চাকৰি আৰু পঢ়াৰ মাজত বজাই ৰাখক ভাৰসাম্য
বহুতে পঢ়ি থকাৰ সমান্তৰালকৈ অংশকালীন কাম বা চাকৰি কৰে আৰু বহুতে পঢ়ি থকাৰ সময়তে পূৰ্ণকালীনভাৱে কোনো কাম কৰি থাকে । এনে পৰিস্থিতিত পঢ়া-শুনা আৰু চাকৰিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত দুয়োটা প্ৰকাৰৰ লোকেই অসুবিধাৰ সন্মুখীন হয় । বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় তেওঁলোক । যাৰ বাবে এজন ব্যক্তিৰ চাকৰিৰ লগতে পঢ়া-শুনাও প্ৰভাৱিত হয় । যদি আপুনিও এই পৰিস্থিতিৰ বলি হয়, তেন্তে পঢ়া-শুনা আৰু কামৰ মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি তাৰ কিছু টিপছ জানি লওক ।
সাপ্তাহিক পৰিকল্পনা বনাওক-
কাম আৰু পঢ়াৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ সাপ্তাহিক পৰিকল্পনা বনাওক আৰু তাৰ ওপৰত ভিত্তি কৰি পঢ়াৰ লগত আপোনাৰ কামৰ ভাৰসাম্য ৰক্ষা কৰক ।
আপোনাৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰক-
চাকৰি আৰু পঢ়াৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰথমে কি কৰিব লাগিব আৰু পিছত কি কৰিব পাৰি সেই বিষয়ে অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰক । ইয়াৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পন্ন হোৱাটো নিশ্চিত হ’ব ।
লক্ষ্য নিৰ্ধাৰণ কৰক-
চাকৰি আৰু পঢ়াৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয় । গতিকে প্ৰথমে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই অনুসৰি কাম কৰক ।
সৰু সৰু বিৰতি লওক-
মনটোক সতেজ আৰু মনোনিৱেশ কৰি ৰাখিবলৈ নিজৰ বাবে সময় উলিওৱাটো অতি প্ৰয়োজনীয় । গতিকে কাম আৰু পঢ়াৰ মাজত নিজৰ বাবে সৰু সৰু বিৰতি লওক ।
স্বাস্থ্য আৰু টোপনিৰ যত্ন লওক-
যিকোনো কামত ভাল প্ৰদৰ্শন কৰিবলৈ হ’লে এজন ব্যক্তিৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হোৱাটো অতি প্ৰয়োজনীয় । সেয়ে পুষ্টিকৰ খাদ্য খোৱা, পৰ্যাপ্ত টোপনি লোৱা আৰু লগতে দৈনিক শাৰীৰিক ব্যায়াম কৰাটো প্ৰয়োজনীয় হৈ পৰে । সুস্থ জীৱনশৈলীয়ে কাম তথা চাকৰি আৰু পঢ়াৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব ।
লগতে পঢ়ক : কেনেকৈ হ’ব ডাটা বিজ্ঞানী ? দ্বাদশৰ পিছত অধ্যয়নটো কৰিব লাগিব এই পাঠ্যক্ৰম