বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাৰ শীৰ্ষ দহত ৰাজধানী দিল্লী; চৌদিশে কেৱল বিষাক্ত ধোঁৱা

প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ দহত ৰাজধানী দিল্লী দীপাৱলীৰ পিছতে আকৌ এবাৰ ধোঁৱা আৰু ধূলিৰৰে আবৃত হৈ পৰিছে ৰাজধানী দিল্লী । চুইজাৰলেণ্ডৰ বায়ু গুণগত মানৰ প্ৰতিষ্ঠান IQAirৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত হৈছে । এই তালিকাত ভাৰতৰ মুম্বাই (৫ম) আৰু কলকাতা (৮ম)কোঅন্তৰ্ভুক্ত

প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ দহত ৰাজধানী দিল্লী

দীপাৱলীৰ পিছতে আকৌ এবাৰ ধোঁৱা আৰু ধূলিৰৰে আবৃত হৈ পৰিছে ৰাজধানী দিল্লী । চুইজাৰলেণ্ডৰ বায়ু গুণগত মানৰ প্ৰতিষ্ঠান IQAirৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰত পৰিণত হৈছে । এই তালিকাত ভাৰতৰ মুম্বাই (৫ম) আৰু কলকাতা (৮ম)কোঅন্তৰ্ভুক্ত কৰা হৈছে । পাকিস্তানৰ লাহোৰ আৰু কৰাচী, কুৱেইট, তাছকেণ্ড আৰু ডোহা, অষ্ট্ৰেলিয়াৰ কেনবেৰা, ইণ্ডোনেছিয়াৰ জাকাৰ্টাও শীৰ্ষ দহটা স্থানত আছে ।

খবৰ অনুসৰি দীপাৱলীৰ পিছত ৰাজধানী দিল্লীৰ বায়ুৰ গুণাগুণৰ তীব্র অৱনতি ঘটিছে । ফটকা, বাহনৰ নিৰ্গমন, নিৰ্মাণ কাৰ্যৰ ধোঁৱাই বতাহত বিষাক্ত কণা নিৰ্গত কৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা দিল্লীৰ AQI ৩৫০ত ৰেকৰ্ড কৰা হৈছে, যিটো “অতি বেয়া” শ্ৰেণীত পৰে । কিছুমান অঞ্চলত, যেনে বাৱানা, জাহাংগীৰপুৰী, ৱাজিৰপুৰ, আলিপুৰ আৰু বুৰাৰী ক্ৰছিঙত AQI য়ে ৪০১ অতিক্ৰম কৰিছে, যিটো “গুৰুতৰ” শ্ৰেণীত পৰে ।

গ্ৰীণ ক্ৰেকাৰ্ছৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে-

দেৱালীৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত কেৱল সেউজীয়া ক্ৰেকাৰ জ্বলোৱাৰ অনুমতি দিছিল আৰু সময়সূচী নিৰ্ধাৰণ কৰিছিল : ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ, সন্ধিয়া ৬ৰ পৰা ৭ বজাৰ ভিতৰত আৰু ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত । কিন্তু বহু অঞ্চলত গভীৰ নিশালৈকে একাংশই ফটকা ফুটাই দিল্লীৰ বতাহ আৰু অধিক প্ৰদূষিত কৰি তোলে ।

ইফালে পৰিৱেশ বিশেষজ্ঞসকলে সকীয়াই দিছে যে যদিহে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এই শীতকালত প্ৰদূষণ আৰু অধিক ভয়াৱহ হ’ব পাৰে ।

লগতে পঢ়ক : দীপাৱলীৰ পূৰ্বেই বিষাক্ত দিল্লীৰ জলবায়ু; একিউআইয়ে অতিক্ৰম কৰিলে ৩০০

শেহতীয়া প্ৰৱন্ধসমূহ