হিমাচল প্ৰদেশৰ বিলাসপুৰত ভয়ংকৰ অঘটন

হিমাচল প্ৰদেশৰ বিলাসপুৰত ভয়ংকৰ অঘটন; এতিয়ালৈকে উদ্ধাৰ ১৫টা মৃতদেহ

হিমাচল প্ৰদেশৰ বিলাসপুৰত ভয়ংকৰ অঘটন হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এখন যাত্ৰীবাহী বাছত ভূমিস্খলনৰ ধ্বংসাৱশেষ বাগৰি পৰাত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে । জানিব পৰা মতে হিমাচল প্ৰদেশৰ বিলাসপুৰৰ মৰোটানৰ পৰা ঘুমাৰউইনলৈ যোৱা এখন যাত্ৰাবাহী বাছত শুক্ৰ খাদৰ পাৰৰ বৰথিনৰ ভল্লু

হিমাচল প্ৰদেশৰ বিলাসপুৰত ভয়ংকৰ অঘটন

হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এখন যাত্ৰীবাহী বাছত ভূমিস্খলনৰ ধ্বংসাৱশেষ বাগৰি পৰাত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে । জানিব পৰা মতে হিমাচল প্ৰদেশৰ বিলাসপুৰৰ মৰোটানৰ পৰা ঘুমাৰউইনলৈ যোৱা এখন যাত্ৰাবাহী বাছত শুক্ৰ খাদৰ পাৰৰ বৰথিনৰ ভল্লু দলঙৰ সমীপৰ এটা পাহাৰৰ পৰা ভূমিস্খলনৰ ধ্বংসাৱশেষ বাগৰি পৰে । ধ্বংসাৱশেষে বাছখন সম্পূৰ্ণৰূপে পুতি পেলাই । বাতৰি লিখাৰ সময়লৈকে বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে ১৫টা মৃতদেহ । আনহাতে তিনিগৰাকী লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে ।

স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দলে ধ্বংসাৱশেষ নিষ্কাশন আৰু আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে কাম কৰি আছে । বাছখনত থকা লোকৰ সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই ।

আনহাতে উদ্ধাৰ আৰু সাহায্যৰ কামত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াইছে । প্ৰশাসনে জনোৱা মতে, উদ্ধাৰ প্ৰচেষ্টা নিশাটো চলি থাকিব আৰু বাছৰ ভিতৰত আবদ্ধ হৈ থকাসকলক যিমান পাৰি সোনকালে নিৰাপদে উলিয়াই অনাৰ প্ৰচেষ্টা চলি আছে ।

মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ-

এই বাছ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ মৃতকৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে । তেওঁ উল্লেখ কৰে যে এই জটিল সময়ত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকক সম্ভৱপৰ সকলো সহায় আগবঢ়াব ।

মুখ্যমন্ত্রী সুখুৱে জিলা প্রশাসনৰ সৈতে অহৰহ যোগাযোগত আছে আৰু তেওঁলোকক সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে । আহতসকলক যাতে শীঘ্ৰেই চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হয় তাৰ বাবেও তেওঁ নিৰ্দেশ দিছে । মুখ্যমন্ত্রীয়ে চিমলাৰ পৰা অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৷

লগতে পঢ়ক : ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান

শেহতীয়া প্ৰৱন্ধসমূহ