প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে মঙলবাৰে (৯ ছেপ্টেম্বৰ) পদত্যাগ কৰিছে । অলিক পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল সেনা প্ৰধান জেনেৰেল অশোক ৰাজ ছিগডেলে । পদত্যাগ কৰাৰ পিছতহে পৰিস্থিতি উন্নত হ’ব বুলি তেওঁ কয় । নেপালত ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে Gen-Z এ । ইফালে উন্মত্ত প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ ঘৰত অগ্নি সংযোগ কৰে ।
দেশৰ অৱনতি ঘটা পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলেও প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ গ্ৰহণ কৰিছে । বৰ্তমান অলি নিৰাপত্তাজনিত কাৰণত নেপালী সেনাৰ সৈতে আছে ।
নেপালৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগত কি লিখিলে-
কে পি শৰ্মা অলিয়ে পদত্যাগ পত্ৰত লিখিছে, “মাননীয় ৰাষ্ট্ৰপতি মহোদয়, নেপালৰ সংবিধানৰ ৭৬ (২) অনুচ্ছেদ অনুসৰি ৩১ আছাদ ২০৮১ বি এছ তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পিছত আৰু বৰ্তমান দেশৰ পৰিস্থিতিৰ কথা মনত ৰাখি সংবিধানৰ ৭৭ (১) (ক) অনুচ্ছেদ অনুসৰি আজিৰ পৰা প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছো, যাতে সংবিধান অনুসৰি ৰাজনৈতিক নিষ্পত্তি আৰু সমস্যাসমূহৰ সমাধানৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ দিশত আগবাঢ়িব পৰা যায় ।”
তিনিবাৰকৈ নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে অলিয়ে-
২০১৫ চনত প্ৰথমবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হোৱা কে পি শৰ্মা অলি ২০১৫ চনৰ অক্টোবৰৰ পৰা ২০১৬ চনৰ আগষ্ট মাহলৈকে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল । ইয়াৰ পিছত সমৰ্থন হেৰুৱাৰ বাবে পদত্যাগ কৰিবলগীয়া হৈছিল তেওঁ । ২০১৮ চনত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা অলিয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২১ চনৰ মে’ মাহলৈকে এই পদত অধিষ্ঠিত হৈছিল । অলিয়ে পুনৰ পদত্যাগ কৰিবলগীয়া হৈছিল । তেওঁ দ্বিতীয়বাৰৰ বাবে ৩ বছৰ ৮৮ দিন এই পদত অধিষ্ঠিত হৈছিল । ২০২৪ চনৰ জুলাইৰ পৰা ২০২৫ চনৰ আগষ্টলৈকে তৃতীয়বাৰৰ বাবে অলি প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
সেনাধ্যক্ষই কি উপদেশ দিলে-
ইতিমধ্যে সেনা প্ৰধান জেনেৰেল অশোক ৰাজ ছিগডেলে অলিক পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল । নেপালী সংবাদ মাধ্যমৰ মতে, তেওঁ কৈছিল, “ক্ষমতা এৰিলেহে পৰিস্থিতি উন্নতি হ’ব ।”
লগতে পঢ়ক : তীব্ৰ প্ৰতিবাদৰ মাজতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকৰ পদত্যাগ… GEN-Z আন্দোলনৰ ব্যাপক প্ৰভাৱ