পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ! মুখ্য ন্যায়াধীশৰ মন্তব্যই কৰিছে আশাৰ সঞ্চাৰ

পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী এন চি আৰৰ পৰা পদপথৰ সমূহ কুকুৰ আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল । এই কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ৮ সপ্তাহৰ সময়সীমা দিছিল আদালতে । ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত বহু লোকে প্ৰতিবাদত কৰাৰ বিপৰীতে

পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী এন চি আৰৰ পৰা পদপথৰ সমূহ কুকুৰ আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল । এই কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ৮ সপ্তাহৰ সময়সীমা দিছিল আদালতে । ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত বহু লোকে প্ৰতিবাদত কৰাৰ বিপৰীতে বহু লোকে এই নিৰ্দেশক সমৰ্থন কৰিছে । ইয়াৰ পিছতেই এতিয়া মুখ্য ন্যায়াধীশে এই বিষয়টো পুনৰীক্ষণ কৰিবলৈ কৈছে ।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে বিতৰ্কৰ সৃষ্টি কৰিছে । একাংশই ইয়াক শুদ্ধ বুলি কোৱাৰ বিপৰীতে আন কোনোবাই ভুল আখ্যা দিছে । উচ্চতম ন্যায়ালয়ে পশু জন্ম নিয়ন্ত্ৰণ বিধি (ABC Rules)কো সমালোচনা কৰি কয় যে সমাজে নিৰাপদ অনুভৱ কৰাৰ অধিকাৰ আছে ।

ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বহু অভিনেতা-অভিনেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ লগতে এই আদেশ বাতিল কৰিবলৈ দাবী জনাইছে । ইয়াৰ পিছতে এতিয়া এই বিষয়ত মুখ্য ন্যায়াধীশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্য ন্যাধীশে বিষয়টো নিৰীক্ষণ কৰাৰ কথা উল্লেখ কৰে । চি জে আইৰ এই বক্তব্যৰ পিছত সকলো পশুপ্ৰেমীৰ মাজত আশাৰ সঞ্চাৰ হৈছে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আন এখন বিচাৰপীঠে ইতিমধ্যে পদপথৰ কুকুৰ সন্দৰ্ভত এক নিৰ্দেশ গৃহীত কৰিছে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে সোমবাৰে কয় যে কুকুৰে কামোৰা কাণ্ডই অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো পদপথৰ কুকুৰক অতি সোনকালে স্থায়ীভাৱে স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছিল ।

কি আছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ?

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী-এন চি আৰত থকা পদপথৰ কুকুৰসমূহক আঠ সপ্তাহৰ ভিতৰত আশ্ৰয় গৃহলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ লগতে আদালতে স্পষ্টকৈ কৈছিল যে যদি কোনোবাই এই নিৰ্দেশৰ বিৰোধিতা কৰে তেন্তে তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই সমগ্ৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ২ মাহৰ সময় দিয়া হৈছিল । ইয়াৰ উপৰিও এতিয়ালৈকে কিমান কুকুৰক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে তাৰ ৰেকৰ্ড ৰখাৰ নিৰ্দেশ দিছে আদালতে ।

লগতে পঢ়ক : মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে… পদপথৰ কুকুৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত অসন্তুষ্ট জাহ্নৱী-বৰুণ

শেহতীয়া প্ৰৱন্ধসমূহ