য়েমেনত ইজৰাইলৰ বিমান আক্ৰমণ
ইজৰাইলে পুনৰবাৰ য়েমেনৰ ৰাজধানী ছানাত বিমান আক্ৰমণ চলাইছে । জানিব পৰা মতে, হুথী বিদ্ৰোহী নিয়ন্ত্ৰিত চৰকাৰৰ প্ৰধানমন্ত্ৰী আহমেদ আল ৰাহাৱী এই আক্ৰমণত নিহত হৈছে । ইয়াৰ সমান্তৰালকৈ আন বহু মন্ত্ৰীয়েও এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে বুলি প্ৰকাশ পাইছে ।
হুথী বিদ্ৰোহীয়ে কয় যে ২০২৪ চনৰ আগষ্ট মাহৰ পৰা আল-ৰহৱী হুথী নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী আছিল । বিগত এটা বছৰত চৰকাৰৰ কাৰ্যকলাপ আৰু কৰ্মক্ষমতাৰ মূল্যায়নৰ বাবে আয়োজন কৰা নিয়মীয়া কৰ্মশালাৰ সময়ত তেওঁক আন মন্ত্ৰীসকলৰ সৈতে লক্ষ্য কৰি লোৱা হৈছিল । একে সময়তে ইজৰাইলী সেনাই য়েমেনৰ ছানা অঞ্চলৰ হৌথী সন্ত্ৰাসবাদী শাসনৰ সামৰিক ঘাটিত নিখুঁত আক্ৰমণ চলাইছিল বুলিও কয় ।
বিদ্ৰেহী সংগঠনটোৰ শীৰ্ষ নেতাসকলে এটা এপাৰ্টমেণ্টত ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰিত ভাষণ কাৰ্যসূচী চাই থকাৰ সময়তে এই বিমান আক্ৰমণ সংঘটিত হয় । য়েমেনৰ এটা চেনেলে প্ৰকাশ কৰা অনুসৰি হুথী প্ৰধানমন্ত্ৰী আল ৰাহৱী তেওঁৰ কেইবাজনো সহায়কৰ সৈতে এটা এপাৰ্টমেণ্টত আছিল । এই আক্ৰমণত হুথীৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ নাছেৰ আল আথিফি আৰু মুখ্য সেনাধ্যক্ষ মহম্মদ আব্দ আল কৰিম আল গামাৰীও নিহত হোৱাৰ সম্ভাৱনা আছে ।
হামাছৰ সমৰ্থনত ইজৰাইললৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আহিছে হুথীয়ে-
গাজাত হামাছৰ বিৰুদ্ধে যুদ্ধৰ সময়ত হুথীয়ে বাৰে বাৰে ইজৰাইললৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আহিছে । হুথী বিদ্ৰোহীসকলে কয় যে এই আক্ৰমণসমূহ পেলেষ্টাইনীসকলৰ সৈতে সংহতি প্ৰদৰ্শনৰ বাবে সংঘটিত কৰা হৈছে । কিন্তু য়েমেনৰ পৰা নিক্ষেপ কৰা বেছিভাগ ক্ষেপণাস্ত্ৰ আকাশমাৰ্গতে ইজৰাইলে বাধা দিয়াত ছিন্নভিন্ন হৈ পৰে । হুথী পৰিচালিত স্বাস্থ্য মন্ত্ৰালয় আৰু চৰকাৰী বিষয়াৰ মতে, চলিত সপ্তাহৰ আৰম্ভণিতে ইজৰাইলৰ আক্ৰমণে ছানাৰ কেইবাটাও অঞ্চলক লক্ষ্য কৰি লৈছিল । এই আক্ৰমণত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে ১০২ জন আহত হয় ।
ট্ৰাম্প প্ৰশাসনৰ সৈতে বুজাবুজি-
ইয়াৰ পূৰ্বে ইজৰাইল আৰু আমেৰিকাই য়েমেনত বিদ্ৰোহীৰ অধীনস্থ অঞ্চলত বোমা বিস্ফোৰণ কৰিছিল । ইয়াৰ ভিতৰত আছিল ছানা আৰু কৌশলগত উপকূলীয় চহৰ হোদেইডা । ইজৰাইলৰ আক্ৰমণৰ বাবে মে’ মাহত ছানা বিমানবন্দৰ সেৱা বন্ধ হৈ পৰিছিল । ট্ৰাম্প প্ৰশাসনে মে’ মাহত হুথীৰ সৈতে চুক্তিৰ কথা ঘোষণা কৰিছিল । ইয়াৰ অধীনত তেওঁলোকে লোহিত সাগৰত জাহাজৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ বিনিময়ত বিমান আক্ৰমণ বন্ধ কৰি দিয়াৰ চুক্তি কৰিছিল । অৱশ্যে বিদ্ৰোহীসকলে কয় যে এই চুক্তিত ইজৰাইলৰ সৈতে জড়িত ঘাটিসমূহত আক্ৰমণ বন্ধ কৰাৰ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
লগতে পঢ়ক : ড্ৰেগনৰ দেশত ৰঙা দলিচাৰে আদৰণি প্ৰধানমন্ত্ৰী মোদীক… এছ চি অ’ বৈঠকত কৰিব অংশগ্ৰহণ