এছিয়া কাপ

এছিয়া কাপ ২০২৫ৰ বাবে হওক সাজু;  সূচী সন্দৰ্ভত ডাঙৰ ঘোষণা

এছিয়া কাপ ২০২৫ৰ বাবে হওক সাজু দীৰ্ঘদিন ধৰি বিতৰ্ক, ৰাজনৈতিক উত্তেজনা আৰু অনিশ্চয়তাৰ মাজত সোমাই থকা এছিয়া কাপক লৈ ডাঙৰ খবৰ ওলাইছে। শীঘ্ৰে ঘোষণা হ’ব পাৰে এছিয়া কাপৰ সূচী। এই খবৰ ভাৰত আৰু পাকিস্তান উভয়ৰে ক্ৰিকেট অনুৰাগীৰ বাবে সকাহ দিবলৈ গৈ আছে।তথ্য অনুসৰি অহা ২৪ৰ

এছিয়া কাপ ২০২৫ৰ বাবে হওক সাজু

দীৰ্ঘদিন ধৰি বিতৰ্ক, ৰাজনৈতিক উত্তেজনা আৰু অনিশ্চয়তাৰ মাজত সোমাই থকা এছিয়া কাপক লৈ ডাঙৰ খবৰ ওলাইছে। শীঘ্ৰে ঘোষণা হ’ব পাৰে এছিয়া কাপৰ সূচী।

এই খবৰ ভাৰত আৰু পাকিস্তান উভয়ৰে ক্ৰিকেট অনুৰাগীৰ বাবে সকাহ দিবলৈ গৈ আছে।তথ্য অনুসৰি অহা ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত এছিয়া কাপ ২০২৫ৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰিব পাৰে।

অৰ্থাৎ আজি বা কাইলৈ (২৬ জুলাই বা ২৭ জুলাই) এছিয়া কাপ কেতিয়াৰ পৰা কেতিয়ালৈ অনুষ্ঠিত হ’ব সেয়া জানিব পৰা যাব।

সূচী সন্দৰ্ভত এক খবৰ ওলাইছে যে, এতিয়া যেন পৰিস্থিতি উন্নত হৈছে আৰু সূচী ঘোষণা কৰাটো কেৱল আনুষ্ঠানিকতাত পৰিণত হৈছে।

শেহতীয়াকৈ ঢাকাত অনুষ্ঠিত এছিয়ান ক্ৰিকেট কাউন্সিল অৰ্থাৎ ACC ৰ বৈঠকৰ পিছত এই গুৰুত্বপূৰ্ণ তথ্যটো পোহৰলৈ আহিছে।

ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ মাজত চলি থকা কূটনৈতিক উত্তেজনাৰ বাবে এই বৈঠকতো বিতৰ্কৰ সৃষ্টি হৈছিল।অৱশ্যে এতিয়া বিষয়টো যেন সমাধান হৈছে।

এই সূচী দুটা পৰ্যায়ত প্ৰকাশ কৰা হ’ব।শনিবাৰে অৰ্থাৎ ২৬ জুলাই তাৰিখে আংশিক ঘোষণা কৰিব পাৰে, আনহাতে বাকী সূচী ২৮ জুলাইৰ ভিতৰত প্ৰকাশ পাব।

অহা ১০ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, কিন্তু এই তাৰিখসমূহত সৰু সৰু পৰিৱৰ্তন সম্ভৱ।

এই প্ৰতিযোগিতাৰ মেচসমূহ UAEৰ ডুবাই আৰু আবুধাবিত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।বতৰ, সা-সুবিধা আৰু ব্যৱসায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি এই চহৰসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে।

লগতে পঢ়ক: বেন ষ্ট’কসৰ দুৰ্দান্ত প্ৰদৰ্শন; ৮৯ বছৰৰ পিছত ৰচিলে ইতিহাস