জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা; দুটাকৈ সন্ত্ৰাসবাদী নিধন

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা; দুটাকৈ সন্ত্ৰাসবাদী নিধন

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । কুপৱাৰা ছেক্টৰত অনুপ্ৰৱেশ বিৰোধী অভিযানৰ সময়ত সেনাই দুটা সন্ত্ৰাসবাদীক হত্যা কৰে । মঙলবাৰে পুৱাৰ ভাগত কুপৱাৰা জিলাত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় । খবৰ অনুসৰি, মাছিল খণ্ডত সন্ত্ৰাসবাদীৰ

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সেনাবাহিনীৰ বৃহৎ সফলতা

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । কুপৱাৰা ছেক্টৰত অনুপ্ৰৱেশ বিৰোধী অভিযানৰ সময়ত সেনাই দুটা সন্ত্ৰাসবাদীক হত্যা কৰে । মঙলবাৰে পুৱাৰ ভাগত কুপৱাৰা জিলাত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় । খবৰ অনুসৰি, মাছিল খণ্ডত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা সেনাই বিফল কৰে । LoCৰ সমীপত সেনাই সন্দেহজনক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিছিল । ইয়াৰ পিছতে অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰা হয় ।

পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ বাবে অহৰহ সতৰ্ক হৈ থাকে । বিশেষকৈ শীতকালত তুষাৰপাত তীব্ৰতৰ হোৱাৰ আগতেই পাকিস্তানী সেনা আৰু চোৰাংচোৱা সংস্থাই সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা কৰে যদিও সজাগ নিৰাপত্তা বাহিনীয়ে ইয়াৰ উপযুক্ত উত্তৰ দিয়ে । কুপৱাৰাতো সেনাই একেধৰণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে ।

এতিয়াও নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান চলাই আছে যাতে বাকী থকা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াব পাৰে । সেনাই কয় যে সীমা অতিক্ৰম কৰি অনুপ্ৰৱেশৰ এই প্ৰচেষ্টা পাকিস্তানে যুদ্ধবিৰতি আৰু অধিক সন্ত্ৰাসবাদী কাৰ্যকলাপ উলংঘা কৰাৰ প্ৰয়াস হ’ব পাৰে ।

জানিব পৰা মতে, পুৱাৰ ভাগত সীমান্তৰ বেৰৰ সমীপত সন্দেহজনক কাৰ্যকলাপ লক্ষ্য কৰে সেনাবাহিনীয়ে । লগে লগে নিৰাপত্তা বাহিনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অঞ্চলটো ঘেৰাও কৰে । সেই সময়ত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে আৰু সেনাবাহিনীৰ দলটোৱে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত দুয়োটা সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক : শোকাৱহ পথ দুৰ্ঘটনা; দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৪২ জনৰ মৃত্যু