সময়সীমালৈকে কাম পিছুৱাই থোৱাৰ অভ্যাস আছে নেকি ?
পিছলৈ অথবা সময়সীমালৈ সকলো কাম পিছুৱাই থকাৰ অভ্যাস আপোনাৰো আছে নেকি ? আপুনিও সময়সীমাৰ দিনটোত কাম শেষ কৰিবলৈ চেষ্টা কৰে নেকি ? যদি হয়, তেন্তে আপুনি অকলশৰীয়া নহয় । কাম পিছুৱাই দিয়াৰ এই অভ্যাসটোক Procrastination বোলা হয় । এই অভ্যাসে আপোনাৰ উৎপাদনশীলতাত প্ৰভাৱ পেলোৱাই নহয়, মানসিক চাপ, অপৰাধবোধ আৰু সময়ৰ অপচয়ৰ সৃষ্টি কৰে । কিন্তু অলপ কষ্ট আৰু ভাল অভ্যাস কৰিলে এই বেয়া অভ্যাসক জয় কৰিব পাৰিব ।
কামক সৰু সৰু অংশত ভাগ কৰক-
কাম যিমানেই ডাঙৰ আৰু কঠিন হয় সিমানেই আমি কাম পিছুৱাই থোৱাৰ মন বাঢ়ি যায় । এনে পৰিস্থিতিত আপোনাৰ কামক সৰু সৰু অংশত ভাগ কৰক । প্ৰতিটো অংশৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক আৰু সেই সময়লৈকে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক । ইয়াৰ পিছত মাত্ৰ কাম আৰম্ভ কৰিব লাগিব । কাম আৰম্ভ হ’লেই নিজাববীয়াকৈ সম্পূৰ্ণ হ’ব ।
ডিজিটেল প্লেটফৰ্মৰ পৰা দূৰত্ব বজাই ৰাখক-
আমাৰ মোবাইলটোও কাম পিছুৱাই থোৱা বা বিলম্বৰ এটা ডাঙৰ কাৰণ । যিকোনো কাম কৰি থাকোঁতে আমাৰ ফোন, ছ’চিয়েল মিডিয়া আৰু নটিফিকেচনৰ বাবে মনোযোগ ব্যাহত হয় । এনে পৰিস্থিতিত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে ফোনটো চাইলেণ্ট মোডত ৰাখক । এইদৰে আপুনি যিকোনো কাম অধিক মনোযোগেৰে কৰিব পাৰিব আৰু যেতিয়া মনোযোগ এটা ঠাইত থাকিব তেতিয়া কামটোও ভালকৈ কৰা হ’ব ।
কৰিবলগীয়া কামৰ তালিকা-
প্ৰতিদিনে কৰিবলগীয়া কামবোৰৰ তালিকা এখন বনাওক । ইয়াৰ পিছত অগ্ৰাধিকাৰ অনুসৰি নিজৰ কামবোৰ ভাগ কৰক । ইয়াৰ দ্বাৰা গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে কৰিবলৈ সহায়ক হ’ব । লগতে এখন ৰুটিন মানি চলিলে সকলো কাম সময়মতে কৰিব পাৰিব । টু-ডু লিষ্ট বনোৱাটো এটা ভাল অভ্যাস, ই কেৱল আপোনাৰ কাম সময়মতে সম্পন্ন কৰাই নহয়, আপোনাৰ উৎপাদনশীলতাও বৃদ্ধি কৰে ।
পাৰফেক্টশ্যনৰ পিছত দৌৰিব নালাগে-
বহু সময়ত মানুহে নিজৰ কামটো নিখুঁত কৰাৰ প্ৰয়াসত পলম কৰি থাকে । কেতিয়াবা তেওঁলোকে কামটো নিখুঁতভাৱে কৰিবলৈ সক্ষম নহয় বুলি ভাবিবলৈও আৰম্ভ কৰে । এনে পৰিস্থিতিত কোনো কামকে নিখুঁত কৰিবলৈ চেষ্টা নকৰিব । মাত্ৰ কাম আৰম্ভ কৰক । কামটো কৰাৰ পিছতহে গম পাব যে আপুনি ইয়াক নিখুঁত কৰিব পাৰে নে নোৱাৰে ?
লগতে পঢ়ক : ৪০ ৰ পিছত মহিলাসকলে অন্তৰ্ভুক্ত কৰিব লাগে এইসমূহ খাদ্য; দীৰ্ঘদিন ধৰি থাকিব ফিট