আধ্যাত্মিক যাত্ৰাত অভিনেতা ৰজনীকান্ত
ভাৰতীয় চিনেমাৰ ছুপাৰষ্টাৰ ৰজনীকান্তই বিগত ৫০ বছৰে দৰ্শকক মনোৰঞ্জন দি আহিছে।শেহতীয়াকৈ তেওঁৰ ছবি ‘কুলি’ বক্স অফিচত হিট হৈছিল।কিন্তু এতিয়া তেওঁ এটা ডাঙৰ সিদ্ধান্ত লৈছে।এই সিদ্ধান্ত তেওঁৰ অনুৰাগীৰ বাবে এক শ্বকতকৈ কম নহয়।
ছুপাৰষ্টাৰ ৰজনীকান্তে কিছুদিনৰ বাবে অভিনয়ৰ পৰা বিৰতি লৈছে আৰু কিছু ঘনিষ্ঠ বন্ধুৰ সৈতে হিমালয়লৈ আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰিছে।
দৰাচলতে তেওঁৰ গ্লেমাৰৰ পৰা আঁতৰি সাধাৰণ জীৱন যাপন কৰা বহু ছবি ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে।এই ছবিবোৰৰ এখনত তেওঁক পথৰ কাষত ৰুটী খাই থকা দেখা গৈছে।
শনিবাৰে ৰজনীকান্তে ঋষিকেশৰ স্বামী দয়ানন্দ আশ্ৰম পৰিদৰ্শন কৰে।য’ত তেওঁ স্বামী দয়ানন্দক শ্ৰদ্ধাঞ্জলি জনায়।আৰু এই সময়ছোৱাত ৰজনীকান্তে গংগাৰ পাৰত ধ্যান কৰি গংগাৰ আৰতিতো অংশ লৈছিল।
লগতে পঢ়ক: ২৩ বছৰৰ পিছত কন্যা সন্তাৰ পিতৃ হ’ল অভিনেতা আৰবাজ খান…









