ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব বিজয়-ৰশ্মিকা...!

ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব বিজয়-ৰশ্মিকা…!

ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব বিজয়-ৰশ্মিকা…! অভিনেত্ৰী ৰশ্মিকা মন্দানাৰ ছবি ‘দ্য গাৰ্লফ্ৰেণ্ড’ ছবিগৃহত মুক্তি লাভ কৰিছে।কিন্তু যোৱা কেইদিনমানৰ পৰা ৰাষ্ট্ৰীয় ক্ৰাছ ৰশ্মিকা মন্দানাই কামতকৈ ব্যক্তিগত জীৱনৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰিছে। যোৱা মাহত অভিনেতা বিজয় দেৱৰকোণ্ডাৰ সৈতে তেওঁৰ এংগেজমেণ্টৰ বিষয়ে শিৰোনাম দখল কৰাৰ পিছত এতিয়া

ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ’ব বিজয়-ৰশ্মিকা…!

অভিনেত্ৰী ৰশ্মিকা মন্দানাৰ ছবি ‘দ্য গাৰ্লফ্ৰেণ্ড’ ছবিগৃহত মুক্তি লাভ কৰিছে।কিন্তু যোৱা কেইদিনমানৰ পৰা ৰাষ্ট্ৰীয় ক্ৰাছ ৰশ্মিকা মন্দানাই কামতকৈ ব্যক্তিগত জীৱনৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰিছে।

যোৱা মাহত অভিনেতা বিজয় দেৱৰকোণ্ডাৰ সৈতে তেওঁৰ এংগেজমেণ্টৰ বিষয়ে শিৰোনাম দখল কৰাৰ পিছত এতিয়া ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত দুয়োৰে বিবাহ হ’ব বুলি উৰাবাতৰি ওলাইছে।

বহু প্ৰতিবেদনত কোৱা হৈছে যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত উদয়পুৰত দুয়োৰে বিবাহপাশত আবদ্ধ হ’ব।অৱশ্যে এই বিষযত এতিয়ালৈকে দুয়ো তাৰকাৰ পৰা কোনো সঁহাৰি পোৱা নাই।

এটা সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে নিজৰ সংগীৰ কথা উল্লেখ কৰিছে। এই সময়ছোৱাত যেতিয়া তেওঁক এতিয়ালৈকে কাম কৰা সকলো অভিনেতাৰ বিষয়ে সোধা হৈছিল, যাৰ সৈতে তেওঁ বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰে।

তাৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে কয় যে তেওঁ নাৰুটো (এনিমে চৰিত্ৰ)ৰ সৈতে ডেটিং কৰি বিজয় দেৱৰকোণ্ডাক বিয়া কৰাব বিচাৰে।

লগতে পঢ়ক: বিকি কৌশলে দিলে ভাল খবৰ; পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিনা কাঈফ