‘অভিনৱ কাশ্যপক চেণ্ডেলেৰে কোবাম’; ছলমান খানৰ সমৰ্থনত ৰাখী সাৱন্ত

ছলমান খানৰ সমৰ্থনত ৰাখী সাৱন্ত ছুপাৰষ্টাৰ ছলমান খান আৰু পৰিচালক অভিনৱ কাশ্যপৰ মাজত চলি থকা বিতৰ্কৰ বিষয়ে সকলোৱে জানে।যোৱা কেইমাহমানত অভিনৱে ছলমানৰ বিৰুদ্ধে বহু কথা কৈছে,যিয়ে অভিনেতাজনৰ অনুৰাগীক হতাশ কৰিছে। ছলমানক লৈ তেওঁ কেইবাটাও দাবী কৰিছিল, যাৰ উত্তৰত ছুপাৰষ্টাৰগৰাকীয়ে বিগ বছত উপযুক্ত সঁহাৰি দিছিল। এতিয়া

ছলমান খানৰ সমৰ্থনত ৰাখী সাৱন্ত

ছুপাৰষ্টাৰ ছলমান খান আৰু পৰিচালক অভিনৱ কাশ্যপৰ মাজত চলি থকা বিতৰ্কৰ বিষয়ে সকলোৱে জানে।যোৱা কেইমাহমানত অভিনৱে ছলমানৰ বিৰুদ্ধে বহু কথা কৈছে,যিয়ে অভিনেতাজনৰ অনুৰাগীক হতাশ কৰিছে।

ছলমানক লৈ তেওঁ কেইবাটাও দাবী কৰিছিল, যাৰ উত্তৰত ছুপাৰষ্টাৰগৰাকীয়ে বিগ বছত উপযুক্ত সঁহাৰি দিছিল। এতিয়া ছলমানৰ সমৰ্থনত আহি বিতৰ্কৰ ৰাণী ৰাখী সাৱন্তই অভিনৱক ধমক দিছে।

ৰাখীয়ে ছলমান খানক নিজৰ দ্বিতীয় ভগৱান বুলি অভিহিত কৰিছে।এটা কঠিন সময়ত অভিনেতাগৰাকীয়ে তেওঁৰ কাম দিছিল বুলি প্ৰকাশ কৰে।তাৰ পিছতে ৰাখীয়ে অভিনৱ কাশ্যপক টাৰ্গেট কৰি লয়।

পৰিচালকগৰাকীৰ কথা অভিনেত্ৰী গৰাকীয়ে কৈছে যে, ‘এই তপাটো বদমাছ হয়, যিয়ে আজিকালি ছলমান ভাইৰ কথা বেয়াকৈ কৈ আছে। শুনা, তোমাক য’তেই পাম, মই চেণ্ডেলেৰে কোবাম’।

‘তেওঁ কোনখন চিনেমা পৰিচালনা কৰিছিল নাজানো।সেই টপা মানুহটোৰ নাম লৈ মোৰ মুখখন লেতেৰা কৰিব নিবিছাৰো।শ্বুটিঙত ছোৱালীৰ সৈতে ফ্লাৰ্ট কৰিবলৈ আৰম্ভ কৰিছিল। ছলমান ভাইয়ে এই সকলোবোৰ সহ্য নকৰে’।

‘তেওঁ ছলমান ভাইৰ পইচা বৰ্বাদ কৰি আছিল।সেয়েহে পিছত তেওঁক ছবিখনৰ পৰা ওলিয়াই দিছিল , কাৰণ ভাইয়ে এখন ভাল ছবি নিৰ্মাণ কৰিব বিচাৰিছিল।’  

লগতে পঢ়ক: ‘মই এজন ভাল মানুহ হৈছো’; ববি দেউলে সম্পূৰ্ণৰূপে ত্যাগ কৰিলে সুৰা