আজি সম্পন্ন হ’ল ৰৈ ৰৈ বিনালেৰ অন্তিম পৰ্যায়ৰ শ্বুটিং

আজি সম্পন্ন হ’ল ৰৈ ৰৈ বিনালেৰ অন্তিম পৰ্যায়ৰ শ্বুটিং

কেতিয়া মুক্তি পাব ৰৈ ৰৈ বিনালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীক এৰি যোৱা আজি ১৮ টা দিন অতিক্ৰম কৰিলে । হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই এতিয়া উচুপি উঠিছে ৰাজ্যবাসী । কিন্তু কায়িকভাৱে আঁতৰি গ’লেও জনতাৰ হৃদয়ে হৃদয়ে এতিয়াও জীয়াই আছে অমৰ শিল্পী জুবিন গাৰ্গ । গান,

কেতিয়া মুক্তি পাব ৰৈ ৰৈ বিনালে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীক এৰি যোৱা আজি ১৮ টা দিন অতিক্ৰম কৰিলে । হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই এতিয়া উচুপি উঠিছে ৰাজ্যবাসী । কিন্তু কায়িকভাৱে আঁতৰি গ’লেও জনতাৰ হৃদয়ে হৃদয়ে এতিয়াও জীয়াই আছে অমৰ শিল্পী জুবিন গাৰ্গ ।

গান, চিনেমা, কবিতা আদি অলেখ যুগমীয়া সৃষ্টি উপহাৰ দিয়া অমৃত কণ্ঠ জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল শেহতীয়াকৈ মুক্তি পাবলগীয়া ৰৈ ৰৈ বিনালে । ছিংগাপুৰৰ পৰা উভতি আহি ছবিখনৰ বাকী থকা কামসমূহ সমাপ্ত কৰি চলিত বৰ্ষৰ ৩১ অক্টোবৰত ৰৈ ৰৈ বিনালে মুক্তি দিয়াৰ কথা চিন্তা কৰিছিল শিল্পীগৰাকীয়ে ।

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবিখন তেওঁ বিচৰা তাৰিখতেই মুক্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ছবিখনৰ পৰিচালকৰ লগতে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গে । জুবিন গাৰ্গে বিচৰা ধৰণেই ৩১ অক্টোবৰতে মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে ছবিখনে । সেয়েহে মঙলবাৰে ছবিখনৰ অন্তিমটো চিত্ৰগ্ৰহণ সমাপ্ত কৰা হয় । জুবিন গাৰ্গৰ অৱৰ্তমানত গুৱাহাটীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ত সম্পন্ন হয় ছবিখনৰ অন্তিটো শ্বুটিং । এই চিত্ৰগ্ৰহণৰ সময়ত উপস্থিত থাকে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ ।

গৰিমাই ছবিখনৰ সন্দৰ্ভত কয়-“ৰৈ ৰৈ বিনালে জুবিনৰ সপোনৰ প্ৰকল্প । এই চিনেমাখন কৰিবলৈ তেওঁ বহু বছৰ ধৰি ৰৈ আছিল । এই ছবিখন সম্পূৰ্ণৰূপে জুবিনৰ লগত মিল থকা এখন মিউজিকেল ছবি । এই ছবিখনৰ পৰা তেওঁৰ বহু আশা আছিল, ছবিখনৰ সকলো কাম অন্ত-কৰণেৰে কৰিছিল তেওঁ । তেওঁৰ পৰিকল্পনা আছিল ৩১ অক্টোবৰত ছবিখন মুক্তি দিয়াৰ । সেয়েহে আমি এই দিনটোতে ছবিখন ৰাইজৰ মাজলৈ ওলিয়াই দিবলৈ চেষ্টা কৰিম ।“

ইফালে মঙলবাৰে মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ প্ৰথমটো গীত । ইতিমধ্যে ইউটিউবটো উপলব্ধ হৈছে ‘মোৰ মন ‘ শীৰ্ষক গীতটো ।

লগতে পঢ়ক : তিনিশ কোটি অতিক্ৰম কৰিলে ‘কান্তাৰা চেপ্তাৰ ১’ৰ উপাৰ্জনে…