অশ্লীল নৃত্য কৰি বিপদত অভিনেত্ৰী মালাইকা অৰোৰা…

অশ্লীল নৃত্য কৰি বিপদত অভিনেত্ৰী মালাইকা অৰোৰা

বলীউডৰ ডিভা মালাইকা অৰোৰা যেতিয়াই নৃত্য কৰে,তেতিয়াই আলোড়নৰ সৃষ্টি কৰে। এতিয়া মলাইকাক অতি সোনকালে ৰেপাৰ-গায়ক য়ো য়ো হানি সিঙৰ গীত ‘চিলগম’ত দেখা যাব।গীতটো আজি মুকলি কৰা হয়।

যোৱা শুকুৰবাৰে গীতটোৰ টিজাৰ মুকলি কৰিছিল, যাৰ বাবেই মালাইকা অৰোৰা ট্ৰ’লৰ লক্ষ্য হৈ পৰিছে। এই মিউজিক ভিডিঅ’টোৰ টিজাৰত অভিনেত্ৰীগৰাকীৰ নৃত্যক অশ্লীল আখ্যা দি নেটিজেনে তীব্ৰ সমালোচনা কৰিছে।

হনী সিঙৰ আগন্তুক চিলগাম গীতত এটা আইটেম গীতত নৃত্য কৰা দেখা গৈছে অভিনেত্ৰী গৰাকী, কিন্তু নেটিজেনসকলে তেওঁৰ নৃত্যৰ ভংগিমাবোৰ বিশেষ ভাল নাপালে।

এই গীতটোৰ কথাক লৈ মানুহে প্ৰশ্ন উত্থাপন কৰি মলাইকাৰ নৃত্যক অশ্লীল আখ্যা দিছে।হনী সিঙৰ চিলগামৰ এই গীতটো তেওঁৰ সংগীত এলবাম ৫১ ডেজ ৰ অংশ।

গীতটিৰ টিজাৰত মলাইকা অৰোৰাৰ ছিজলিং লুকটোৱেও বহু শিৰোনাম দখল কৰিছে। কিন্তু তেওঁৰ কিছুমান নৃত্যৰ ভংগিমা মানুহে আপত্তি কৰি অশ্লীল আখ্যা দিছে।

ছ’চিয়েল মিডিয়াত একাংশ লোকে মলাইকাৰ নৃত্যক লক্ষ্য কৰি কয় যে ৫২ বছৰ বয়সত এই সকলোবোৰ কৰিলে তেওঁক ভাল দেখা নাযায়।

লগতে পঢ়ক: ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব বিজয়-ৰশ্মিকা…!

আকৌ প্ৰেমত পৰিছে মালাইকা অৰোৰা ! কনচাৰ্টত ‘মিষ্ট্ৰী মেন’ৰ সৈতে প্ৰত্যক্ষ

আকৌ প্ৰেমত পৰিছে মালাইকা অৰোৰা!

বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে।এইবাৰ ৰিয়েলিটি শ্ব’ বা ফেশ্বন ৱাকৰ বাবে নহয়, ভাইৰেল ভিডিঅ’ৰ বাবে হে।

শনিবাৰে নিশা মুম্বাইৰ এমএমআৰডিএ খেলপথাৰত অনুষ্ঠিত গ্ৰেমী বঁটা বিজয়ী গায়ক এনৰিকে ইগলেছিয়াছৰ কনচাৰ্টত মালাইকাক দেখা গৈছিল, য’ত তেওঁক এগৰাকী ‘ৰহস্যময়ী ব্যক্তি’ৰ সৈতে নৃত্য কৰি থকা দেখা গৈছিল।

ছচিয়েল মিডিয়াত মালাইকা আৰু সেই ব্যক্তি গৰাকীৰ কনচাৰ্টৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।যাক লৈ এতিয়া চৰ্চা চলিছে। বহুতে দাবী কৰিছে যে, অৰ্জুন কাপুৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত এইজন হয়টো মালাইকাৰ নতুন প্ৰেমিক।

লগতে পঢ়ক: ‘তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে’; ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰি কান্দোনত ভাগি পৰিল অনুৰাগী…

পুনৰ প্ৰেমত পৰিছে নেকি মালাইকা অৰোৰা?  অৰ্জুনৰ পিছত এইবাৰ ডেটিং…

প্ৰেমৰ সম্পৰ্কৰ ফাট মেলিলে মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ। দুয়োজনে তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে কেতিয়াও মুকলিকৈ কোৱা নাছিল যদিও অৰ্জুন কাপুৰে এটা অনুষ্ঠানত ব্ৰেকআপৰ বিষয়ে ইংগিত দিছিল।

পিছে কিছু সময়ৰ পৰা মালাইকাৰ নামটো এজন মানুহৰ সৈতে সাঙুৰ খাইছে। তেওঁলোক দুয়োৰে ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। দেওবাৰে নিশা মুম্বাইত এপি ধিলনৰ কনচাৰ্টৰ ফটো আছিল।

তেতিয়াৰ পৰাই চৰ্চা চলিছে যে অৰ্জুনৰ সৈতে বিচ্ছেদৰ পিছত, এজন নতুন ব্যক্তিয়ে মালাইকাৰ জীৱনত প্ৰৱেশ কৰিছে।

মালাইকা অৰোৰা দেওবাৰে নিশা এ পি ধিলনৰ কনচাৰ্টত উপস্থিত হৈছিল, য’ৰ পৰা তেওঁৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

ইয়াৰে এখন ছবিত, মালাইকাক এজন যুৱকৰ সৈতে দেখা গৈছিল যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।এই ব্যক্তিজন হৈছে ষ্টাইলিষ্ট ৰাহুল বিজয়।  

মালাইকা অৰোৰাই তেওঁৰ সামাজিক মাধ্যমত ‘উইথ ইউ’ গানটোৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। আমোদজনক ভাৱে, এই ছবিখন ৰাহুল বিজয়ে তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

কেৱল এয়াই নহয়, ৰাহুল বিজয়কো সংগীতানুষ্ঠানৰ সময়ত অভিনেত্ৰীগৰাকীক উৎসাহিত কৰা দেখা গৈছিল।

কিছু সময় পূৰ্বে , মালাইকাই তেওঁৰ প্ৰেম জীৱনৰ সৈতে সম্পৰ্কিত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ বৰ্তমানৰ সম্পৰ্কৰ বিষয়ে এক ইঙ্গিত দিছিল।

মালাইকা অৰোৰাক ৰাহুল বিজয়ৰ সৈতে দেখাৰ পিছত, তেওঁলোক দুয়োৰে ডেটিং খবৰে গতি লাভ কৰিছে। আনকি সংগীতানুষ্ঠানৰ পূ্ৰ্বে তেওঁলোক দুয়োকে ডিনাৰ আউটিংটো দেখা গৈছিল।

অনুৰাগীসকলে জানিবলৈ ব্যাকুল হৈ পৰিছে যে অৰ্জুন কাপুৰৰ পৰা পৃথক হোৱাৰ পিছত মালাইকা অৰোৰা আন কাৰোবাৰ প্ৰেমত পৰিছে নেকি, অৱশ্যে ডেটিংৰ খবৰক লৈ মালাইকা বা ৰাহুলে কোনো প্ৰতিক্ৰিয়া দিয়া নাই।