মাত্ৰ চাৰি মিনিটঃ চিনেমাৰ ষ্টাইলত প্ৰখ্যাত সংগ্ৰহালয়ৰ পৰা চোৰে লুটিলে অমূল্য ৰত্ন

চিনেমাৰ ষ্টাইলত ফ্ৰান্সৰ প্ৰসিদ্ধ সংগ্ৰহালয়ত চুৰি দেওবাৰে বিশ্বৰ অন্যতম বিখ্যাত আৰু ব্যস্ত সংগ্ৰহালয় লুভৰ সংগ্ৰহালয়ত মাত্ৰ চাৰি মিনিটতে সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড । চোৰে বাস্কেট লিফ্ট ব্যৱহাৰ কৰি সংগ্ৰহালয়ৰ গেলেৰী ডেছ এপলনত প্ৰৱেশ কৰি নেপোলিয়ন যুগৰ বহুমূলীয়া ৰত্ন চুৰি কৰি পলায়ন কৰে । ইয়াৰে

চিনেমাৰ ষ্টাইলত ফ্ৰান্সৰ প্ৰসিদ্ধ সংগ্ৰহালয়ত চুৰি

দেওবাৰে বিশ্বৰ অন্যতম বিখ্যাত আৰু ব্যস্ত সংগ্ৰহালয় লুভৰ সংগ্ৰহালয়ত মাত্ৰ চাৰি মিনিটতে সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড । চোৰে বাস্কেট লিফ্ট ব্যৱহাৰ কৰি সংগ্ৰহালয়ৰ গেলেৰী ডেছ এপলনত প্ৰৱেশ কৰি নেপোলিয়ন যুগৰ বহুমূলীয়া ৰত্ন চুৰি কৰি পলায়ন কৰে । ইয়াৰে এপদ গহণা, নেপোলিয়নৰ পত্নী সম্ৰাজ্ঞী ইউজেনীৰ পান্না খচিত মুকুট সংগ্ৰহালয়ৰ বাহিৰত পোৱা যায় । অৱশ্যে এই মুকুট ভঙা অৱস্থাত উদ্ধাৰ হয় । উল্লেখ্য যে, এই সংগ্ৰহালয়ত দৈনিক ৩০ হাজাৰ পৰ্যন্ত দৰ্শনাৰ্থী আহিব পাৰে ।

এই ঘটনা ১৯ অক্টোবৰৰ পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় । ঘটনাৰ সময়ত লুভৰত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ আছিল । নিৰ্মাণস্থলীৰ ওচৰৰ লিফট ব্যৱহাৰ কৰি চোৰে এখন খিৰিকী ভাঙি ডিস্ক কাটাৰেৰে গ্লাছ কাটি পোনে পোনে বহুমূলীয়া গহনা ৰখা শ্ব’কেছলৈ গৈছিল । ডিছপ্লে কেছ ভাঙি ৯টাকৈ গহনা চুৰি কৰি মটৰ চাইকেলেৰে পলায়ন কৰে চোৰে ।

ফ্ৰান্সৰ সাংস্কৃতিক মন্ত্ৰীয়ে কয় যে কৰ্তৃপক্ষই তদন্ত চলাই থকাৰ সময়তে লুভৰ সেইদিনাৰ বাবে বন্ধ কৰি ৰখা হৈছে । এক্সত তেওঁ লিখিছে, ‘আজি পুৱা লুভৰ মিউজিয়াম মুকলি কৰাৰ সময়ত এটা চুৰিকাণ্ড সংঘটিত হয় । তেওঁ কয় যে তদন্তৰ কাৰণে সংগ্ৰহালয়টো বন্ধ হৈ থাকিব । অৱশ্যে এই চুৰিকাণ্ডৰ সন্দৰ্ভত আৰু কোনো সবিশেষ প্ৰকাশ কৰা নাই তেওঁ ।

কি কি চুৰি হ’ল ?

চুৰি হোৱা নটা গহণাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল নেপোলিয়ন তৃতীয়ৰ পত্নী সম্ৰাজ্ঞী ইউজেনীৰ পান্নাৰে আবৃত মুকুট । তাত সোণ, হীৰা আৰু এটা খোদিত ঈগল সজোৱা আছিল । মিউজিয়ামৰ বাহিৰত এই মুকুটটো ভাঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে বাকী ৰত্নসমূহ এতিয়াও উদ্ধাৰ হোৱা নাই ।

সংগ্ৰহালয়ত প্ৰাচীন সামগ্ৰী, ভাস্কৰ্য্য, আৰু চিত্ৰকলাৰ সংগ্ৰহ-

লুভৰ মিউজিয়ামৰ সংগ্ৰহত নেপোলিয়নৰ লুণ্ঠনৰ সামগ্ৰীও আছে, যিয়ে ক্ষতিপূৰণৰ ওপৰত বিতৰ্কক ইন্ধন যোগাই আহিছে । লুভৰত মেছ’পটেমিয়া, ইজিপ্ত আৰু ধ্ৰুপদী জগতৰ পৰা আৰম্ভ কৰি ইউৰোপীয় শিল্পীলৈকে ৩৩,০০০ৰো অধিক শিল্পকৰ্ম, ভাস্কৰ্য্য আৰু চিত্ৰকলা আছে । ইয়াৰ প্ৰধান আকৰ্ষণসমূহৰ ভিতৰত আছে মনালিছা, ভেনাছ ডি মিলো । দেওবাৰৰ চুৰিৰ অভিযোগ সংঘটিত হোৱা গেলেৰী ডি এপ’লনত ফ্ৰান্সৰ ৰাজমুকুটৰ অলংকাৰ প্ৰদৰ্শিত হয় । এই মিউজিয়ামত হামুৰাবীৰ কোড আৰু ইউৰোপীয় চিত্ৰকলাৰ মাষ্টাৰপিছো আছে ।

লগতে পঢ়ক : মূৰত মুকুট; এ আই ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ