ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ
সমগ্ৰ ভাৰতবৰ্ষই আজি স্বাধীনতা দিৱস উদযাপন কৰিছে। এই উপলক্ষে চেলিব্ৰিটিসকলেও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক অভিনন্দন জনোৱা দেখা গৈছে।
কিন্তু ইয়াৰ মাজতে ছানী দেউলৰ অনুৰাগীৰ বাবে এটা ডাঙৰ আপডেট আহিছে। আচলতে ছানী দেউলৰ বহু প্ৰত্যাশিত ছবি বৰ্ডাৰ ২ৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে,যিটো এখন পোষ্টাৰেৰে জৰিয়তে ঘোষণা কৰা হৈছে।এই আভাস দেখাৰ পিছত অনুৰাগীসকলে অতি আগ্ৰহেৰে ছবিখন মুক্তিৰ বাবে অপেক্ষা কৰিছে।
ছানি দেউলে নিজৰ ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত বৰ্ডাৰ ২ৰ মুক্তিৰ তাৰিখ ২০২৬ চনৰ ২২ জানুৱাৰী বুলি উল্লেখ কৰা হৈছে।
ইয়াৰ লগতে অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, আমি ভাৰতৰ বাবে যুঁজিম, আকৌ এবাৰ। ২০২৬ চনৰ ২২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে বৰ্ডাৰ ২।
উল্লেখযোগ্য যে ‘বৰ্ডাৰ ২’ ছবিখনৰ পৰিচালক অনুৰাগ সিং আৰু এই ছবিখন গুলচন কুমাৰ আৰু টি ছিৰিজৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।
১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ আধাৰত নিৰ্মিত জে পি দত্তৰ ১৯৯৭ চনৰ ব্লকবাষ্টাৰ ছবি ‘বৰ্ডাৰ’ৰ ছিকুৱেল ‘বৰ্ডাৰ ২’।
‘বৰ্ডাৰ ২’ত অভিনয় কৰিছে ছানী দেওল, দিলজিৎ দোসাঞ্জ, বৰুণ ধাৱন আৰু আহন শেট্টীয়ে। এই ছবিখনক লৈ এক উত্তেজনাৰ সৃষ্টি হৈছে।
লগতে পঢ়ক: বিপদত শিল্পা শ্বেট্টী-ৰাজ কুন্দ্ৰা; ৬০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ