গুগলত এই শব্দ সন্ধান কৰিলে …
শেহতীয়াকৈ ৰাছিয়াই এক কঠোৰ নতুন আইন গৃহীত কৰিছে, যাৰ অধীনত গুগলত কিছুমান শব্দ বা বিষয় সন্ধান কৰিলেও জৰিমনা বিহা হ’ব।
ৰাছিয়াৰ সাংসদসকলে এনে নিয়মত অনুমোদন জনাইছে, য’ত গুগলত তথাকথিত “সন্ত্ৰীসবাদী”ৰ লগত জড়িত যিকোনো তথ্য বিচাৰিলে মানুহে প্ৰায় ৬৫ ডলাৰ জৰিমনা ভৰিব লাগিব, লাগিলে সেইটো শ্বেয়াৰ বা পোষ্ট নকৰক।
ৰাছিয়াত “উগ্ৰপন্থী”ৰ অৰ্থ কি?
ইয়াৰ ভিতৰত বহুতো বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, এলজিবিটি আন্দোলন লগতে আল কায়দা, আৰু নাজী ধাৰণাক প্ৰচাৰ কৰা যিকোনো বস্তুক “উগ্ৰপন্থী” বুলি কোৱা হয়।
চৰকাৰৰ হাতত ৫৫০০ৰো অধিক নিষিদ্ধ বিষয় আৰু গোটৰ তালিকা আছে, আৰু নতুন বিষয় দ্ৰুতগতিত সংযোজন কৰা হৈছে।
এই আইনৰ পূৰ্বে, ৰাছিয়াত লোকসকলক কেৱল তেতিয়াহে শাস্তি দিব পাৰে যেতিয়া তেওঁলোকে সেইবোৰ পোষ্ট বা শ্বেয়াৰ কৰে। কিন্তু এতিয়া ভিপিএন ব্যৱহাৰ কৰি ব্যক্তিগতভাৱে সন্ধান কৰিলেও জৰিমনা ভৰিব পাৰি।
আৰু ইয়াতেই ক্ষান্ত নাথাকে। ভিপিএনৰ দৰে সঁজুলিৰ প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যদি কোনোবাই ভিপিএন ব্যৱহাৰৰ প্ৰচাৰ কৰে, তেন্তে ব্যক্তিৰ বাবে ২৫০০ ডলাৰ পৰ্যন্ত আৰু কোম্পানীসমূহৰ বাবে প্ৰায় ১৩,০০০ ডলাৰ জৰিমনা বিহা হ’ব পাৰে।
লগতে পঢ়ক: Youtube ৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰে পৰা আৰু ব্যৱহাৰ কৰিব নোৱাৰিব এইটো ফিচাৰ