত অনুষ্ঠিত গ্ৰেমী বঁটা বিজয়ী গায়ক এনৰিকে ইগলেছিয়াছৰ কনচাৰ্টত মালাইকাক দেখা গৈছিল, য’ত তেওঁক এগৰাকী ‘ৰহস্যময়ী ব্যক্তি’ৰ সৈতে নৃত্য কৰি থকা দেখা গৈছিল।

ছচিয়েল মিডিয়াত মালাইকা আৰু সেই ব্যক্তি গৰাকীৰ কনচাৰ্টৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।যাক লৈ এতিয়া চৰ্চা চলিছে। বহুতে দাবী কৰিছে যে, অৰ্জুন কাপুৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত এইজন হয়টো মালাইকাৰ নতুন প্ৰেমিক।

লগতে পঢ়ক: ‘তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে’; ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰি কান্দোনত ভাগি পৰিল অনুৰাগী…