শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ… আই এছ এছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় মহাকাশচাৰী

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা এক্সিয়াম-৪ মহাকাশ অভিযানৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাশু শুক্লাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশ শুক্লাক এই অভিযানৰ সফলতাৰ বাবে অভিনন্দন জনায় । শুভাংশুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা এক্সিয়াম-৪ মহাকাশ অভিযানৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাশু শুক্লাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশ শুক্লাক এই অভিযানৰ সফলতাৰ বাবে অভিনন্দন জনায় । শুভাংশুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ পাইছে ।

উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে শুভাশু শুক্লাক উষ্ম আদৰণি জনায় । শুভাংশুৰ সৈতে কৰমৰ্দন কৰি, সাৱটি ধৰি  তেওঁৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক টেবলেটত মহাকাশ যাত্ৰাৰ ছবি দেখুৱাই । লগতে শুক্লাই প্ৰধানমন্ত্ৰীক এক্সিয়াম-৪ মিছনৰ ‘মিছন পেচ’ উপহাৰ দিয়ে । তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা তোলা ছবিও প্ৰধানমন্ত্ৰীৰ সৈতে শ্বেয়াৰ কৰে ।

ভাৰতলৈ উভতি অহাৰ লগে লগে শুভাংশু শুক্লাৰ উষ্ম আদৰণি-

মহাকাশচাৰী শুভাংশু শুক্লাক তেওঁৰ ঐতিহাসিক যাত্ৰাৰ অন্তত ভব্য আদৰণি জনোৱা হয় । ইয়াত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোল বজাই বিমানবন্দৰত শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে । তেওঁৰ পিতৃ শম্ভু দয়াল শুক্লা আৰু ভগ্নী শুচি মিশ্ৰও লক্ষ্ণৌৰ পৰা তেওঁক লগ কৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ।

লগতে পঢ়ক : আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…